Friday, April 19, 2024
HomeARTICLEপাঁচ দিনীয়া কাৰ্যসূচীৰে ষষ্ঠ বাৰ্ষিক দৰাবিল মহোৎসৱ উদ্‌যাপন

পাঁচ দিনীয়া কাৰ্যসূচীৰে ষষ্ঠ বাৰ্ষিক দৰাবিল মহোৎসৱ উদ্‌যাপন

প্ৰকাশিত তাৰিখঃ ২৭ জানুৱাৰী, ২০২৩

চানডুবি নিউজৰ প্ৰতিবেদন –

দক্ষিণ কামৰূপৰ ৰামপুৰস্থিত দৰাবিলত ২৩ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে ‘দৰাবিল মহোৎসৱ’। বিগত ২০১৮ চনৰ পৰা দৰাবিলৰ বাকৰিত উদ্‌যাপন কৰি অহা মহোৎসৱে এইবাৰ ষষ্ঠ বৰ্ষত ভৰি দিছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা দৰাবিল মহোৎসৱৰ আজি অন্তিম তথা শেষ দিন। পাঁচদিনীয়াকৈ আয়োজন কৰা দৰাবিল মহোৎসৱৰ তিনিটা দিনতহে মূল কাৰ্যসূচী সমূহ পালন কৰা হয়। মহোৎসৱৰ কাৰ্যসূচী সমূহ অনুষ্টুপীয়া হ’লেও ইয়াৰ উদ্দেশ্য মহান। এইবৰ্ষৰ কাৰ্যসূচীত দৰাবিলত উপলব্ধ চৰাই–চিৰিকটি, মাছ–কাছ লগতে সৰীসৃপ সম্পৰ্কীয় প্ৰচাৰে দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। এই কাৰ্যৰ লগত জড়িত হৈ পৰিছে পৰিৱেশ কৰ্মী প্ৰসন্ন কলিতা, দিপাংকৰ ঠাকুৰীয়াৰ লগতে এচাম উৎসাহী যুৱক–যুৱতী।  

প্ৰকৃততে দৰাবিল হ’ল দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এক ঐতিহ্যবাহী আৰ্দ্ৰভূমি। প্ৰায় ১১৬ হেক্টৰ মাটিকালিৰে আৱৰা এই আৰ্দ্ৰভূমি অঞ্চল সাতশ বছৰ পুৰণি বুলি বিশেষজ্ঞ সকলে মতপোষন কৰিছে। অঞ্চলটোৰ বহুলোকৰ জীৱন–জীৱিকাৰ একমাত্ৰ ভাৰসাস্থল হ’ল এই আৰ্দ্ৰভূমি। বিলখনৰ কাষেৰে বৈ গৈছে কলহী নদী। কলহী নদী আৰু দৰাবিলৰ ওতঃপ্ৰত সম্পৰ্ক। এইখন কলহী নদীতে বিশ্ব বিখ্যাত ৰিভাৰ ডলফিন পোৱা যায়। কলহী নদীত যদি ৰিভাৰ ডলফিনৰ ধাৰাবাহিকতা ৰক্ষাৰ কথা চিন্তা কৰা যায় তেনেহ’লে দৰাবিলৰ পৰিবেশ সংৰক্ষণৰ প্ৰশ্নও আহিব। দৰাবিলৰ পৰিবেশ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এদিন ‘দৰাবিল মহোৎসৱ’ আয়োজনৰ চিন্তা কৰিছিল চুবুৰীয়া গাঁৱৰ বাবুল হাজৰিকা, উমেশ কলিতা, গিৰীন্দ্ৰ কলিতা, বিমল শৰ্মা প্ৰমুখ্যে বিভিন্ন ব্যক্তিয়ে। তাৰ ফলশ্ৰুতিত ২০১৮ চনত পোন প্ৰথমবাৰৰ বাবে উদ্‌যাপন কৰিছিল ‘দৰাবিল মহোৎসৱ’।

সম্প্ৰতি, জৈৱ–বৈচিত্ৰ্যৰ ভাৰসাম্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অতিকৈ প্ৰয়োজনীয় গছ–গছনি, খাল–বিল–জলাশয় আদিত চৰম ভাবুকিৰ সৃষ্টি হৈছে। আজি দেখা গৈছে– অসমৰ খাল, বিল, জলাশয়ৰ ভূমিত এচাম অশুভ লোকৰ হাতোৰা পৰাত ক্ৰমে তাৰ ভূমিভাগ বেদখল হ’বলৈ ধৰিছে। এইচাম অশুভলোকৰ কৃপাত খাল–বিল–জলাশয় বাম হ’ব ধৰিছে আৰু কৃষি উপযোগী ভূমিত প্ৰকাণ্ড প্ৰকাণ্ড খালৰ সৃষ্টি হৈছে। বনাঞ্চলৰ মূল্যৱান গছ–গছনি ইতিমধ্যে শেষ হৈ গৈছেই। দক্ষিণ কামৰূপৰ দৰাবিলৰ বিশাল পৰিমাণৰ ভূমি ভাগলৈকো এই ভাবুকি আহিছে। বিশাল পৰিমাণৰ মাটি–কালিয়ে আৱৰি থকা এই আৰ্দ্ৰভূমি কেনেকৈ নিজৰ কজ্বাত আনিব পাৰে অশুভ চক্ৰৰ মাজত তেনে যোগ–বিয়োগৰ কৌশল নিশ্চয় ৰচনা নোহোৱাকৈ থকা নাই। সেয়ে দৰাবিলৰ পৰিবেশ সংৰক্ষণৰ স্বাৰ্থত চুবুৰীয়া গাঁৱৰ এচাম লোক জড়িত হৈ পৰিছে। লগতে, এই মহান কাৰ্যসূচীত অঞ্চলবাসী ৰাইজকো জড়িত হোৱাৰ আহ্বান জনাইছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward