Wednesday, April 24, 2024
HomeNEWSজগলীয়াপাৰ সুঁৱৰী উৎসৱ সমিতিৰ ৰাজহুৱা সভা

জগলীয়াপাৰ সুঁৱৰী উৎসৱ সমিতিৰ ৰাজহুৱা সভা

প্ৰকাশিত তাৰিখঃ ১০ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ জগলীয়া জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ স্মৃতি বিজড়িত নদী আৰু কৃষি পথাৰ। এইখন জগলীয়া পথাৰত ৩২খন বিগ্ৰহ লগ লগাই সুঁৱৰি উৎসৱ পালন কৰাৰ পৰম্পৰা আছে। সম্প্ৰতি এইখন জগলীয়া নদী আৰু কৃষি ভূমিৰ অস্তিত্বক লৈ ৰাইজৰ মাজত শংকা জাগিছে। কিয়নো, এই কৃষি ভূমিত এটি উদ্যোগ স্থাপন হ’ব। উদ্যোগৰ বৰ্জিত ৰাসায়নিক পদাৰ্থই পৰিৱেশ বিনষ্ট কৰিব। তদুপৰি উদ্যোগ নিৰ্মাণৰ ফলত সুঁৱৰী উৎসৱস্থলীৰ পথছোৱাও বন্ধ হৈ পৰিব।

এই সন্দৰ্ভত ১০ ডিচেম্বৰত জগলীয়াপাৰ সুঁৱৰী উৎসৱ সমিতিয়ে এক ৰাজহুৱা সভাৰ আয়োজন কৰে। বৰিহাটৰ আঞ্চলিক ত্ৰিধাৰা কলা সংঘৰ চৌহদত আয়োজিত ৰাজহুৱা সভাত গুৰুত্বপূৰ্ণ বিভিন্ন দিশ সামৰি আলোচনা কৰা হয়।

আজি অনুষ্ঠিত ৰাজহুৱা সভাই শেষ সিদ্ধান্ত উপনীত হোৱা মূল দাবীটো হ’ল– সুঁৱৰী উৎসৱস্থলীৰ পথছোৱা ১৮ ফুট বহলকৈ ৰাখিবই লাগিব। ৰাইজে এইটো দিশো স্পষ্ট কৰি দিয়ে যে, মূল দাবী পুৰণ নহ’লে পুনৰ ৰাজহুৱা সভা আয়োজন কৰি ভৱিষ্যত কৰ্মপন্থা নিৰূপন কৰিব।

অৱশ্যে, সভাখনৰ একাংশই জগলীয়াৰ কৃষিভূমিত গঢ়ি উঠা উদ্যোগে ভৱিষ্যতে পৰিৱেশ প্ৰদূষণ সৃষ্টি কৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো ইংগিত দিয়ে।

অপ্ৰিয় হ’লেও কথাষাৰ ক’বই লাগিব– দেশে প্ৰগতিৰ খোজত আগবাঢ়িবলৈ হ’লে কল–কাৰখানা, উদ্যোগ আদিও লাগিব। বিপৰীতে কৃষিভূমিও সুৰক্ষিত থাকিব লাগিব। কিন্তু উদ্যোগ কৰ্তৃপক্ষই কেনেধৰণৰ আৰু কি উদ্যোগ স্থাপন কৰিব। কৃষিভূমি তথা জৈৱ বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰিব। সেই দিশটোৰ ওপৰতেই সকলো নিৰ্ভৰ কৰিব। কাৰণ প্ৰতিটো কৰ্মৰ বিপৰীতে– হয়তো সন্তুষ্টি নিগৰি আহে অথবা ক্ষোভৰ উদ্‌গীৰণ ঘটে। দুয়োটা কাৰক সৃষ্টি কৰিব পৰা শক্তি উদ্যোগ নিৰ্মাণ কোম্পানীটোৰ হাততেই আছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward