প্ৰকাশিত তাৰিখঃ ২৫ নৱেম্বৰ, ২০২৪
কল্প ৰঞ্জন গগৈ –
এক দীঘলীয়া সংগ্ৰামৰ ফলশ্ৰুতি হিচাপে (১৭৫৭ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ চনলৈ) সাম্ৰাজ্যবাদী শাসক সকলে ভাৰতবৰ্ষৰ অভিভাৱকসকলৰ হাতত শাসনৰ কৰ্তৃত্ব দি থৈ গৈছিল। বিভক্ত কৰি থৈ যোৱা দেশখনৰ শাসনভাৰ দুটা ভিন্ন শক্তিৰ হাতত দি থৈ গ’ল। দেশৰ জনতাই ঐক্যৱদ্ধ হৈছিল। সংগ্ৰাম কৰিছিল– ১৯২০ চনৰপৰা ৰাষ্ট্ৰপিতা মোহনদাস কৰমচাঁদ গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলৰ সৌজন্যত। জনতাৰ উদ্যোগত যি সংগ্ৰাম হৈছিল গহীন–গম্ভীৰভাৱে ১৯৩০ চনৰপৰা ২৬ জানুৱাৰী দিনটোক জনগণৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল আৰু ১৯৪৭ চনৰ স্বাধীনতাৰ পিচত ১৯৫০ চনৰপৰা ২৬ জানুৱাৰীৰ দিনটোক গণৰাজ্য দিৱস হিচাপে পালন কৰি অহা হৈছে। গণউদ্যোগ, গণসংগ্ৰামৰ ঠাই পালে কংগ্ৰেছ দলৰ নেতৃত্বত শাসকগোষ্ঠীৰ কৰ্তৃত্ব। যদিও দেশখনৰ স্বাধীনতাৰ মূল আদৰ্শ ফৰাচী বিপ্লৱৰ (১৭৮৯) সাম্য, মৈত্ৰী স্বাধীনতাৰ আৰু ৰুছ বিপ্লৱৰ (১৯১৭) সমাজতন্ত্ৰৰ পৰা অহা। সাম্ৰাজ্যবাদী শক্তিৰ প্ৰলোভন কূট–কৌশল আৰু প্ৰতিবিপ্লৱী কাৰ্য বুজিবলৈ অপাৰগ দেশৰ জনগণৰ বাবে এই মাজনিশাৰ স্বাধীনতা হৈ পৰিল এক শোকগাঁথা–ৰক্তাক্ত ট্ৰেজেডী। আজিও আমি এই ট্ৰেজেডীৰ পৰা মুক্ত হ’ব পৰা নাই।
বিপ্লৱ হ’লে প্ৰতিবিপ্লৱ থাকিবই। মহাত্মাই এই চয়তানৰ উপস্থিতি স্বীকাৰ নকৰিছিল। ভাৱিছিল যে দেশ স্বাধীন হ’লেই মানুহবোৰ ভাল হ’ব বা সঠিকভাৱে মূল্যায়ন কৰিছিল সাম্ৰাজ্যবাদী চক্ৰান্ত আৰু সিহঁতৰ সহযোগী প্ৰতিক্ৰিয়াশীল সকলৰ কাৰচাজী। তেওঁৰ জীৱন কাঢ়ি নিয়াৰ কাৰণ তেওঁৰ এই বিজ্ঞতা। ৰুছ সমাজতন্ত্ৰক ধ্বংস কৰিবলৈ যি সাম্ৰাজ্যবাদী চক্ৰান্ত গঢ় লৈছিল সি ইতিমধ্যে তৃতীয় বিশ্বৰ দুৰ্বল দেশ সমূহলৈ প্ৰসাৰিত হৈ ধ্বংস কাৰ্য চলাইছিল ভিন্ন ৰূপত।
সাম্ৰাজ্যবাদৰ ‘মিষ্টাৰ বাহুবলী’ হৈছে পতনশীল পুঁজিবাদী দেশ আমেৰিকা। অথচ সমগ্ৰ বিশ্বক সঠিক দিশত নেতৃত্ব দিব পৰা ক্ষমতা আমেৰিকাৰহে। বিশ্বলৈ ফৰাচী বিপ্লৱ অনা শক্তি হৈছে তাৰ বুৰ্জোৱাসকল অৰ্থাৎ মধ্যশ্ৰেণী (Middle Class)। আমাৰ দৰে দেশত এই মধ্যশ্ৰেণীটোৱেই ৰূপান্তৰকামী শক্তি। পৃথিৱীৰ শ্ৰমিক–কৃষকৰ মুক্তিৰ নেতাসকলো এই মধ্য শ্ৰেণীৰ পৰাই অহা।
এটা কথা ঠিক যে ছাত্ৰ শক্তিক প্ৰগতিশীল যেন লাগিলে? ই মূলতে নৈৰাজ্যবাদী–বৈপ্লৱিক নহয়। এই ছাত্ৰই ৰাজনীতিত যোগ দিয়াৰ পিচত বিশেষকৈ আমাৰ দৰে আধাবৈপ্লৱিক ৰাজনীতিৰ দেশত ই কৃষক–শ্ৰমিক কাৰোৱেই পক্ষ নলৈ সুবিধাবাদৰ পক্ষ লয়গৈ।
ভাৰতবৰ্ষৰ নিৰ্বাচন আৰু পৰিমাণগত ফলাফলৰ ওপৰত নিৰ্ভৰশীল ‘নৈৰাজ্যবাদী ৰাজনীতি’ৰ ট্ৰেজেদি হ’ল সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুদ্ধ কৰি স্বাধীনতা অনাৰ পিচত ইয়াৰ শাসকসকল সাম্ৰাজ্যবাদৰ শিৱিৰত। সেয়ে আমেৰিকা–ইজৰাইলৰ পক্ষত থকাৰ বাবে যুদ্ধৰ বিৰুদ্ধে এষাৰো মাত মতা নাই। বিশ্বগুৰুৰ বাণী ‘একলা চলো ৰে’ মূলূহীন কৰি তুলিছে। ভীৰুতাৰ বাবে।
শান্তিৰ দেশ ভাৰতে আজি বুদ্ধৰ নীতি লৈ যুদ্ধৰ সমৰ্থক সকলো দেশকে ধিক্কাৰ দিব লাগিছিল। ইয়াৰ শাসকসকলে জনগণক সঠিক পথ দেখুৱাবলৈ ইয়াৰ বুদ্ধিজীৱিকলক আহ্বান দিব লাগিচিল। দেশৰ জনগণৰ আত্মসন্মান গঢ়াৰ বাবে ৰাষ্ট্ৰপিতাৰ আদৰ্শৰে সাংস্কৃতিক আন্দোলনৰ সম্প্ৰসাৰণ কৰিব লাগিছিল। সম্ৰাট অশোকৰ দিনৰ মহামেলখন সময়োচিত যুগোচিত কৰিব লাগিছিল।
আমেৰিকাৰ ভিয়েটনাম দখল যুদ্ধৰ বিৰুদ্ধে যুঁজিছিল অকলে– World Champion Boxer Muhammed Ali য়ে। কাৰণ ‘No Vietcong Has Ever Called me a nigger’।
পৰাধীন ভাৰতবৰ্ষৰ স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) আমেৰিকাত কৈছিল– ‘Your Country is under the Tyranny of Shylocks’।
আমাৰ দেশৰ জনগণে কওক– আমি অকলেই মাত দিম যুদ্ধৰ বিৰুদ্ধে। পৃথিৱীৰ শান্তিৰ বাবেই আমি মহীৰূহ– পংগু অংগ নহয়। যেহেতু ৰাষ্ট্ৰসংঘ নিজেই বিশ্বৰ শৰীৰৰ এক পংগ অংগ সেয়ে ভাৰতবৰ্ষৰ সচেতন–সুচেতন জনতাই স্বামী বিবেকানন্দৰ দৰ্শন–আদৰ্শ–বুৰঞ্জীৰে গঢ়ি তোলক বিকল্প ৰাষ্ট্ৰৰ সংঘ– Unrepresented Peoples Organisation।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News