Monday, April 29, 2024
HomeUncategorizedকুলশীত নাওঁখেল প্ৰতিযোগিতাৰ সোণালী জয়ন্তীবৰ্ষ উদ্‌যাপন

কুলশীত নাওঁখেল প্ৰতিযোগিতাৰ সোণালী জয়ন্তীবৰ্ষ উদ্‌যাপন

প্ৰকাশিত তাৰিখঃ ২৮ অক্টোবৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ কুলশীত লক্ষ্মীপূজা উপলক্ষে নাওখেল প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। উল্লেখ্য যে, ১৯৭৩ চনৰ পৰা কুলশীৰ কেইজনমান ব্যক্তিয়ে এই নাওখেলৰ আয়োজন কৰি আহিছিল। এইবেলি নাওখেল প্ৰতিযোগিতাখনে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। সেই উপলক্ষে ২৭ অক্টোবৰত কুলশী ইয়ুথ ক্লাবে এদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ আয়োজন কৰিছে। সোণালী জয়ন্তীৰ কাৰ্যসূচী অনুসৰি– পুৱা পতাকা উত্তোলন কৰে সোণালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি প্ৰদীপ ৰাভাই আৰু স্মৃতি তৰ্পন কৰে ইয়ুথ ক্লাবৰ উপদেষ্টা বাদল কুমাৰ ৰাভাই। বৃক্ষৰোপণ কৰে কুলশী বনাঞ্চলিক বিষয়া দ্বীপন ডেকাই।

উল্লেখনীয় যে, সোণালী জয়ন্তী উপলক্ষে ৰূপায়ন কৰা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে কুলশী ইয়ুথ ক্লাবৰ উপদেষ্টা গোলক চন্দ্ৰ ৰাভাই। উল্লেখ্য যে, সাংস্কৃতিক শোভাযাত্ৰাত ইউটিউব চেনেল ভাঙা টিভিৰ খিতেই কাই খ্যাত দ্বীপজ্যোতি ডেকা আৰু সহশিল্পীসকলে অংশ গ্ৰহণ কৰে।

দুপৰীয়া কুলশী জনজাতীয় হাইস্কুল খেলপথাৰত এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাখন পৌৰহিত্য কৰে সোণালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ ৰাভাই। এই সভাতে স্মৃতিগ্ৰন্থ ‘প্ৰৱাহিনী কুলশী’ উন্মোচন কৰে লোক সংস্কৃতিৰ সাধক ভূবিন ৰাভাই।

আবেলি অনুষ্ঠিত হয় নাওখেল প্ৰতিযোগিতা। দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা অহা ১১খন নাও এই প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, ২নং জীয়াকুৰৰ জোনবাই নাওখনে প্ৰথম স্থান অধিকাৰ কৰি ২০ হেজাৰ টকা, জাৰপাৰাৰ জোনতৰা নাওখনে দ্বিতীয় স্থানেৰে ১৫ হেজাৰ টকা আৰু কৰ্দৈগুৰীৰ জয় শ্ৰীৰাম নাওখনে তৃতীয় স্থান অধিকাৰ কৰি ১০ হেজাৰ টকাৰ পুৰস্কাৰ লাভ কৰে।    

সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে অসম ফুটবল সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যই আৰু বন্তি প্ৰজ্বলন কৰে গকুল ৰাভাই। নিশাৰ সাংস্কৃতিক কাৰ্যসূচীত ভাঙা টিভিৰ দ্বীপজ্যোতি ডেকা আৰু সহশিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰে। আচুৰ্য বৰপাত্ৰ, পাপৰি গগৈ, বিশ্বজিৎ ৰাভা লগতে স্থানীয় শিল্পীসকলেও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।  

সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ছয়গাঁও সমষ্টিৰ ৰেকিবুদ্দিন আহমেদ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। আনহাতে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰশ্মিবালা ৰাভা, সাধাৰণ সদস্য দিলীপ ৰাভা, নৃপেন ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, আলোচনী সম্পাদক দেৱজিৎ নাফা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভাকে ধৰি বহুসংখ্যক বিষয়ববীয়াই নিমন্ত্ৰীত অতিথিৰূপে অংশ গ্ৰহণ কৰে।

ফটোঃ হেমন্ত ৰাভা

Pix: Hemanta Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward