Tuesday, March 19, 2024
Homeবাতৰিআৰছুৰ উদ্যোগত ৰাভা লোক–সংস্কৃতি বিষয়ক কৰ্মশালা

আৰছুৰ উদ্যোগত ৰাভা লোক–সংস্কৃতি বিষয়ক কৰ্মশালা

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

নিখিল ৰাভা ছাত্ৰ সন্থা (আৰছু)ৰ উদ্যোগত আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ কলাক্ষেত্ৰৰ শিল্পগ্ৰামত ২৯ আৰু ৩০ ছেপ্টেম্বৰ তাৰিখত দুদিনীয়া কাৰ্যসূচীৰে লোক–সংস্কৃতি বিষয়ক এক কৰ্মশালা অনুষ্ঠিত হয়। দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনটোত চাথাৰ আৰু দ্বিতীয় দিনটোত হামজাৰ নৃত্যৰ ওপৰত আলোচনা কৰা হয়। যৌৱনৰ অফুৰন্ত উছাহ–উদ্দীপনা, মৰম–ভালপোৱাৰ প্ৰকাশ ঘটে এই চাথাৰ নৃত্যত আৰু চহা জীৱনৰ প্ৰতিফলন ঘটে হামজাৰ নৃত্যত। হামজাৰ নৃত্য মূলত কৃষিভিত্তিক। কৰ্মশালত যোগদান কৰা সমল ব্যক্তিসকলে এই নৃত্য দুটিৰ ওপৰত পুংখানুপুংখভাৱে বক্তব্য আগবঢ়ায়।

কৰ্মশালা শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। শুভাৰম্ভণি অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৰাভাসকলৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ হকে এই কৰ্মশালা আয়োজনৰ মূল উদ্দেশ্য বুলি মত প্ৰকাশ কৰে। লগতে জনগোষ্ঠীটোৰ চহকী লোক–সংস্কৃতিৰ সৈতে অধিক মনোনিবেশ কৰিবলৈ প্ৰতিগৰাকী দায়িত্বশীল ব্যক্তি আৰু নৱ প্ৰজন্মৰ প্ৰতি এই আহ্বান জনায়। বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰবীণ চন্দ্ৰ দাসে। ড০ দাসে লোক–সংস্কৃতি তথা লোকাচাৰৰ তাৎপৰ্যৰ বিষয়ে এক মননশীল বক্তব্য প্ৰদান কৰে। আৰছুৰ সভাপতি ৰমেন সিং ৰাভাই আগধৰা অনুষ্ঠানটোত বিভিন্ন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ–ছাত্ৰীও যোগদান কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward