Friday, April 19, 2024
HomeNEWSসাংবাদিক, প্ৰগতিশীল লেখক শ্ৰীদিগন্ত শৰ্মালৈ এম মোবাৰক হোছেইন সোঁৱৰণী বঁটা প্ৰদান

সাংবাদিক, প্ৰগতিশীল লেখক শ্ৰীদিগন্ত শৰ্মালৈ এম মোবাৰক হোছেইন সোঁৱৰণী বঁটা প্ৰদান

প্ৰকাশিত তাৰিখঃ ৯ ফেব্ৰুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

চৰ-চাপৰি সাহিত্য পৰিষদে অসমত অনুসন্ধানমূলক সাংবাদিকতাৰ বাটকটীয়া, প্ৰগতিশীল লেখক শ্ৰীদিগন্ত শৰ্মাদেৱলৈ ২০২২ বৰ্ষৰ ‘লেখক এম মোবাৰক হোছেইন সোঁৱৰণী বঁটা’ৰ বাবে নিৰ্বাচিত কৰিছিল। এই বঁটা চৰ-চাপৰি সাহিত্য পৰিষদৰ সদ্যসমাপ্ত অধিবেশনত প্ৰদান কৰাৰ কথা আছিল যদিও স্বাস্থ্যজনিত কাৰণত বিশিষ্ট লেখক গৰাকীয়ে অধিবেশনত উপস্থিত থাকিব পৰা নাছিল। সেয়ে আজি পৰিষদৰ আজাৰা হাটখোৱাপাৰাস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এই বঁটা প্ৰদান কৰে প্ৰয়াত হোছেইনৰ কন্যা ছালমা হোছেইন আৰু ৰাজ্যিক সভাপতি ড হাফিজ আহমেদে।

উল্লেখযোগ্য যে, প্ৰয়াত মোবাৰক হোছেইন দক্ষিণ কামৰূপৰ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰিও বৰপেটাৰ কলগাছিয়াৰ নৱজ্যোতি কলেজতো শিক্ষকতা কৰিছিল। তদুপৰি তেওঁ আছিল এগৰাকী আদৰ্শনিষ্ঠ সাংবাদিক, সুলেখক। পৰিয়ালে তেওঁৰ স্মৃতি যুগমীয়া কৰিবলৈ চৰ-চাপৰি সাহিত্য পৰিষদৰ জৰিয়তে এক বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বঁটাত আছে নগদ ধন দহ হেজাৰ আৰু এখন প্ৰশস্তি পত্ৰ।

এই সুযোগতে পৰিষদে প্ৰয়াত হোছেইনৰ পৰিয়াল বৰ্গ তথা বঁটাপ্ৰাপক দিগন্ত শৰ্মালৈ আন্তৰিক ধন্যবাদ যাঁচিছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward