Friday, April 19, 2024
HomeUncategorizedমাকৰ সৈতে বিচ্ছিন্ন হোৱা বনৰীয়া হাতী পোৱালি উদ্ধাৰ

মাকৰ সৈতে বিচ্ছিন্ন হোৱা বনৰীয়া হাতী পোৱালি উদ্ধাৰ

প্ৰকাশিত তাৰিখঃ ৭ ছেপ্টেম্বৰ, ২০২০

চি এন ডেস্ক –

মাকৰ সৈতে বিচ্ছিন্ন হৈ পৰা বনৰীয়া হাতী পোৱালি এটি ৰাণী চাহ বাগিছাত উদ্ধাৰ। যোৱা ৪ ছেপ্টেম্বৰ শুক্ৰবাৰে বাগিছাখনৰ পাহাৰৰ কাষৰ খাল এটাত পৰি থকা অৱস্থাত হাতী পোৱালিটো দেখি বাগিছাৰ কেইজনমান কৰ্মচাৰী আগুৱাই যায় আৰু খালটোৰ পৰা তুলি আনে। অতিপাত ভোকত থকা পোৱালিটো লৱেজান হৈ পৰিছিল। কৰ্মচাৰীসকলে ইফাল–সিফাল ঘূৰিও মাকৰ অৱস্থিতিৰ উমান লাভ কৰিবপৰা নাছিল। সেয়ে ততালিকে পোৱালিটোক গাখীৰ খুওৱাৰ ব্যৱস্থা কৰে। গাখীৰ খুৱাই উঠি কৰ্মচাৰীকেইজনে পোৱালিটোক কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াই ভাবি আছিল। কিন্তু তেনেকৈ ডেৰ ঘণ্টামান অতিক্ৰম কৰাৰ পাছত ওচৰৰ পাহাৰখনত হাতী জাকৰ অৱস্থিতিৰ উমান লাভকৰে। সেইজাকটোতে পোৱালিটোৰ মাক থকা বুলি অনুমান কৰি পোৱালিটোক পাহাৰৰ পিনে পঠিয়াই দিয়ে। পোৱালিটোৱে লাহে লাহে পাহাৰৰ পিনে খোজকাঢ়ি গৈ গৈ অৱশেষত মাক থকা জাকটোৰ লগত মিলিত হয়। 

শিৰোনামৰ ফটোঃ যুগল ৰাভা

Title Pix: Jugal Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward