Wednesday, April 24, 2024
HomeNEWSবঙৰাত শ্বহীদ দিৱস পালন

বঙৰাত শ্বহীদ দিৱস পালন

প্ৰকাশিত তাৰিখঃ ১০ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজি ১০ ডিচেম্বৰ। আমাৰ ৰাজ্যখনে প্ৰতিটো বৰ্ষৰ ১০ ডিচেম্বৰক শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছে। উল্লেখযোগ্য যে, অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত যোগ দিবলৈ গৈ ১৯৭৯ চনৰ ১০ডিচেম্বৰত ভৱানীপুৰত পুলিচ, চি আৰ পি বাহিনীৰ হাতত মৃত্যু বৰণ কৰিছিল খৰ্গেশ্বৰ তালুকদাৰে। গণ সংগ্ৰাম সমিতিয়ে চৰকাৰী বাহিনীৰ হাতত মৃত্যু বৰণ কৰা খৰ্গেশ্বৰ তালুকদাৰক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰূপে ঘোষণা কৰিছিল। সেই দিনৰে পৰা খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোক সমগ্ৰ ৰাজ্যবাসীয়ে শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছে।

আজি পশ্চিম গুৱাহাটীৰ আঞ্চলিক ৰাসক্ৰীড়া সমিতি, বঙৰা আৰু জীৱন জ্যোতি পুথিভঁড়াল, পাছনীয়াপাৰা ৱাৰ্ডৰ যৌথ উদ্যোগত উদ্‌যাপন কৰা হয় শ্বহীদ দিৱস। আজিৰ শ্বহীদ দিৱস অনুষ্ঠানটোত আঞ্চলিক ৰাসক্ৰীড়া সমিতিৰ সম্পাদক সৰ্বেশ্বৰ দাস, বিন্দু আহমেদ, তাৰিণী কান্ত দাস, গোবিন্দ শৰ্মা, মানস শৰ্মা, হিৰক দাস লগতে অঞ্চলটোৰ বহুলোক উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward