Friday, March 29, 2024
HomeARTICLEদীপৰ বিলৰ জৈৱ–বৈচিত্ৰ্য ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে নেকি ৰে’ল বিভাগ!

দীপৰ বিলৰ জৈৱ–বৈচিত্ৰ্য ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে নেকি ৰে’ল বিভাগ!

প্ৰকাশিত তাৰিখঃ ৩০ এপ্ৰিল, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দীপৰ বিলৰ জৈৱ–বৈচিত্ৰ্য ধ্বংসৰ বাবে আগ্ৰহী নেকি ভাৰতীয় ৰে’ল বিভাগ? আগ্ৰহী বুলি কোৱাৰ কাৰণ হ’ল বিভাগটোৰ গা–এৰা মনোভাৱৰ কাৰণে দীপৰ বিলে বহু হেৰুওৱাব লগা হৈছে। বিগত কালছোৱাত কামাখ্যা–আজাৰা ৰে’লপথত বিগত সময়ছোৱাত ১৫ টাকৈ বনৰীয়া হাতী আৰু অসংখ্য জীৱ–জন্তুৰ মৃত্যূ হৈছে। ৰে’ল বিভাগৰ এনেবোৰ কৰ্ম–কাণ্ডৰ বিৰুদ্ধে দীপৰ বিলৰ দাঁতিকাষৰীয়া ৰাইজে সদায় প্ৰতিবাদ কৰি আহিছে। বিপৰীতে চৰকাৰখনে নিৰৱ দৰ্শক হৈ দীপৰ বিল ধ্বংসৰ ৰং চাই আছে। অকল ৰে’ল বিভাগেই নহয় অসম চৰকাৰেও ঐতিহাসিক বিলখনক মাহী আইৰ দৃষ্টিৰে চাই আহিছে। কিয়নো– দীপৰ বিলৰ সমীপত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি দৈনিক শ শ টন জাৱৰ পেলাই এক বিষাক্ত পৰিবেশৰ সৃষ্টি কৰিছে। মৰা–ভৰলুই বিলখনলৈ অহৰহ দুষিত পানী যোগান ধৰি আহিছে।

বৰ্তমান কামাখ্যা–যোগীঘোপা ৰে’ল লাইনত বৈদ্যুতিকৰণৰ প্ৰক্ৰিয়া চলি আছে। সমান্তৰালভাৱে কামাখ্যা–আজাৰা পথছোৱাত দ্বৈত কৰণৰ প্ৰক্ৰিয়াও চলি আছে। কিন্তু দীপৰ বিলৰ জৈৱ–বৈচিত্ৰ্য সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেয়ে উপযুক্ত ব্যৱস্থা নোহোৱালৈকে দ্বৈত ৰে’লপথৰ কামকাজ মহামান্য ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীকৰণৰ বাধা সত্বেও ৰে’ল বিভাগে কামাখ্যা–আজাৰা পথছোৱাত বৈদ্যুতিকৰণৰ প্ৰক্ৰিয়া চলায়েই আছে। শেহতীয়াভাৱে ২৯ এপ্ৰিলত চকৰ্দোৰ ৰে’লৱে ক্ৰ’চিঙৰ কাষত তেনে এটি ঘটনা গ’ল। ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ ৰে’ল বিভাগৰ এনে মইমতালিপূৰ্ণ কামকাজত বাধা প্ৰদান কৰে। বন বিভাগৰ এই বাধা প্ৰদানত ক্ষুণ্ণ হৈ পৰে ৰে’ল বিভাগৰ বিষয়া–কৰ্মীৰ দলটোৱে, যাৰ ফলত দুয়োপক্ষৰ মাজত তৰ্ক–বিতৰ্কৰ সূত্ৰপাত ঘটে। যদিও– শেষত বন বিভাগৰ দলটোৰ সন্মুখতে কাম বন্ধ ৰাখিবলৈ বাধ্য হৈ পৰে ৰে’ল বিভাগে। চকৰ্দোস্থিত বন্যপ্ৰাণী সংৰক্ষণ কাৰ্যালয়ৰ বিষয়া–কৰ্মীসকলে ব্যক্ত কৰামতে– ‘আমাৰ আগত ৰে’ল বিভাগে কাম বন্ধ ৰখা বুলি ঘোষণা কৰা বুলি ক’লেও কেইদিনমান পিছত পুনৰ একেখিনি কামকে কৰিবলৈ আহে। এনে ঘটনা বহুকেইটা ঘটি গৈছে’। কৰ্তৃপক্ষৰ কোনো নিৰ্দেশনা লাভ নকৰাকৈয়ে নিজৰ মইমতালিৰে কামকাজবোৰৰ নিৰ্মাণ কাৰ্য চলাই থাকে।

উল্লেখযোগ্য যে, ভাৰতীয় বন্যপ্ৰাণী সংস্থাৰ বিশেষজ্ঞসকলে ‘Deepor Beel Railway Track Mitigation Plan, December 2021’ অনুসৰি উপযুক্ত ব্যৱস্থা নোহোৱালৈকে বৈদ্যুতিকৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল, কিয়নো ই বনৰীয়া হাতীক ভয়ানকভাৱে ক্ষতি কৰিব। তদুপৰি ‘Study to assess the Impact of powerlines on Avian species in and around Deepor Beel Ramsar Site, Assam (TR No 2021/12) শীৰ্ষক অধ্যয়নলানীতো উচ্চ ক্ষমতাযুক্ত বিদ্যুৎ সংযোগ প্ৰাণীকুলৰ কাৰণে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। কেবাটাও হস্তী কৰিডৰ থকা তথা পৰিবেশ সংবেদনশীল এলেকা হোৱাৰ পিছতো দীপৰ বিলৰ দক্ষিণপাৰত ৰে’ল বিভাগে নিজৰ মইমতালিৰে নিৰ্মাণ কাৰ্য কৰিব বিচৰা কাৰ্য অতিকৈ ধিক্কাৰজনক। এনে কাৰ্যবোৰ বন্ধ নকৰিলে দীপৰ বিলৰ দাঁতিকাষৰীয়া ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে পৰিৱেশ কৰ্মী প্ৰমোদ কলিতাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward