Sunday, February 25, 2024
HomeUncategorizedনতুন শিক্ষাৰে গঢ়া দক্ষ কাৰিকৰ

নতুন শিক্ষাৰে গঢ়া দক্ষ কাৰিকৰ

প্ৰকাশিত তাৰিখঃ ১১ চেপ্টেম্বৰ, ২০২৩

কল্প ৰঞ্জন গগৈ –

সমাজবাদী সকলৰ মতে সাম্ৰাজ্যবাদেই হৈছে পূঁজিবাদৰ বিকাশৰ সৰ্ব্বোচ্চ স্তৰ (Imperialism is the Highest Stage of Capitalism)। ৰুছ বিপ্লৱৰ প্ৰধান কাৰিকৰ ভ্লাদিমিৰ লেনিনে ইয়াক সূত্ৰায়িত কৰিছিল। তত্বগত বিচক্ষণতাৰে দেখুৱাইছিল যে পূঁজিবাদী ব্যৱস্থাটোৱে ইয়াৰ ব্যৱস্থাগত প্ৰতিদ্বন্দিতামূলক প্ৰক্ৰিয়াৰে লাভ কৰা বিকাশৰ সৰ্ব্বোচ্চ স্তৰ হৈছে সাম্ৰাজ্যবাদ। অতি উৎপাদনৰ (Over Production) অনিবাৰ্য পৰিণতি স্বৰূপে পূঁজিবাদে নিজৰ স্বাৰ্থত বিশ্বৰ বজাৰ দখলৰ চেষ্টা কৰিবলগীয়া হয়। দখলৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামৰিক– এই তিনিও দিশতে ব্যৱস্থা নোলোৱাকৈ আগবঢ়া অসম্ভৱ। ১৯১৪ চনৰ পৰা আৰম্ভ হোৱা ১ম বিশ্বযুদ্ধ ইয়াৰ প্ৰমাণ। কুৰি শতিকাতে বিশ্ব পূঁজিবাদে প্ৰৱেশ কৰিছিল সাম্ৰাজ্যবাদী স্তৰত। ইফালে ৰুছ বিপ্লৱী যুদ্ধই ১৯১৭ চনত জন্ম দিলে এক নতুন ব্যৱস্থাৰ দেশ। ১৯২৪ চনত গঠন হ’ল ছোভিয়েট সংঘ (Soviet Union)। (নতুন শিক্ষাৰে গঢ়া দক্ষ কাৰিকৰ)

১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰিল যদিও যুদ্ধৰ বীজ থাকি গ’ল। পুনৰ ২য় বিশ্ববিশ্ব যুদ্ধ আৰম্ভ হ’ল। ১৯৩৯–১৯৪৫। বিশ্ব শান্তি ৰক্ষাৰ প্ৰয়োজনত আৰু বিশ্বৰ অৰ্থনীতি আৰু ৰাজনীতি নিয়ন্ত্ৰণৰ প্ৰয়োজনত ৰাষ্ট্ৰসংঘ (United Nation) আৰু ইয়াৰ ভাতৃ সংগঠনবোৰৰ জন্ম হ’ল।

বিশ্ব চৰকাৰৰ সপোন দেখিছিল মণিষী বাট্ৰাণ্ড ৰাছেলে। বিশ্বত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে মানুহ আগবাঢ়িব। তেওঁতকৈ এক শতিকাৰ আগেয়ে কাৰ্লমাৰ্ক্সে অধিক আশাবাদী হৈ ভাবিছিল যে বিশ্বত মানুহক সুখে শান্তিৰে তথা সুষমভাৱে শোষণহীন অৱস্থাত ৰাখিবৰ বাবে এক বিশ্ব বিপ্লৱ হ’ব। শ্ল’গান আছিল– বিশ্বৰ শ্ৰমিক এক হওক। এই অত্যন্ত আশাবাদী শ্ল’গানৰ অন্তৰ্নিহিত বাণীক বাস্তৱায়িত কৰিবলৈ বিশ্ব বিপ্লৱ নহ’ল। ১৯১৭ চনত ৰুছ বিপ্লৱ হ’ল– জাৰৰ পতন ঘটাই এক দ্ৰুত গতিৰে উন্নতিশীল ছোভিয়েট ব্যৱস্থা গঢ় ল’লে। কিন্তু সাতটা দশকৰ পিছত তাৰো পতন ঘটিল।

১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতা অৰ্জন আৰু ১৯৪৯ চনৰ নতুন সমাজবাদী চীন। দুয়োটা সাম্ৰাজ্যবাদী যুগৰ ঘটনা। ভাৰতবৰ্ষৰ জাতীয় মুক্তি যুদ্ধৰ মোহনদাস কৰমচাঁদ গান্ধীৰ নেতৃত্বত কৰ্মী বাহিনী। মহাচীনৰ কাৰিকৰ মাঁও–চে–তুংৰ নেতৃত্বত লং মাৰ্চ কৰা বাহিনী। বিপ্লৱৰ স্বাৰ্থত সামৰিক আৰু সাংস্কৃতিক বাহিনীৰ সহযোগত নতুন চীন।

আজি একৈশ শতিকাৰ তৃতীয় দশকৰ পৃথিৱী। মহাচীনৰ সমাজতান্ত্ৰিক(?) পৰীক্ষাৰ ফলত দেশখনে অভূতপূৰ্ব উন্নতি কৰিছে। চহকী দেশ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগে লগে গৈছে। নিজে আমদানী কৰাতকৈ ৰপ্তানি কৰে বেছিকৈ। মাতৃভূমি ভাৰতবৰ্ষৰ লগত বিজ্ঞান আৰু প্ৰযুক্তিগত দূৰত্ব বিশাল। তাৰ জনসংখ্যাৰ কৰ্মদক্ষতা আৰু উৎপাদনশীলতাৰ লগত আমাৰ জনতাৰ বিশাল তফাৎ। অথচ আমাৰ জনসংখ্যাই চীনক চেৰাই গৈছে। এই জনসংখ্যা উগ্ৰ ধৰ্মীয় জাতীয়তাবাদী আৰু তীব্ৰ বিজ্ঞান বিৰোধী মানসিকতাৰ। বৰ্ণ আৰু সাম্প্ৰদায়িকতাবাদ ইয়াৰ মূল ভেটি। পূৰণি যুগৰ আদিম চিন্তাৰ লগত ব্ৰিটিছ সাম্ৰাজ্যবাদে এৰি থৈ যোৱা চৰিত্ৰই ইয়াৰ মূলধন। অথচ প্ৰচুৰ সম্পদেৰে ভৰপূৰ দেশখনত অৰ্থনৈতিক অনগ্ৰসৰতাই এক বিশাল নিবনুৱাৰ বাহিনীৰ সৃষ্টি কৰিছে। যেনি–তেনি সমাজৰ গতিয়ে সৃষ্টি কৰা বিশাল আৱৰ্জনাৰ স্তূপ– হত্যা, আত্মাহত্যাৰ ৰূপত– নাৰী শোষণৰ ৰূপত।

ভাৰতীয়ৰ জন্মগত বেমাৰ (Inherent sickness) ঐক্যৱদ্ধ হৈ কাম কৰাৰ প্ৰতি অনীহা। একে সময়তে দাসত্বৰ মানসিকতা (Slave Mentality)। আজিৰ দ্ৰুত গতিশীল পৃথিৱীত ইয়েই প্ৰধান বাধা।

চহকী দেশ মাৰ্কিন যুক্তৰাষ্ট্ৰত নিজা সামাজিক সংঘাতৰ ফলত নানা অযুক্তিকৰ দৰ্শনে মূৰ দাঙি উঠিছে।

আনফালে পতনশীল পূঁজিবাদৰ নিজাকৈ কোনো দৰ্শন নাই। সেয়ে সমগ্ৰ বিশ্ব আজি এক দৰ্শনহীন অৱস্থালৈ গতি কৰিছে। এই অপসংস্কৃতিৰ পৰা বিশ্বক ৰক্ষা কৰিবলৈ আমাৰ কৰনীয় আছে। একে সময়তে আমাৰ এক বিশাল জনব’ল আছে। যাক প্ৰকৃত চৰিত্ৰ গঢ়া, মানুহ গঢ়া, ৰাষ্ট্ৰ গঢ়া (Man Making, Character Building, Nation Building) শিক্ষাৰে শিক্ষিত কৰি এই মহানিৰ্মাণৰ কামত ব্যৱহাৰ কৰিব লাগিব। সাম্ৰাজ্যবাদী যুগৰ আৱৰ্জনাৰ পৰা মুক্ত হ’বলৈ– সমানুভূতিৰ দৰ্শনেৰে। ভাৰতবৰ্ষৰ বিশাল জনব’ল যি আজি চীনক চেৰাই গৈছে। তাৰ কৰ্ম দক্ষতা বৃদ্ধি কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিগতভাৱে শক্তিশালী প্ৰাকৃতিক বিজ্ঞানৰ লগে লগে ব্যক্তিক সংবেদনশীল কৰি তুলিবলৈ সমাজ বিজ্ঞানৰ (Social Science)শিক্ষা আৰু শিক্ষক লাগিব। যি প্ৰকৃত মাতৃৰ দৰে আমাক আগবঢ়াই নিব (Torchbearer as real Mother। এই সকলো আঁচনি সফল হ’ব দেশখনৰ নিম্ন বিত্তীয় বাস্তৱ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৰূপায়ন কৰিলেহে। দক্ষ ব্যক্তিৰ প্ৰয়োজন তাতেই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward