Friday, March 29, 2024
HomeARTICLEকাঁহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ ‘আমাৰ গাঁও আমাৰ গৌৰৱ’ শীৰ্ষক সভাত কৃষি...

কাঁহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ ‘আমাৰ গাঁও আমাৰ গৌৰৱ’ শীৰ্ষক সভাত কৃষি সামগ্ৰী বিতৰণী সভা

প্ৰকাশিত তাৰিখঃ ১২ অক্টোবৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

‘আমাৰ গাঁও আমাৰ গৌৰৱ’ অসম কৃষি বিশ্ব বিদ্যালয়ৰ এলানী গণমুখী আঁচনি। এইলানী আঁচনিৰ জৰিয়তে কৃষি বিজ্ঞানীসকল গাঁওমুখী হৈ কৃষকৰ সমস্যা সন্দৰ্ভত এক মতবিনিময়ৰ সুযোগ লাভ কৰিছে। ইয়াৰে এক অংশ স্বৰূপ ‘কৃষকক কৃষি সামগ্ৰী বিতৰণী সভা’ এখন আজি অৰ্থাৎ ১১ অক্টোবৰত ৰাণীৰ বাহুপাৰা দুৰ্গা মন্দিৰ প্ৰাংগনৰ প্ৰেক্ষাগৃহত অনুস্থিত হয়।

উক্ত সভাখনত সভাপতিত্ব কৰে ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনে। কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিষয়া ৰিংকুমণি ফুকনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই কেন্দ্ৰটোৰ জ্যেষ্ঠ বিজ্ঞানী ড ডালিম পাঠকে।

সৰ্বভাৰতীয় মচলা জাতীয় শস্য গৱেষণা প্ৰকল্পৰ সমন্বয়ক তথা কাঁহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড কুসুম কুমাৰ ডেকাই ৰাণী অঞ্চলত মচলা খেতিৰ প্ৰচুৰ সম্ভাৱনীয়তা আৰু ইয়াৰ বজাৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

আনহাতে, সৰ্বভাৰতীয় পুষ্প গৱেষণা প্ৰকল্পৰ সমন্বয়ক তথা কাঁহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড সুনীল বৰাইও অঞ্চলটোত ফুলখেতিৰ জৰিয়তে এটি পৰিয়াল স্বাৱলম্বী হৈ উঠিব পাৰে বুলি ব্যক্ত কৰে। কাৰণ, গুৱাহাটীৰ গাতে লাগি থকা ৰাণী অঞ্চলত বাট–পথৰ সূচল ব্যৱস্থা আছে আৰু অতি কম সময়ৰ ভিতৰত উৎপাদিত ফচল গুৱাহাটীত বিক্ৰীৰ ব্যৱস্থাও কৰিব পাৰি।

খানাপাৰাস্থিত অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কল্প ৰঞ্জন গগৈয়ে অনুষ্ঠানটোত বিশিষ্ট্য ব্যক্তি হিচাপে উপস্থিত থাকি ৰাণীৰ বুৰঞ্জীৰ পৰা কৃষিলৈকে এক মননশীল বক্তব্য আগবঢ়ায়।

ইপিনে, ৰাণী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া বৰ্ণালী মেধিয়ে কয় যে– ৰাণী যথেষ্ট সম্ভাৱনাপূৰ্ণ অঞ্চল। ৰাণীৰ ওচৰৰ বৰঝাৰত আন্তৰ্জাতিক বিমান কোঠ, কাঁহিকুছিত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ লগতে উদ্যান শস্য গৱেষণা কেন্দ্ৰও আছে। নিজকে খেতিত আত্মনিয়োগ কৰিব পাৰিলে এই অনুষ্ঠান সমূহৰ পৰা বিভিন্ন দিশত লাভান্বিত হ’ব পাৰি। সেয়ে অঞ্চলটোৰ যুৱ প্ৰজন্মক কৃষিৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়। লগতে কৃষি বিভাগৰ পৰা এগৰাগী কৃষকে পাবপৰা সা–সুবিধাৰ বিষয়েও বক্তব্যত প্ৰকাশ কৰে।

অনুষ্ঠানত কৃষকৰ মাজত উন্নত জাতৰ তামোল, জালুক, নেমুৰ পুলি, ডেনড্ৰ’বিয়াম ফুলৰ বীজ বিতৰণ কৰে। ইতিমধ্যে, উদ্যান শস্য গৱেষণা কেন্দ্ৰই ৰাণীৰ বাহুপাৰা আৰু গণপতি গাঁৱত ফুল, মচলা আৰু বাঁহখেতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

সভাত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ কণিষ্ঠ বিজ্ঞানী অঞ্জন বৰা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জয়ন্তী ৰাভা, অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া অতুল মাৰাক, ব্যৱসায়ী মনোৰঞ্জন দাস বড়ো লগতে কৃষি কাৰ্যৰ লগত জড়িত অঞ্চলটোৰ বহু সংখ্যক পুৰুষ–মহিলা উপস্থিত থাকে।

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha   

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward