প্ৰকাশিত তাৰিখঃ ১৯জুন, ২০২৩
প্ৰদূষণমুক্ত পৰিৱেশ গঢ়াৰ শ্ল’গান কেৱল মুখৰ আৱাজ হৈ থাকিব নেকি? ছবি দুখন চলিত মাহৰ ৮ জুনৰ। উক্ত দিনটোত ‘অমৃত গছপুলি’ ৰোপণ কাৰ্যসূচীৰ বাবে চানডুবিত এক বিৰাট আয়োজন চলিছিল। য’ত– অংশ গ্ৰহণ কৰিছিল ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী, বিধায়ক, প্ৰশাসনীয় বিষয়াসকল। অসম চৰকাৰৰ বন বিভাগে আয়োজন কৰা এই কাৰ্যসূচীতে অংশ গ্ৰহণকাৰীসকলে বহু সংখ্যক গছপুলিও ৰোপন কৰিলে। সেইদনটোত ৰোপন কৰা গছপুলি সুৰক্ষাৰ বাবে বন বিভাগে বেঁৰৰ ব্যৱস্থাও কৰিছে। কিন্তু সেই মহৎ কাৰ্যসূচীটোত ব্যৱহাৰ কৰা শ শ ফ্লেক্সৰ বেনাৰ মিটিং আয়োজন কৰা খেলপথাৰখনৰ কাষত দম হৈ পৰি থাকিল। ইপিনে– সমগ্ৰ খেলপথাৰখনত প্লাষ্টিক আৰু অন্যান্য জাৱৰ–জোথৰেৰেও কদৰ্যময় হৈ থাকিল।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News