Saturday, April 20, 2024
HomePHOTOGRAPHYবৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মুদুকী আঞ্চলিক জনজাতীয় হাইস্কুল 

বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মুদুকী আঞ্চলিক জনজাতীয় হাইস্কুল 

প্ৰকাশিত তাৰিখঃ ২৮ এপ্ৰিল, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান অসম–মেঘালয় সীমান্তত অৱস্থিত মুদুকী আঞ্চলিক জনজাতীয় হাইস্কুলে সোণালী জয়ন্তী বৰ্ষ গৰকিলে। যোৱা ২৫, ২৬ আৰু ২৭ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে সোণালী জয়ন্তী বৰ্ষ। উৎসৱৰ অন্তিম দিনটোৰ কাৰ্যসূচীমৰ্মে ৰাতিপুৱা মহিলাৰ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। পুৱাৰ ভাগত গুৰু–শিষ্যৰ সন্মিলন আৰু আবেলি মুকলি সভা অনুষ্ঠিত হয়। দেৱজিৎ নাফাই সভাপতিত্ব কৰা মুকলি সভাৰ আদৰণি ভাষণ প্ৰদান কৰে পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মোহন বসুমতাৰীয়ে। সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড ননী গোপাল মহন্তই। উক্ত সভাত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই নিৰ্দিষ্ট বক্তা আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই বিশেষ অতিথিৰূপে উপস্থিত থাকে। আনহাতে, সভাত নিমন্ত্ৰিত অতিথি হিচাপে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্যবাহী সদস্যা ৰশ্মিবালা ৰাভা, চানডুবি পৰিষদীয় সমষ্টিৰ সদস্য নৃপেন ৰাভা, কামৰূপ জিলা পৰিষদৰ সদস্যা স্বপ্নালী দাস, ৰাজাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী মালতী ৰাভা, দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ সভাপতি অমৃত দলৈ, সতপুৰ গাঁও পঞ্চায়তৰ সভাপতি নন্দেশ্বৰ ৰাভা, ৰাজাপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰাজেশ্বৰ ৰাভা, দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰত্না ৰাভা মেধীয়ে উপস্থিত থাকে।

সোণালী জয়ন্তী উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে বিশিষ্ট্য সমাজ কৰ্মী বলেশ্বৰ ৰংপিয়ে। উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৰাণী–ভোলাগাঁ পঞ্চায়ত সমবায় সমিতিৰ সভাপতি চিৰাজ আলীয়ে।       

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward