Saturday, April 20, 2024
Homeবাতৰিমুগা বস্ত্ৰই অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰিব পাৰে

মুগা বস্ত্ৰই অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰিব পাৰে

প্ৰকাশিত তাৰিখঃ ২ জুলাই’ ২০১৮

চি এন ডেক্স

মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি (আল্ট্ৰা ভায়’লেট ৰে’) এশ শতাংশ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে মুগাবস্ত্ৰৰ। অসমলৈ এই সু–খবৰ কঢ়িয়াই আনিছে জাপানৰ পি এছ জি কলেজ অব্‌ টেক্‌ন’লজিৰ তিনিগৰাকী বিজ্ঞানীয়ে। বিজ্ঞানীকেইগৰাকীয়ে মুগা বস্ত্রৰ ওপৰত ধাৰাবাহিকভাৱে কৰা এক গৱেষণা অন্তত এই ফলাফল লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ‘মানৱ শৰীৰৰ দুৰ্গন্ধ প্রতিৰোধ কৰিব পৰা আৰু অতি বেঙুনীয়া ৰশ্মি প্রতিৰোধ ক্ষমতা থকা বস্ত্র’ এইটোক মূল বিষয় হিচাপে লৈ প্রতিষ্ঠানটোৰ এ মাৰিয়াপ্পান, কে ভেলিংগিৰি আৰু জে জেয়াক’ডি ম’চেছ নামৰ তিনিগৰাকী বিজ্ঞানীয়ে গৱেষণা কৰিছিল। গৱেষণাকালত বিজ্ঞানীকেইজনে মুগা বস্ত্ৰত ৯৬–৯৭.৪ শতাংশ অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধ ক্ষমতা থকাটো নিশ্চিত কৰে। মুগা বস্ত্ৰ পৰিধান কৰাৰ ফলত শৰীৰৰ দুৰ্গন্ধ নাশ হয় বুলি ১০০শতাংশই নিশ্চিত হয়। মুগা সূতাৰে তৈয়াৰী বস্ত্ৰ পৰিধান কৰা ব্যক্তিৰ তুলনাত অন্য সূতাৰে তৈয়াৰী বস্ত্ৰ পৰিধান কৰা ব্যক্তিৰ শৰীৰৰ দুৰ্গন্ধৰ বহু তফাৎ থকা বুলি বিজ্ঞানী কেইগৰাকীয়ে প্ৰকাশ কৰে। মুগা বস্ত্ৰৰ অগ্নি আৰু অস্ত্ৰৰ আঘাত প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও অধিক আনকি এচিড ঢালি দিলেও এই বস্ত্ৰক সহজে ক্ষতি কৰিব নোৱাৰে বুলি প্ৰকাশ কৰে।     

অতি বেঙুনীয়া ৰশ্মিয়ে মানুহৰ দেহত কৰ্কট ৰোগৰ সৃষ্টি কৰাৰ লগতে ৰ’দে পোৰা (ছানবাৰ্ন), ছাল শোতোৰা পৰা (ৰিংকল্‌) ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা আৰু অকালপক্কতা আদি বিভিন্ন সমস্যাই দেখা দিয়ে। বেঙুনীয়া ৰশ্মিৰ পৰিমাণ বৃদ্ধিৰ মুলতে হ’ল পৰিবেশ প্ৰদূষণ। এই বেঙুনীয়া ৰশ্মি প্ৰতিৰোধৰ বাবে বিভিন্ন ধৰণৰ কৃত্ৰিম প্ৰসাধন সামগ্ৰী উৎপাদন কৰিছে। কিন্তু কোনোটোৱেই মুগা বস্ত্ৰৰ সৈতে ফেৰ মাৰিব পৰা নাই।

সোণ বৰণীয়া মুগা সূতা অসমত উৎপন্ন হোৱাৰ বাবে অসমক সোণালী সূতাৰ দেশ বুলি কোৱা হয়। অসমৰ মানুহে পৰম্পৰাগতভাৱে উৎপাদন কৰি অহা এই মুগা বস্ত্ৰ সমগ্ৰ বিশ্বৰ দৰবাৰত বহুলভাৱে সমাদৃত।

২০০৭ চনত অসমৰ মুগা সূতাই অসম তথা উত্তৰ–পূবৰ সম্পতি বুলি জি আই (জিঅ’লজিকেল ইণ্ডিকেশ্যন) মৰ্যাদা লাভ কৰে। এই মৰ্যাদা লাভৰ কাৰণে বহু যুঁজ কৰিবলগীয়া হয়। তাৰবাবে যোৰহাটস্থিত কেন্দ্ৰীয় এৰী–মুগা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ আৰু গুৱাহাটীৰ আই আই টি’য়ে এই সন্দৰ্ভত যুটীয়াভাৱে গৱেষণা কৰিব লগা হয়। মুগা শিল্প যে কেৱল অসম বা উত্তৰ–পূবৰ তাক নিশ্চিতি কৰিবলৈ দুয়োখন প্ৰতিষ্ঠানে ‘জিনম ফ্রিকুৱেন্সি’ আৰু ‘মাইট’কন্দ্ৰীয়া’ৰ ওপৰত গৱেষণা কৰিছিল বুলি কেন্দ্ৰীয় এৰী–মুগা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ বিজ্ঞানী ড কাৰ্তিক নেওগে উল্লেখ কৰে। এই ব্যৱস্থা গ্ৰহণ নকৰা হ’লে অসমৰ ৫০০ বছৰীয়া পুৰণি শিল্পটোৰ কৃতিত্ব চীনে কাঢ়ি নিলেহেতেন। ইতিমধ্যে মুগা সূতাৰ কৃতিত্ব চীনে নিজৰ কৰি লোৱাৰ বাবে বহু চেষ্টা চলোৱা বুলি বিভিন্ন মহলত প্ৰকাশ পাই আহিছে।               

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward