Friday, April 26, 2024
HomePHOTOGRAPHYকুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বৃহৎ অভিযান

কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বৃহৎ অভিযান

প্ৰকাশিত তাৰিখঃ ২৮ এপ্ৰিল, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম কামৰূপ বন সংমণ্ডলৰ কুলশী বনাঞ্চলিক কাৰ্যালয়ে এক অভিযান চলাই যোৱা ২৬ এপ্ৰিলত বৃহৎ পৰিমাণৰ শাল, চেগুণ কাঠৰ লগতে এটি কাঠফলা যন্ত্ৰও জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, এটি বিশেষ খবৰৰ ভিত্তিত কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া দ্বীপন ডেকাই সহকৰ্মীৰ সৈতে ঘোঁৰামাৰা গাঁৱৰ সদানন্দ ৰাভাৰ ঘৰত এই কাঠ আৰু কাঠফলা যন্ত্ৰটো জব্দ কৰে। জব্দকৃত কাঠফলা যন্ত্ৰ আৰু ফলা কাঠ সমূহ কুলশীস্থিত বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে। ইপিনে, একেদিনাই সেই অঞ্চলটোতে কাঠ ভৰ্তি চাৰিখনকৈ চাইকেলো জব্দ কৰে। বাতৰি লিখা সময়লৈকে বনাঞ্চলিক কাৰ্যালয়ত ৰখা কাঠৰ সঠিক জোখমাখ কৰা নাই যদিও ইয়াৰ মূল্য প্ৰায় ৭লাখৰ অধিক হ’ব বুলি বন বিভাগৰ সূত্ৰই ব্যক্ত কৰিছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward