Friday, April 19, 2024
Homeবাতৰিনাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীত বজ্ৰনিনাদ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীত বজ্ৰনিনাদ প্ৰতিবাদ

প্ৰকাশিত তাৰিখঃ ২ জুলাই’ ২০১৮

চি এন ব্যুৰ’

অসমক ধ্বংস কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰখৰ ৰ’দৰ গৰমকো আওকান কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীৰ ধ্বনি, ভূপেন্দ্ৰ সংগীতৰ সুৰ আৰু বৰকাঁহৰ শব্দই কঁপাই তুলিলে গুৱাহাটীৰ আকাশ–বতাহ।

২৯ জুনত আছু আৰু ২৮ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত গুৱাহাটীৰ লতাশিল খেলপথাৰত পালন কৰে গণ সত্যাগ্ৰহ কাৰ্যসূচী। ‘আহ ঐ আহ, ওলাই আহ, খেদ ঐ খেদ বিদেশীক, বাংলাদেশীৰ ৰক্ষক হুচিয়াৰ’ আদি বিভিন্ন ধ্বনিৰে স্কুল–কলেজীয়া ছাত্ৰ–ছাত্ৰী, আবাল–বৃদ্ধ–বনিতা সকলোৱেই ওলাই আহি যোগ দিছে এই প্ৰতিবাদ কাৰ্যসূচীত। সেয়াই নহয় লতাশিল খেলপথাৰৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈ উলিওৱা সমদল যাত্ৰাত প্ৰতিবাদকাৰীক উৎসাহ যোগাবলৈ পথৰ কাষত ৰৈ থাকি অভিবাদন জনায় অসংখ্যলোকে।    

আছু’ৰ নেতৃবৰ্গৰ উপৰি সদৌ অসম ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা, ডিমাচা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, কোচ–ৰাজবংশী ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, হাজং ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, ভাৰত কাৰ্বি ছাত্ৰ সন্থা, মদাহি ছাত্ৰ সন্থা, দেউৰী ছাত্ৰ সন্থা, মটক যুৱ–ছাত্ৰ সন্মিলন, তিৱা যুৱ–ছাত্ৰ সন্থা, এন চি হিল্‌ছ ইণ্ডিজিনিয়াছ ষ্টুডেণ্টছ ফ’ৰাম, ট্ৰাইবেল যুৱ লীগ, মিচিং মিমাং কেবাং, মেছ–কছাৰী জাতীয় পৰিষদ, গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা কৰ্মীয়ে সদল–বলে অংশগ্ৰহণ কৰে।

আনহাতে, অসম সাহিত্য সভা, উত্তৰ–পূৰ্বাঞ্চল ছাত্ৰ সন্থা (নেছ’), সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, নাথ–যোগী ছাত্ৰ সন্থা, গৰিয়া–মৰিয়া যুৱ–ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, অসম গোৰ্খা সন্মিলন, অসম গণ সন্মিলন, সদৌ অসম গৰিয়া পৰিষদ, দেশী জনগোষ্ঠীয় মঞ্চ–অসম, সদৌ অসম কৰ্মচাৰী পৰিষদ, মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী সন্মিলন, কেন্দ্ৰীয়–অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদ, পূৰ্বোত্তৰ হিন্দুস্তানী সন্মিলন, অসম প্ৰাকৃতিক কবি সন্মিলন, অসম আন্দোলন নিৰ্যাতিত কেন্দ্ৰীয় সমিতি, জাতীয় ছহিদ সমন্বয়ৰক্ষী সমিতি, গুৱাহাটী বিশ্ব বিদ্যালয় বিষয়া সন্থা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থা, কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অল আছাম আৰ্ম ৰেষ্টলিং এছ’চিয়েচন, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিষদ, সদৌ অসম নিবনুৱা সন্থা আদি ভিন্ন ভাষা–ভাষী অনুষ্ঠান প্ৰতিষ্ঠানে লতাশিল খেলপথাৰত থিয় হয়।

আছু’ৰ সভাপতি দীপাংক নাথে আঁত ধৰা সভাখনত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অদীপ কুমাৰ ফুকন, বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ, অগপ দলৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিৰাজ শৰ্মা, ৰেখাৰাণী দাস বড়ো, জ্যেষ্ঠ অধিবক্তা সত্যেন ডেকা আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

আছু’ৰ মুখ্য উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়নি দি কয়, চৰকাৰে অসমবাসী ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা নল’ব। এনে কৰিলে আহি থকা দিনবোৰত বিষম পৰিণতিৰ সন্মুখীন হ’ব লাগিব। ৰাজপথত আন্দোলন চলি থাকোতেই সমাধানৰ ব্যৱস্থা লওক, নহ’লে ৰাজপথ এৰি আন্দোলনে জনপ্ৰতিনিধিৰ চোতাল গচকিব।           

আছু’ৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়, অসমীয়াৰ ৰাজহাঁড় ভাঙিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধাৰাবাহিকভাৱে ষড়যন্ত্ৰত জড়িত হৈছে। অসমীয়াৰ গণতান্ত্ৰিক আন্দোলন সমূহৰ প্ৰতি তেওঁৰ চৰকাৰে কোনো সন্মান প্ৰদৰ্শন কৰা নাই। প্ৰধান মন্ত্ৰীক মিছলীয়া বুলি অভিহিত কৰাৰ লগতে জাতিধ্বংসী এই বিধেয়ক যদি গৃহীত হয় তেনেহ’লে চৰকাৰে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি সকিয়াই দিয়ে।

সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীয়ে কয়, মেঘালয়, নাগালেণ্ড, মণিপুৰ চৰকাৰে জাতি ধ্বংসী বিধেয়কখনৰ বিৰোধীতা কৰিব পাৰে কিন্তু অসম চৰকাৰে এতিয়ালৈ বিৰোধিতা কিয় কৰিব পৰা নাই বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে।        

আবছু’ৰ লৰেন্স ইছলাৰীয়ে ৰাজ্য চৰকাৰ আৰু অসম গণ পৰিষদক দুমুখীয়া নীতি গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে।              

টাই আহোম ছাত্ৰ সন্থাৰ উপ–সভাপতি মনোজ গগৈয়ে কয়, জাতিটোৰ স্বাৰ্থত বুকুত গুলী পাতি ল’বলৈ প্ৰতি অসমীয়াই সাজু। এই ভূ–খণ্ড অসমীয়াৰ, গতিকে ইয়াত অসমীয়াৰ প্ৰভূত্ব থাকিবই লাগিব। নিজৰ ভূমিত কোনোবাই ৰঙা চকু দেখুৱালে তাক কোনোকালে সহ্য নকৰো। জানিথোৱা ভাল জাতিতকৈ জাতীয় নায়ক ডাঙৰ নহয়।

আৰছু’ৰ সভাপতি ৰমেনসিং ৰাভাই কয়, ৰাইজ সমবেত হ’লেই নহ’ব, ৰাজ্যখনৰ প্ৰতিটো জাতি–জনগোষ্ঠীয়ে সঁচা অৰ্থত একত্ৰিত হ’বই লাগিব। নহ’লে বিদেশীয়ে অসমৰ অস্তিত্বকে বিপদাপন্ন কৰি তুলিব।

 

শিৰোনামৰ ফটোঃ ব্যুৰ’ ফটোগ্ৰাফ

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward