Friday, March 29, 2024
HomeNEWSসমাজ সংগঠক, ক্ৰীড়ানুৰাগী চিৰাজ আলীলৈ ‘আৰোহণ সমাজ সেৱা বঁটা– ২০২২’

সমাজ সংগঠক, ক্ৰীড়ানুৰাগী চিৰাজ আলীলৈ ‘আৰোহণ সমাজ সেৱা বঁটা– ২০২২’

প্ৰকাশিত তাৰিখঃ ১৩ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দীৰ্ঘ দিনীয়া সমাজ সেৱাৰ চিন স্বৰূপে আৰোহণ আৰ্টিষ্ট গীল্ড, গুৱাহাটী, অসম নামৰ সংস্থাটোৱে দক্ষিণ কামৰূপ অঞ্চলৰ এগৰাকী বিশিষ্ট্য সমাজ সংগঠক, ক্ৰীড়ানুৰাগী মঃ চিৰাজ আলীলৈ আগবঢ়ায় ‘আৰোহণ সমাজ সেৱা বঁটা– ২০২২’। উল্লেখ্য যে, এই উপলক্ষে যোৱা ৮ ছেপ্টেম্বৰত গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এক অনুষ্ঠানৰ আয়োজন কৰিছিল। উক্ত অনুষ্ঠানত বঁটা প্ৰাপক চিৰাজ আলীয়ে উপস্থিত থাকিব নোৱাৰাত আজি অৰ্থাৎ ১৩ ছেপ্টেম্বৰত পলাশবাৰী ৰাজহ চক্ৰৰ শিকাৰহাটীস্থিত ‘ৰাণী–ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি’ কাৰ্যালয়ত এক অনুষ্টুপীয়া সভা আয়োজনেৰে এই বঁটা প্ৰদান কৰা হয়।

মঃ চিৰাজ আলী ২০০৬ চনৰ পৰা বৰ্তমানলৈকে ‘ৰাণী–ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি’ৰ সভাপতি পদত অধিস্থিত হৈ আছে। তেখেতৰ প্ৰথমটো কাৰ্যকালতে সমবায় আইন অনুসৰি মিনি বেংক স্থাপন কৰে। যিটো বেংকত ছয়জন কৰ্মচাৰী আৰু ২৬জন এজেণ্ট নিয়োগ হৈ থকাৰ লগতে প্ৰায় ৪হেজাৰ মহিলা আত্মসহায়ক গোট আৰু ৩হেজাৰ লোকক ঋণ প্ৰদান কৰা হয়। ইতিমধ্যে তেখেতে ড বি আৰ আম্বেদকাৰ ফাউণ্ডেচনৰ পৰাও সমাজ সেৱাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

বিভিন্ন জাতি–ধৰ্মৰ প্ৰতি সহমৰ্মিতা আগবঢ়োৱা চিৰাজ আলী এগৰাকী প্ৰকৃত সমাজ সংগঠক। এই সংগঠক গৰাকীলৈ ‘আৰোহণ সমাজ সেৱা বঁটা– ২০২২’ আগবঢ়াবলৈ পাই সুখী অনুভৱ কৰা বুলি সংস্থাটোৰ সভাপতি দিলীপ নাথে ব্যক্ত কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward