প্ৰকাশিত তাৰিখঃ ৭ আগষ্ট, ২০২২
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ পলাশবাৰীত সাংস্কৃতিক কৰ্মী ভাস্কৰ কুমাৰৰ নেতৃত্বত আৰু অনিৰ্বাণ কুমাৰ সহযোগত বি১৬ ইউনিক ডেন্স একাডেমী নামৰ এটি আধুনিক নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ জন্ম লাভ কৰে। যোৱা ৬ আগষ্টত পলাশবাৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰা হয়। শিক্ষাৰ্থী, অভিভাৱক আৰু শুভাকাংক্ষীৰ উপস্থিতিত শুভ উদ্বোধনী অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে শিক্ষাগুৰু অনুকুল দাসে
উল্লেখ্য যে, প্ৰশিক্ষণৰ সময়ছোৱাত সাংস্কৃতিক ক্ষেত্ৰত সুবিধা হোৱাকৈ শিক্ষাৰ্থীসকলক আধুনিক নৃত্যৰ বিভিন্ন কৌশল শিকোৱাৰ ব্যৱস্থা কৰিছে। সেয়ে অনুষ্ঠানখনত নৃত্য প্ৰশিক্ষণৰ বাবে ইতিমধ্য অঞ্চলটোৰ বহু সংখ্যক শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰিছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News