Friday, April 26, 2024
Homeবাতৰিবিশ্ব ভূমি দিৱস উদ্‌যাপন

বিশ্ব ভূমি দিৱস উদ্‌যাপন

প্ৰকাশিত তাৰিখঃ ১০ ডিচেম্বৰ, ২০১৮

চি এন ব্যুৰ’

কৃষি বিজ্ঞান কেন্দ্ৰ (কে ভি কে), কামৰূপ আৰু অসম কৃষি বিশ্ববিদ্যালয় (এ এ ইউ), কাঁহিকুছি চৌহদে উদ্‌যাপন কৰে ‘বিশ্ব ভূমি দিৱস’। উক্ত ভূমি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় কৃষক সজাগতা সভাৰ। যোৱা ৬ নৱেম্বৰ বৃহস্পতিবাৰে বৰিহাটৰ শিক্ষক ভৱন প্ৰেক্ষাগৃহত আয়োজিত এই কৃষক সজাগতা সভাত স্থানীয় ব্যক্তি, কৃষক আৰু বহুসংখ্যক মহিলাই অংশ গ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মকৰ্তাসকলে বিশ্ব ভূমি দিৱসৰ ব্যাখ্যা আগবঢ়োৱাৰ লগতে কৃষি সমস্যা সন্দৰ্ভত স্থানীয় খেতিয়কসকলৰ লগত ভাৱবিনিময় কৰে। উক্ত সভা আয়োজনৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰে সহায় সহযোগ আগবঢ়ায় সংগঠক মুকুল কলিতাই।

 

শিৰোনামৰ ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward