Friday, March 29, 2024
Homeবাতৰিবোকাখাতত বিশ্ব ব্যাঘ্ৰ দিৱস পালন

বোকাখাতত বিশ্ব ব্যাঘ্ৰ দিৱস পালন

প্ৰকাশিত তাৰিখঃ ৬ আগষ্ট, ২০১৮  

চি এন ডেক্স

বিশ্ব ব্যাঘ্ৰ দিৱস গোলাঘাট জিলাৰ বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত পালন কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, বোকাখাত মহকুমা প্ৰশাসন আৰু বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত যোৱা ২৯ জুলাই তাৰিখত উদযাপন কৰা হয় এই বিশ্ব ব্যাঘ্ৰ দিৱস।

সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আনুষ্ঠানিভাৱে মুকলি কৰা অনুষ্ঠানত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰে। অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী অতুল বৰা, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথন আৰু বিভাগটোৰ সঞ্চালক ডা অনুপ কুমাৰ দাসে। অনুষ্ঠানৰ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, কাম কৰাৰ ক্ষেত্ৰত চৰকাৰী–বেচৰকাৰী উভয় অনুষ্ঠানৰে আন্তৰিকতা থাকিব লাগিব। সেয়ে বাঘ–মানুহৰ সংঘাত নিৰাময়ৰ বাবে উভয় অনুষ্ঠানকে আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায়। বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন কৰাৰ বাবে আয়োজক অনুষ্ঠানকেইটাক ভূয়সী প্ৰশংসা কৰে।

বিশ্ব প্ৰকৃতি নিধিৰ ড প্ৰণৱ জ্যোতি বৰাই কয় যে, অসমত বাঘে মৰা পশুধনৰ ক্ষতিগ্ৰস্ত লোকক বৰ্তমানতকৈ বৰ্ধিত হাৰত ক্ষতিপূৰণ দিব লাগে। বৰ্ধিত হাৰৰ এই ক্ষতি পূৰণ দিয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কেবিনেট মন্ত্ৰী অতুল বৰাৰ প্ৰতি অনুৰোধ জনায়।

উক্ত অনুষ্ঠানত ‘বাঘ সংৰক্ষণত সৰ্বসাধাৰণৰ দায়বদ্ধতা’ শীৰ্ষক মুল বিষয়ৰ ওপৰত মন্তব্য ৰাখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বাঘৰ প্ৰয়োজনীয়তা, বাঘৰ ভুমিকা আৰু সংৰক্ষণ, ব্যাঘ্ৰ প্ৰকল্প, গণনা সম্পৰ্কত সচিত্ৰ উপস্থাপনেৰে উপস্থিত লোকৰ সৈতে মত বিনিময় কৰে।

গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, অতিৰিক্ত উপায়ুক্ত উৎপল দ’লে, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, মহকুমা দণ্ডাধীশ শান্তনু গগৈ আৰু মহকুমা আৰক্ষী বিষয়া বিটুল চেতিয়া, নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতি, ডা বোধেশ্বৰ গগৈ, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, জেষ্ঠ সাংবাদিক স্বপন নাথ লগতে অঞ্চলটোৰ বিভিন্ন দল–সংগঠনৰ প্ৰতিনিধি, ছাত্ৰ–ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward