Friday, March 29, 2024
HomeNEWSদীপৰ বিলৰ দেউছটাল বনভোজস্থলীৰ দ্বাৰ আনুষ্ঠানিক উদ্বোধন

দীপৰ বিলৰ দেউছটাল বনভোজস্থলীৰ দ্বাৰ আনুষ্ঠানিক উদ্বোধন

প্ৰকাশিত তাৰিখঃ ৯ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

সমাগত বনভোজৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজকাৰীৰ দল সমূহে উখল–মাখল লগোৱাৰ সময়। গুৱাহাটীৰ দীপৰ বিলতো বিভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী দল আহে। বিগত সময়ছোৱাত এই বনভোজকাৰী দল সমূহে ব্যৱহাৰ কৰি অহা প্লাষ্টিক জাতীয় সামগ্ৰীয়ে বিলখনক যথেষ্ট পৰিমাণে প্ৰদূষণৰ সৃষ্টি কৰিছে।

বনভোজকাৰীৰ দলে সৃষ্টি কৰা প্ৰদূষণৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে বিলৰ নিৰ্দিষ্ট অংশতহে বনভোজ খোৱাৰ বাবে স্থানীয় সংগঠন সমূহে ব্যৱস্থা গ্ৰহণ কৰে। আজিৰ পৰা কেইবছৰমান আগতে দেউছটাল ভাঙৰা গোঁসাই ঘৰৰ কাষৰ দীপৰ বিলৰ দেউছটালতো তেনে এক বনভোজস্থলীৰ কেন্দ্ৰ গঢ়ি তুলিছে। বনভোজকাৰীৰ দলে দেউছটালত সৃষ্টি কৰা আৱৰ্জনা সংঘই পৰিস্কাৰ কৰাৰ ব্যৱস্থাও কৰে। ইয়াৰ বিনিময়ত সংঘই বনভোজকাৰী দলৰ পৰা সামান্য পৰিমাণৰ মাচুল সংগ্ৰহ কৰে।

উল্লেখ্য যে, মিকিৰপাৰা, চকৰ্দো, পামহী আৰু গোগ গাঁও তালুক সমিতিৰ সভাপতি কেষ্টৰাম ৰংপিয়ে আজি দেউছটাল বনভোজ কেন্দ্ৰৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজলৈ উচৰ্গা কৰে। স্থানীয় নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপিয়ে আগধৰা শুভ উদ্বোধনী অনুষ্ঠানতোত উপ–সভাপতি অশোক থাপা, সঞ্জীৱ থাপা, সুশীল থাপা, কেগ বাহাদুৰ, ললিতা লিম্বু, নমিতা থাপা, কল্পনা থাপা, বিনীতা থাপাৰ লগতে অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward