Friday, March 29, 2024
Homeবাতৰিপ্ৰতাৰণাৰ প্ৰতিবাদঃ দৰংগিৰিত ৰে’লপথ অৱৰোধ

প্ৰতাৰণাৰ প্ৰতিবাদঃ দৰংগিৰিত ৰে’লপথ অৱৰোধ

প্ৰকাশিত তাৰিখঃ ৯ জুলাই’ ২০১৮

চি এন ডেক্স

এছিয়াৰ ভিতৰত বিখ্যাত দৰংগিৰি কল বজাৰৰ সমীপত ৰে’লৱে ষ্টেচন স্থাপনৰ ক্ষেত্ৰত আজি তেৰটা বছৰ অপেক্ষা কৰিও কোনো ফল নাপালে অঞ্চল ৰাইজ। যোৱা ৩ জুলাইত এই তেৰ বছৰীয়া প্ৰতাৰণাৰ প্ৰতিবাদ স্বৰূপে গোৱালপাৰা জিলাৰ দৰংগিৰিত ৰে’লপথ অৱৰোধ কাৰ্যসূচী হাতত লয়। দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে নেতৃত্ব লোৱা এই প্ৰতিবাদ কাৰ্যসূচীত দৰংগিৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা, কোছ–ৰাজবংশী ছাত্ৰ সন্থা, কোছ–ৰাজবংশী সন্মিলন, বেংগলী যুৱ–ছাত্ৰ ফেডাৰেচনকে আদিকৰি অঞ্চলটোৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে।

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এই কল বজাৰখনৰ উন্নয়ণৰ বাবে দৰংগিৰিত এটা ৰে’লৱে ষ্টেচন স্থাপনৰ দাবীত চৰকাৰ তথা ৰে’ল মন্ত্ৰ্যালয়ৰ ওচৰৰ বহুবাৰ আবেদন–নিবেদন কৰা হ’ল যদিও কোনো ফল নাপালে। চৰকাৰ আৰু ৰে’ল মন্ত্ৰ্যালয় উভয়ে কোনো গুৰত্ব আৰোপ নকৰিলে ৰাইজৰ আবেদন–নিবেদনক। অপেক্ষাৰ চূড়ান্ত সীমা অতিক্ৰম কৰাৰ পিচত কামাখ্যা–যোগীঘোপা ৰে’লপথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয়। সেয়ে স্থানীয় ৰাইজ, দল–সংগঠনে ওলাই আহি দৰংগিৰি টিলাপাৰাৰ ৰে’লপথ অভিমুখে অগ্ৰসৰ হয় যদিও আদবাটতে নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে। ফলত সেই স্থানতে প্ৰতিবাদকাৰীসকলে প্ৰায় তিনি ঘণ্টা সময় বিভিন্ন দাবী সম্বলিত শ্লোগান দিয়ে।

সুযোগ বুজি একাংশ প্ৰতিবাদকাৰীয়ে কামাখ্যা–যোগীঘোপা ৰে’লপথত দিল্লী–গুৱাহাটী সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ আৰু মেন্দিপথাৰ–গুৱাহাটী পেছেঞ্জাৰ ৰে’ল দুখন অৱৰোধ কৰিবলৈ সক্ষম হয়।

দুধনৈ ৰাজহ চক্ৰ বিষয়া উৰ্মি মেধি আৰু জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই অৱৰোধকাৰীসকলৰ সৈতে কেইবাবাৰো আলোচনা চলাই যদিও ৰে’লৱেৰ শীৰ্ষ বিষয়াৰ অনুপস্থিতিৰ বাবে আলোচনাই সফলতা লাভ কৰা নাছিল। অৱশেষত গোৱালপাৰা ৰে’লৱে সংমণ্ডলৰ সহকাৰী মাণ্ডলিক অভিযন্তা দীপেন্দ্ৰ গিৰীয়ে বহু পলমকৈ প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰে’লৱে ষ্টেচন স্থাপন দাবী সম্বলিত স্মাৰক–পত্ৰখন গ্ৰহণ কৰে।

ইপিনে, ৰে’লৱে ষ্টেচন স্থাপনৰ বাবে প্ৰতিবাদী ৰাইজে এমাহ কাল ধাৰ্য কৰা বুলি বিষয়াজনক জনাই দিয়ে। যদি ৰাইজৰ দাবীৰ প্ৰতি ৰে’ল মন্ত্ৰ্যালয়ে সন্মান নজনায় তেনেহ’লে পৰৱৰ্তী সময়ত ব্যাপকভাৱে আন্দোলন গঢ়ি তুলিব বুলি বিষয়াজনক জনাই দি সেইদিনৰ প্ৰতিবাদ কাৰ্যসূচী সমাপ্ত কৰে।  

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward