Friday, March 29, 2024
Homeবাতৰিটাই–আহোম লিপিলৈ ইউনিক'ডৰ স্বীকৃতি

টাই–আহোম লিপিলৈ ইউনিক’ডৰ স্বীকৃতি

প্ৰকাশিত তাৰিখঃ ৯ জুলাই’ ২০১৮

চি এন ডেক্স

ইউনিক’ডত অসমীয়া লিপিয়ে সুকীয়া স্থান লাভ সম্পৰ্কত সমগ্ৰ ৰাজ্যজুৰি বিতৰ্ক হৈ থকাৰ সময়তে টাই–আহোম লিপিয়ে মান্যতা লাভ কৰিবলৈ সক্ষম হোৱাত জনগোষ্ঠীটো উৎফুল্লিত হৈ পৰিছে। এতিয়াৰে পৰা ইউনিক’ডত আহোম লিপি ৰেঞ্জ ১১৭০০–১১৭ এফ’ত উপলব্ধ হ’ব। দ্য ইউনিক’ড ষ্টেণ্ডাৰ্ড ভাৰ্ছন– ১১.০’ত আহোম লিপি লিপিবদ্ধ হৈছে। টাই–আহোম লিপিয়ে সুকীয়া স্থান অধিকাৰ লাভ কৰাৰ পিচত আহোম লিপি আৰু বুৰঞ্জী বহুলভাৱে প্ৰচাৰিত হ’ব। টাই–আহোম লিপিৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিত আহোম বুৰঞ্জী আৰু সংস্কৃতি গৱেষণা প্ৰতিষ্ঠানে গৌৰৱবোধ কৰিছে আৰু ভাষাটোৰ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

আহোম লিপিক আন্তঃৰ্জাতিক মান নিৰূপক ব্যৱস্থা ইউনিক’ড কনছ’ৰ্টিয়ামে দক্ষিণ–পূৱ এছিয়াৰ ভিতৰত প্রথম স্থানত অধিষ্ঠিত কৰিছে।

টাই–আহোম ভাষা স্বীকৃতিৰ বাবে প্ৰসিদ্ধ ভাষাবিদ–গৱেষক ড ষ্টিফেন ম’ৰে আৰু মাৰ্টিন হাছকেৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা উল্লেখনীয়। ড ষ্টিফেন ম’ৰেই সুদীৰ্ঘ সোতৰ বছৰ ডিব্ৰুগড়ৰ লগতে অসমৰ বিভিন্ন ঠাই ঘুৰি টাই–আহোম ভাষা অধ্যয়ন আৰু গৱেষণা কৰে। উক্ত গৱেষণাৰ অন্তত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি তথা ইউনিক’ডত মৰ্যাদা লাভৰ কাৰণে ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত প্ৰতিবেদনৰ সৈতে আবেদন দাখিল কৰে। 

ডিব্ৰুগড় চহৰস্থিত মিলনগৰত থকা আহোম বুৰঞ্জী আৰু সংস্কৃতি গৱেষণা প্রতিষ্ঠানৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত অসম চৰকাৰে ইতিপূৰ্বে নিযুক্তি দিয়া টাই ভাষাৰ শিক্ষকসকলক আহোম ভাষাৰ শিক্ষক বুলি পৰিচয় দিয়াৰ দাবী জনায়। সংগঠনটোৱে লগতে আহোম ভাষাৰ শিক্ষানুষ্ঠান স্থাপন কৰিবলৈও দাবী উত্থাপন কৰিছে। শিক্ষানুষ্ঠানত আহোম লিপিৰ পাঠদান বাধ্যতামূলক কৰিবলৈও দাবী জনায়। উক্ত সংবাদমেলত প্ৰতিষ্ঠানটোৰ সভাপতি ভৰত সন্দিকৈ, কাৰ্যকৰী সভাপতি দুৰ্লভ চেতিয়া, সাধাৰণ সম্পাদক দিগন্ত ফুকন আৰু  আহোম সভাৰ ডিব্ৰুগড় সদৰ সম্পাদক দুৰ্লভ গগৈৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।  

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward