Thursday, April 25, 2024
HomeUncategorizedবৰঝাৰ বিমান বন্দৰত প্ৰি–পেইড টেক্সি সেৱা মুকলি

বৰঝাৰ বিমান বন্দৰত প্ৰি–পেইড টেক্সি সেৱা মুকলি

প্ৰকাশিত তাৰিখঃ ৩ মাৰ্চ, ২০২২

অগ্ৰণী সংবাদ –

চানডুবি নিউজ ৰিপৰ্ট –

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ যাত্ৰী সকললৈ প্ৰি–পেইড টেক্সি সেৱা আগবঢ়াইছে। অলপতে মুকলি কৰা এই সেৱাত বয়োজ্যেষ্ঠ, অকলশৰীয়া মহিলা যাত্ৰী, বিভিন্ন কামত সঘনাই যাতায়ত কৰা বিমান যাত্ৰীসকলৰ বাবে এক নিৰ্ভৰযোগ্য সেৱা অন্তৰ্ভূক্ত কৰিছে।

বিশেষকৈ এই সেৱা মুকলিৰ ফলত বিমান যাত্ৰীসকলে গন্তব্য স্থানত যাবৰ বাবে টেক্সি বিচাৰি হাৰাশাস্তিৰ সন্মুখীণ হ’বলগীয়া নহ’ব।  

বিমান বন্দৰত অৱতৰন কৰা সকলো যাত্ৰীয়ে আগমন কক্ষৰ ভিতৰতে থকা বুথৰ পৰা টিকট সংগ্ৰহ কৰি নিজৰ গন্তব্যলৈ স্থানলৈ যাতায়তৰ সুযোগ লাভ কৰিব পাৰিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward