Friday, April 19, 2024
HomeNEWSকবিতা, চুটিগল্প, প্ৰবন্ধ প্ৰতিযোগিতাৰ লিখনি আহ্বান

কবিতা, চুটিগল্প, প্ৰবন্ধ প্ৰতিযোগিতাৰ লিখনি আহ্বান

প্ৰকাশিত তাৰিখঃ ২৬ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ ৰাজ্যিক অধিবেশন অহা ২৭ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বৰপেটা জিলাৰ মন্দিয়াত অনুষ্ঠিত হব। উক্ত অধিবেশন উপলক্ষে ১১ ডিচেম্বৰত অনুষ্ঠিত সাধাৰণ সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল গণি খানক সভাপতি নিৰ্বাচন কৰি অভ্যৰ্থনা সমিতি গঠন কৰা  হয়। ১৮ ডিচেম্বৰত অভ্যৰ্থনা সমিতিৰ সভাপতিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বাজেট নিৰ্ধাৰণৰ লগতে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্যোগে্য যে, ৰাজ্যিক অধিবেশন উপলক্ষে সদৌ অসম ভিত্তিক স্ব–ৰচিত কবিতা, প্ৰবন্ধ আৰু চুটি গল্প লিখা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিছে। সেই অনুসৰি অসমীয়া ভাষাত ১০০০ শব্দৰ ভিতৰত লিখিবলগীয়া প্ৰবন্ধৰ বিষয়বস্তু হ’ব ‘অসমীয়া ভাষালৈ চৰ-চাপৰিবাসীৰ অৱদান।’ একেদৰে সমাজ সচেতনমূলক বিষয়বস্তুৰে চুটিগল্প সমূহ ১০০০ শব্দৰ ভিতৰত অসমীয়া ভাষাত লিখা হ’ব লাগিব।উক্ত কবিতা, চুটিগল্প, প্ৰবন্ধ আদি প্ৰতিযোগিতা সকলোৰে ভাবে মুকলি থাকিব আৰু প্ৰথম, দ্বিতীয়, তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলক যথোপযুক্ত পুৰস্কাৰ প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাৰ বাবে লিখনি আৰু অধিবেশন উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থৰ বাবে ইচ্ছুক সাহিত্যনুৰাগী পাঠক, লেখক/ লেখিকাৰ লিখনিসমূহ ৭০০২৩১১২৪৭, ৯৭০৭৩৫৮৫৩৬, ৮১৩৫০৮৬৭৩৭, ৯৯৫৪৮০৮০৩২ ৱাটচ আপ নম্বৰত অথবা shamezuddinahmed1970@gmail.com, asifnurjaman87@gmail.com, bkdas1126@gmail.com ই-মেইলৰ ঠিকনাত অহা ৩১ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিবলৈ স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি হজৰত আলী আহমেদ আৰু সম্পাদকদ্বয় ক্ৰমে মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক আছিফ নুৰজামান, সহযোগী অধ্যাপক বিকাশ দাসে আহ্বান জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward