Friday, April 19, 2024
HomeARTICLEপ্ৰচুৰ সম্ভাৱনাপূৰ্ণ আনাৰস খেতিঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদেই প্ৰথম আৰম্ভণি কৰক

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ আনাৰস খেতিঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদেই প্ৰথম আৰম্ভণি কৰক

প্ৰকাশিত তাৰিখঃ ২৮ ছেপ্টেম্বৰ, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

ক’ৰ’ণাকালত সৃষ্টি হোৱা কঁঠালৰ জোৱাৰ মাৰ নাযাওঁতেই আনাৰসৰ জোৱাৰেও উক্‌ দিছিল। এই সংবাদে আমাৰ ৰাজ্যখনৰ প্ৰচাৰ মাধ্যমসমূহত কিছু চৰ্চ্ছা লাভ কৰিছিল যে– কঁঠালতকৈও আনাৰসৰ হেনো ঔষধি গুণ বেছি। কিন্তু কঁঠালৰ জোৱাৰে যিদৰে প্ৰচাৰ লাভ কৰিলে সেইদৰে আনাৰসৰ জোৱাৰে নোৱাৰিলে। যা হওঁক– কঁঠালৰ নে আনাৰসৰ ঔষধি গুণ বেছি সেয়া বেলেগ কথা। আনাৰস কিন্তু অসমীয়া জাতিৰ প্ৰিয় ফল। অসমীয়া ভাষাত আনাৰসক মাটিকঁঠাল, কেতেকী–কঁঠাল, সফুঁৰি–কঁঠাল আদি নামেৰে জনা যায়। ইংৰাজীত পাইনএপ’ল (Pineapple) আৰু ব’টানিকেল নাম হ’ল আনানাছ কম’ছাচ (Ananas comosus)। ৰসাল তথা সু–স্বাদু এই ফলবিধৰ পৰা বছৰত দুবাৰ জুন–জুলাই আৰু অক্টোবৰ–নবেম্বৰ মাহত উৎপাদন পোৱা যায়। জুন–জুলাই মাহত উৎপাদিত আনাৰস ৰসাল আৰু সুমিষ্ট হোৱাৰ বিপৰীতে অক্টোবৰ–নবেম্বৰৰ ফলটো কিছু টেঙা সোৱাদ যুক্ত।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত বৰ্তমান দহখন দেশে সৰ্বাধিক আনাৰস উৎপাদন কৰে। সেয়া হ’ল– ভাৰত, থাইলেণ্ড, ইণ্ডোনেচীয়া, ফিলিপাইনচ, চিলি, ক’ষ্টাৰিকা, ব্ৰাজিল, কলোম্বিয়া, মেক্সিকো আৰু নাইজেৰিয়া। আমাৰ দেশৰ অসম তথা উত্তৰ–পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনৰ মাটি–জলবায়ু উভয়ে আনাৰস খেতিৰ বাবে উত্তম। অসম, মেঘালয়, ত্ৰিপুৰা, মণিপুৰকে আদিকৰি সমগ্ৰ ৰাজ্যকেইখনত কম–বেছি পৰিমাণে আনাৰস উৎপাদন হয়। যদিও– খেতিবিধত বাণিজ্যিকভাৱে আগবাঢ়ি আছে ত্ৰিপুৰা তাৰ পিচতে মেঘালয় আৰু মণিপুৰ। ত্ৰিপুৰাই সতেজ আনাৰস আৰু ইয়াৰ পৰা উৎপাদিত বিভিন্ন খাদ্য–দ্ৰব্য দেশ–বিদেশত ৰপ্তানি কৰি আহিছে। মণিপুৰে ২০০৮ চনৰ পৰা ৰাজ্যিক পৰ্যায়ত আনাৰস মহোৎসৱ পালন কৰি আহিছে। এই মহোৎসৱে ৰাজ্যখনৰ কৃষকসকলক সৱলীকৰণ কৰি এখন সমূহীয়া মঞ্চত একত্ৰিত কৰিছে। য’ত কৃষি–পৰ্যটন বিকাশৰ লগতে একতা আৰু ভ্ৰাতৃত্ববোধ জগাই তুলিছে। ক্ৰেতা–বিক্ৰেতাৰ মাজত ব্যৱসায়িক তথা যুৱ সন্মিলন আয়োজন কৰি আহিছে। ৰাজ্যখনৰ খেতিয়কসকলে উৎপাদন কৰি অহা ৰসাল আৰু সুমিষ্ট ‘কিঊ’ (Kew) আৰু ‘কুইন’ (Queen) এই দুবিধ আনাৰস সকলোৰে মাজত জনপ্ৰিয়। দেশ–বিদেশত ৰপ্তানিৰ প্ৰচুৰ সম্ভাৱনা থকা এই দুবিধ আনাৰসৰ উৎপাদন বৃদ্ধিৰ কাৰণে তাৰ চৰকাৰে প্ৰয়োজনীয় সা–সুবিধা প্ৰদানেৰে কৃষকসকলক উৎসাহিত কৰি আহিছে। ইপিনে, আমাৰ ৰাজ্যখনৰ গোৱালপাৰা জিলাৰ অসম–মেঘালয় সীমান্তৱৰ্তী নলংগা পাহাৰ নামৰ জনজাতি বসতি প্ৰধান গাঁওখন বহু বছৰ পূৰ্বেই আৰম্ভ কৰা আনাৰস খেতিৰ বাবে জনাজাত হৈ পৰিছে। বাণিজ্যিক ভিত্তিত আৰম্ভ কৰা আনাৰস খেতিয়েই হ’ল গাঁওবাসীৰ বৰ্তমান জীৱন–জীৱিকাৰ প্ৰধান সম্বল। নলংগা পাহাৰত উৎপাদিত আনাৰস বঙাইগাঁও, বৰপেটা, ধুবুৰীৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগতো যোগান ধৰি আহিছে। ইপিনে, কাৰ্বি আংলং আৰু কাছাৰ জিলাতো বহু বছৰ পূৰ্বেই বাণিজ্যিক ভিত্তিত আনাৰস উৎপাদন কৰিছে। ইতিমধ্যে, কাছাৰত উৎপাদিত আনাৰসে মধ্যপ্ৰাচ্যৰ বজাৰ শুৱনি কৰিছে। বৰ্তমান ভাৰত–ভূটান সীমান্তৰ বাক্সা জিলাৰ বিভিন্ন গাঁৱত বাণিজ্যিক ভিত্তিত নতুনকৈ আনাৰস খেতি আৰম্ভ কৰিছে।

বতৰৰ ফল আনাৰস গুৱাহাটী মহানগৰীত প্ৰচুৰ পৰিমাণে বিক্ৰী হয়। মহানগৰীৰ চুকে–কোণে বিক্ৰী হোৱা এই ফলবিধ অসমীয়া কৃষকে সম্পূৰ্ণৰূপে উৎপাদন কৰিব পৰা নাই। এই ফলবিধৰ প্ৰায় ৭০% যোগান ধৰে মেঘালয়ৰ খাছিপাহাৰ আৰু গাৰোপাহাৰে। আমাৰ মহানগৰীৰ গাতে লাগি থকা খাছিপাহাৰৰ ৰি–ভয় জিলাখনত প্ৰচুৰ পৰিমাণে আনাৰস উৎপাদন হয়। জিলাখনৰ খানাপাৰা, বৰ্ণিহাট, পোন্ধৰ মাইল, বিশ মাইল, উমলিং, চাং বাংলা, নংপো, উমদেন, উমস্নিং, মাঊলেন–মাঊখৰ, বৰাপানী, উমৰয় আদি অঞ্চলত বাণিজ্যিক ভিত্তিত আনাৰসৰ বাগান গঢ়ি উঠিছে। যোৰাবাটৰ পৰা আৰম্ভ কৰি বৰাপানীলৈকে গুৱাহাটী–শ্বিলং ৰ’ডৰ কাষে কাষে চালে চকুৰোৱা ‘খাছি কং’সকলৰ শাৰী শাৰী ফল–মূলৰ দোকান। ফল–মূল উৎপাদনত যে তেওঁলোকৰ কৃষক অধিক আগবঢ়া সেয়া ৰাষ্টাৰ কাষৰ দোকানবোৰ দেখিলেই অনুমান কৰিব পাৰি। ফল–মূলৰ বাদেও দোকানবোৰত বাঁহৰ গাঁজ, জাম, জেলি, আচাৰ, ক’লডিল, জলকীয়া লগতে নানা তৰহৰ শাক–পাচলি পোৱা যায়। যদিও– ক’ল আৰু আনাৰস সকলো দোকানতে অধিক পৰিমাণে পোৱা যায়। ইপিনে, জিলাখনৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ জিৰাং, পাথাৰখামা লগতে পশ্চিম খাছি পাহাৰ জিলাৰ নংখ্লাও, মাইৰাং, নংষ্টইন আদি অঞ্চলতো বাণিজ্যিক ভিত্তিত আনাৰসৰ খেতি গঢ়ি উঠিছে। ৰি–ভয় জিলাৰ পশ্চিম প্ৰান্তৰ মুখ্য বাণিজ্যিক চহৰ পাথাৰখামা আৰু পশ্চিম খাছি পাহাৰ জিলা সদৰ নংষ্টইন, জিলাখনৰ মুখ্য বাণিজ্যিক চহৰ মাইৰাং আৰু নংখ্লাওতো অধিক পৰিমাণে আনাৰস বিক্ৰী হয়। তদুপৰি, ৰাণীৰ পৰা মাইৰাঙলৈ যোৱা উত্তৰ–পূব পৰিষদৰ  মাঊফ্লাং–মাইৰাং–ৰাণী (এম এম আৰ) পথৰ কাষৰ ফল–মূলৰ দোকানসমূহতো আনাৰস অধিক পৰিমাণে বিক্ৰী হয়। বৰ্তমান মেঘালয় চৰকাৰে আনাৰস উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি কৃষকসকলক বিভিন্ন ধৰণে সহায়–সহযোগ আগবঢ়াইছে। ইতিমধ্যে, চৰকাৰৰ উদ্যান শস্য বিভাগে জিলাখনত ৰসাল আৰু সুমিষ্ট ‘কুইন’ প্ৰজাতিৰ আনাৰস বিধৰ খেতি সম্প্ৰসাৰণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে। চৰকাৰৰ সহযোগিতা লাভ কৰি কৃষকসকল উৎসাহিত হৈ আনাৰস খেতিত মনোনিবেশ কৰিছে। ফলস্বৰূপে যোৱা বৰ্ষত ৰি–ভয় জিলাৰ পৰা কুইন প্ৰজাতিৰ আনাৰস মধ্যপ্ৰাচ্যত ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল। 

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী বজাৰতো অধিক পৰিমাণে আনাৰস বিক্ৰী হয়। অতি পৰিতাপৰ কথা– এই আনাৰস বিলাক আহে মেঘালয়ৰ খাছি পাহাৰৰ পৰাহে। ৰি–ভয় জিলাৰ পশ্চিম প্ৰান্ত আৰু পশ্চিম খাছি পাহাৰ জিলাৰ নংখ্লাও, মাইৰাং আদি ঠাইত উৎপাদিত আনাৰসেহে ৰাণী বজাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে। পাথাৰখামা অঞ্চলৰ ছ’ৱেল ছ’হখোৱাই নামৰ খাছি কৃষকজনে উৎপাদন কৰা আনাৰসবোৰ আজি কেইবা বছৰ ধৰি ৰাণী বজাৰতে বিক্ৰী কৰি আহিছে। সম্প্ৰতি বৃহত্তৰ ৰাণী অঞ্চলটোৰ ৰাণীৰ পৰা মুদুকী–চানডুবিলৈকে কোনো কৃষকে ব্যৱসায়িক ভিত্তিত আনাৰস খেতি আৰম্ভ কৰা নাই। অৱশ্যে, বতৰত এশটামান আনাৰস যোগান ধৰিব পৰা কিছুসংখ্যক খেতিয়ক নথকা নহয়। দুখৰ কথা– আমাৰ গাঁৱৰ সিপাৰে খাছি কৃষকসকলে বাণিজ্যিক ভিত্তিত আনাৰস খেতি কৰি থকা সময়ত আমি তেওঁলোকৰ মুখলৈ কেৱল চাই আছো। তেওঁলোকে উৎপাদন কৰিছে আৰু আমি খাইছো। খাছি কৃষকসকলে যেনেকৈ বাণিজ্যিক ভিত্তিত আনাৰস বাগান গঢ়ি তুলিছে ঠিক তেনেদৰে আমি গঢ়ি তুলিব নোৱাৰাৰ কাৰণটোনো কি!

সম্প্ৰতি গুৱাহাটী মহানগৰীত স্থানীয়ভাৱে উৎপাদিত ফল–মূলৰ সমাদৰ বাঢ়িছে। গ্ৰাহক বাঢ়ি যোৱাৰ লগেলগে ব্যৱসায়ীৰ সংখ্যাও বাঢ়ি গৈছে। ব্যৱসায়ীসকলে গ্ৰাহকৰ পছন্দ অনুযায়ী ফল–মূলৰ পৰা বিভিন্ন ধৰণে খাদ্য–দ্ৰব্য উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে। সম্প্ৰতি, ফলৰ পৰা তৈয়াৰী জুইচ মহানগৰবাসীয়ে আদৰি লৈছে। এতিয়া বহুতে কৃত্ৰিমভাৱে তৈয়াৰী শীতল পানীয়ৰ সলনি ফলৰ জুইচ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। তাৰ ফলস্বৰূপে উন্নত মানসম্পন্ন বহুকেইখন জুইচ পাৰ্লাৰ মহানগৰীখনত গঢ়ি উঠিছে। তদুপৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলেও জুইচ বিক্ৰীৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা গৈছে। পচন্দৰ এসাজ খাদ্য খাবলৈ অথবা শীতল পানীয় গ্ৰহণ কৰিবলৈ দোকান, হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, ৰিজ’ৰ্টত গ্ৰাহকৰ ভিৰ লগাৰ দৰে এতিয়া সতেজ ফলৰ পৰা তৈয়াৰী এগিলাচ জুইচ গ্ৰহণ কৰিবলৈও এই পাৰ্লাৰবোৰত গ্ৰাহকৰ ভিৰ লগা দেখা গৈছে। আনাৰসৰ জুইচ বৰ্তমান মহানগৰবাসীৰ অতিকৈ প্ৰিয় হৈ পৰাৰ লগতে ফলবিধৰ পৰা তৈয়াৰী জাম, জেলি, আচাৰ আদি বিভিন্ন মুখৰোচক খাদ্য–দ্ৰব্য সমূহৰক্ষেত্ৰতো সমানে আদৰ বাঢ়িছে। ইয়াৰ লগেলগে গুৱাহাটীত আনাৰস বিক্ৰীৰ বজাৰখনৰো পৰিসৰ বাঢ়ি গৈছে।

বাণিজ্যিক ভিত্তিত আনাৰস খেতি গঢ়ি তুলিব পাৰিলে কৃষি অৰ্থনীতি শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনাৰস খেতি কৰিবলৈ বৰ জটিল নহয় বাবে অলপ ধন খৰচ কৰিলে তামোল, নাৰিকল, ক’লৰ মাজতেই ইয়াৰ বাগান এখন গঢ়ি তুলিব পাৰি। প্ৰয়োজন নাই ৰাসায়নিক সাৰ, ঔষধৰ। মাজে মাজে মাত্ৰ বন–বাট নিৰাই থাকিলেই হয়। কিন্তু কৃষি বিভাগ তথা অসম চৰকাৰ আনাৰস অথবা মাটিকঁঠাল এই নামটোকলৈহে গৌৰৱ কৰে, খেতিবিধ উন্নয়নৰ বাবে একো আঁচনি গ্ৰহণ নকৰে। দেখা গৈছে– ৰাজ্যত ফলমূলৰ বিক্ৰী দ্ৰুত হাৰত বাঢ়ি যোৱাৰ বিপৰীতে পৰ্যাপ্ত পৰিমাণে উৎপাদন আৰম্ভ হোৱা নাই। আমাৰ নিজৰ প্ৰয়োজনীয়তাখিনিও আমি নিজেই উৎপাদন কৰিব পৰা নাই। উৎপাদন কৰিব নোৱাৰাৰ কাৰণ অৱশ্যে আমাৰ যুৱ প্ৰজন্ম অথবা কৃষকসকলৰ অৱহেলা নহয়। উৎপাদনত জড়িত হ’বলৈ আগ্ৰহী হৈ থকা আমাৰ যুৱ প্ৰজন্ম আৰু কৃষকসকলক চৰকাৰে উপযুক্ত সা–সুবিধা দি আগবঢ়াই নিব নোৱাৰাটোহে। আনাৰসৰ গছ ৰোপনৰ এবছৰ বা দুবছৰত ফল দিবলৈ আৰম্ভ কৰে। কৃষকে ইচ্ছা কৰিলে নিজৰ খৰচতো আনাৰসৰ বাগিছা এখন স্থাপন কৰিব পাৰে। কিন্তু সমস্যাটো হৈছে উৎপাদিত ফচল উপযুক্তভাৱে সংৰক্ষণ আৰু বজাৰত উচিত দামত বিক্ৰীৰ ক্ষেত্ৰতহে। আনাৰস উপযুক্তভাৱে সংৰক্ষণ কৰিব নোৱাৰিলে ই সোণকালে নষ্ট হয়। এই মুহুৰ্তত চৰকাৰে তেনে কোনো ব্যৱস্থা গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আনাৰস বিক্ৰীৰ ক্ষেত্ৰত গুৱাহাটীও এখন বৃহৎ বজাৰ, যদিও ইয়াত মধ্যভোগীৰ প্ৰতাপ বেছি। সেয়ে কম কষ্টত মধ্যভোগীয়ে বেছি লাভ উপাৰ্জন কৰি থকাৰ সময়ত কৃষকে ফচলৰ উচিত দামৰ পৰাই বঞ্চিত হৈছে।

মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলৰ পাটগাঁৱৰ পেপচীগেট, এক’লেণ্ড, সজ্জনপাৰাৰ একাংশ কামৰূপ মহানগৰ আৰু তাৰ পাচৰ অংশ গ্ৰাম্য জিলাৰ অন্তৰ্গত। বৃহত্তৰ ৰাণীৰ পৰা মুদুকী, চানডুবি, উকিয়াম–বাৰেগাঁৱলৈ এই বৃহৎ অঞ্চলটো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত। এই বৃহৎ অঞ্চলটোত ৰাভা হাছঙৰ শাসন চলে। ৰাভা হাছঙৰ শাসন চলেই যেতিয়া অঞ্চলটোৰ কৃষক–ৰাইজৰ সমস্যা সমাধানৰো সম্পূৰ্ণ দায়িত্ব আছে। তেনেক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব নিদিয়া আঁচনিসমূহৰ কাম–কাজ ৰাভা হাছঙে প্ৰথমে আৰম্ভ কৰক। উল্লেখনীয় যে, পৰিষদীয় এলেকাটোত বহু পৰিমাণৰ কৃষি উপযোগী ভূমি অব্যৱহৃত হৈ আছে। সেই ভূমিত প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনা থকা আনাৰসৰ বাগান গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰক। যি খেতিক ভিত্তিকৰি বিভিন্ন খাদ্য–দ্ৰব্য উৎপাদনৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰি। তেনে খেতিবিধে বাণিজ্যিক প্ৰসাৰ লাভ কৰিলে অঞ্চলৰটোৰ যুৱ প্ৰজন্ম আৰ্থিকভাৱে সৱল হৈ পৰিব। তেনেদৰে সৱল হৈ পৰিব ৰাভা হাছং পৰিষদখনো। পৰিষদে আনাৰস খেতিৰ বাগান স্থাপন, পৰিচালনা, খাদ্য–দ্ৰব্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণৰ প্ৰশিক্ষণ, উপযুক্ত বজাৰৰ ব্যৱস্থাকৰণ আদি প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে পুঁজি নিৰ্ধাৰণৰ ব্যৱস্থা কৰক। তদুপৰি গুৱাহাটীৰ বজাৰত পোনপোটিয়াকৈ আনাৰস বিক্ৰীৰ বাবে পৰিষদে নিজাববীয়া পৰিবহন ব্যৱস্থা কৰিলে কৃষকসকল বাৰুকৈয়ে উপকৃত হ’ব। কৃষকসকলে আনাৰসৰ পৰা উন্নতমানৰ খাদ্য–দ্ৰব্য প্ৰস্তুত কৰিব পাৰিলে ‘এপেডা’ৰ জৰিয়তে দেশ–বিদেশত ৰপ্তানি কৰিব পাৰিব। তাৰবাবে কেন্দ্ৰীয় চৰকাৰৰ কৃষি বাণিজ্যিক ৰপ্তানিকাৰী সংস্থাটোৰ কাৰ্যালয় গুৱাহাটীতে আছে। তদুপৰি উত্তৰ–পূব কৃষি বিপণন নিগম (নেৰামেক)ৰ কাৰ্যালয়ও গুৱাহাটীতে আছে। এই সংস্থা দুটাৰ জৰিয়তে ইতিমধ্যে ত্ৰিপুৰা আৰু মেঘালয়ে আনাৰস তথা ইয়াৰ পৰা প্ৰস্তুত কৰা খাদ্য–দ্ৰব্য দেশ–বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। তদুপৰি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰাও পোনপোটীয়া কাৰ্গ’ বিমানৰ ব্যৱস্থা আছে। এই ব্যৱস্থাৰ জৰিয়তে আমাৰ দেশত উৎপাদিত আনাৰস আৰু তাৰপৰা তৈয়াৰী জুইচ, স্লাইচ আদি খাদ্য–দ্ৰব্য ইংলেণ্ড, নেপাল, স্পেইন আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward