Thursday, March 28, 2024
Homeবাতৰিনক্তে জনজাতিৰ চাল’ ল’কু উৎসৱ

নক্তে জনজাতিৰ চাল’ ল’কু উৎসৱ

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

অৰুণাচল প্ৰদেশৰ নক্তে জনজাতিসকলৰ প্ৰধান উৎসৱ হ’ল চাল’ ল’কু। এই উৎসৱ মূলত কৃষিভিত্তিক। ইয়াৰ অৰ্থ হ’ল চা– মানে হৈছে খেতিপথাৰ, ল’– মানে ঋতু আৰু ল’কু– মানে উৎসৱ। নক্তে জনজাতিসকলৰ এই চাল’ ল’কু উৎসৱ ২৫ নবেম্বৰত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত অনুষ্ঠিত হৈ যায়।

বিভিন্ন ঠাইৰ পৰা দৰ্শক–পৰ্যটকৰ সমাগম ঘটা এই উৎসৱত টিৰাপ সমষ্টিৰ বিধায়ক লংডিং পুমাও, সংসদীয় সচিব থাঙৱাং ৱাংহামে অংশ গ্ৰহণ কৰি পৰম্পৰাগত উৎসৱ তথা সংস্কৃতিক সংৰক্ষণৰ দ্বাৰা চহকী কৰিবলৈ ৰাইজলৈ এই বিনম্ৰ আহ্বান জনায়।

উদ্‌যাপন কমিটিৰ সভাপতি চামলুক ৱাংপনে তাৎপৰ্য ব্যাখ্যা কৰা উৎসৱস্থলীত অঞ্চলটোৰ ভিন ভিন বিদ্যালয়–মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী তথা সাংস্কৃতিক দলসকলে অংশ গ্ৰহণ কৰি পৰম্পৰাগত গীত–নৃত্য পৰিবেশনেৰে মুখৰিত কৰি তোলে উৎসৱৰ বাকৰি।


শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward