Tuesday, May 21, 2024
HomeNEWSৰাণীৰ বেলগুৰীত খালি ভৰি ফুটবল খেল প্ৰতিযোগিতা

ৰাণীৰ বেলগুৰীত খালি ভৰি ফুটবল খেল প্ৰতিযোগিতা

প্ৰকাশিত তাৰিখঃ ২৭ অক্টোবৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট–

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বেলগুৰী ৰাজহুৱা খেলপথাৰত ২৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল খালি ভৰি ফুটবল খেল প্ৰতিযোগিতা। শলসন আঞ্চলিক দুৰ্গাপূজা সমিতি আৰু বেলগুৰীৰ শ্ৰীশ্ৰী পদ্মাৱতী পুথিভঁৰালৰ যুটীয়া উদ্যোগত আয়োজন কৰা ফুটবল খেল প্ৰতিযোগিতাখনত মেঘালয়ৰ দুই দল সহ মুঠ ২৫টা দলে অংশ গ্ৰহণ কৰিছিল।

২৬ অক্টোবৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত পুৰাণশুকুৰবেৰীয়াৰ গোৰ্খালি ফুটবল ক্লাব আৰু ধীৰাজ ৰাভাৰ বেলগুৰী ফুটবল দলৰ মাজত অনুষ্ঠিত হয়।

উল্লেখ্য যে, ধীৰাজ ৰাভাৰ বেলগুৰী ফুটবল দলটিয়ে পুৰাণশুকুৰবেৰীয়াৰ গোৰ্খালি ফুটবল ক্লাবক ১–০ গ’লত পৰাজিত কৰি চূড়ান্ত খিতাপ অৰ্জন কৰে।

সন্ধিয়া অনুষ্ঠিত বঁটা বিতৰণী সভাত বেলগুৰী ফুটবল দলটিয়ে ৭০০১ টকা নগদ ধন, ট্ৰফীৰ সৈতে প্ৰথম পুৰস্কাৰ আৰু গোৰ্খালি ফুটবল ক্লাবে ট্ৰফীৰে সৈতে ৫০০১ টকা নগদ ধন সহ দ্বিতীয় পুৰস্কাৰ লাভ কৰে।

উল্লেখ্য যে, প্ৰথম পুৰস্কাৰৰ দাতা ধীৰাজ ৰাভা, ভাইটী বড়ো আৰু দ্বিতীয় পুৰস্কাৰৰ দাতা আছিল পদ্মাৱতী পুথিভঁৰাল।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward