Saturday, April 20, 2024
HomeNEWSদক্ষিণ কামৰূপৰ যাত্ৰা দল শ্ৰীশ্ৰীবুঢ়াগোসাঁই নাট্য পৰিষদৰ নাট শুভাৰম্ভ

দক্ষিণ কামৰূপৰ যাত্ৰা দল শ্ৰীশ্ৰীবুঢ়াগোসাঁই নাট্য পৰিষদৰ নাট শুভাৰম্ভ

প্ৰকাশিত তাৰিখঃ ২৯ জুলাই, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপ যাত্ৰা জগতৰ বাবেই জনাজাত। পলাশবাৰীৰ ওচৰৰ পাৰ্ল্লীত ১৯৩৫ চনত যাত্ৰা দল শ্ৰীশ্ৰীবুঢ়াগোসাঁই নাট্য পৰিষদে জন্ম লাভ কৰিছিল। এই বৰ্ষত নাট্য দলটিয়ে খৰ্গেশ্বৰ দাসৰ প্ৰযোজনাত নাট মঞ্চস্থৰ বাবে সাজি–কাচি ওলাইছে। এই উপলক্ষে আজি পাৰ্ল্লী গাঁৱৰ শ্ৰীশ্ৰীবুঢ়াগোসাঁই প্ৰাংগনত যাত্ৰা দলটিৰ নাট্য বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ নাট শুভাৰম্ভ অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেন দাসে।

উল্লেখযোগ্য যে, বিশিষ্ট্য নাট্যকাৰ, পৰিচালক অমূল্য কুমাৰে নাট পৰিচালনা কৰিবলগীয়া এই বৰ্ষত যাত্ৰা দলটিত থাকিব দুখনকৈ সামাজিক নাট। কাঞ্চন বৰুৱাৰ মূল উপন্যাস ‘অসীমত যাৰ হেৰাল সীমা’ৰ আধাৰত একে নামত নাট্যৰূপ দিয়া দিলীপ দাসৰ নাটখন ড অৱনী কুমাৰ দাসে আৰু আনখন নাট হিমুৰাজৰ ৰচনাৰে ‘বলিশালত তেজৰ চেকুঁৰা’ উন্মোচন কৰে ড নৰেন পাটগিৰিয়ে। দীপক শৰ্মাই আতধৰা অনুষ্ঠানটোত হেমন্ত কুমাৰ ভড়ালী, সুৰেশ কলিতা, অমৰেন্দ্ৰ নাথ বৰুৱা, ভৱানী কলিতা, খগেন ৰয়, ইৰাৱতী দাস গোপাল কলিতা, বিউটী দাসকে আদি কৰি বিভিন্ন লোক উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward