Friday, April 19, 2024
Homeবাতৰিইম্ফলত ৰাজ্যিক আনাৰস মহোৎসৱ আয়োজন

ইম্ফলত ৰাজ্যিক আনাৰস মহোৎসৱ আয়োজন

প্ৰকাশিত তাৰিখঃ ১৬ জুলাই’ ২০১৮

চি এন ডেক্স

মণিপুৰৰ ইম্ফলত আৰম্ভ হৈছে ১১সংখ্যক ৰাজ্যিক পৰ্যায়ৰ আনাৰস মহোৎসৱ, ক্ৰেতা–বিক্ৰেতা সন্মিলন আৰু যুৱ মহোৎসৱ ২০১৮। পুব ইম্ফল জিলাৰ এণ্ড্ৰ সমষ্টিৰ অন্তৰ্গত থামবালনু বজাৰ চৌহদত ৬ দিনীয়া কাৰ্যসূচীৰে যোৱা ১৪ জুলাইৰ পৰা আৰম্ভ হোৱা মহোৎসৱ ১৯ জুলাইলৈ চলিব। এণ্ড্ৰ সমষ্টিৰ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, এণ্ড্ৰ কেন্দ্ৰ (Development Organization, Andro Kendra (DOAK)ই ইষ্টাৰ্ণ ব’ৰ্ডাৰ এৰিয়া ডেভেল’পমেণ্ট অথ’ৰিটী (Eastern Border Area Development Authority(EBADA)ৰ জৰিয়তে আয়োজন কৰিছে এই মহোৎসৱ।  

মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাই উদ্বোধন কৰে এই মহোৎসৱ। থামবালনু বজাৰত উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগে নিৰ্মাণ কৰা শীতলীকৰণ গোটটো উদ্বোধন কৰি দিয়া ভাষণত, ৰাজ্যখনত সন্মিলিত প্ৰচেষ্টাৰে কৃষি উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। ৰাজ্যৰ খেতিয়কসকলে উৎপাদন কৰা ৰসাল আৰু সুমিষ্ট আনাৰস ‘কিউ’ (Kew) আৰু ‘কুইন’ (Queen) সকলোৰে মাজত জনপ্ৰিয়। এই দুবিধ আনাৰসৰ উৎপাদন বৃদ্ধি কৰিব পাৰিলে ৰাজ্যৰ বাহিৰত ৰপ্তানিৰ প্ৰচুৰ সম্ভাৱনা আছে। লগতে আনাৰস আৰু উৎপাদিত বিভিন্ন প্ৰকাৰৰ ফলমুল শুকাই বিক্ৰীৰ ব্যৱস্থা কৰিলে অধিক লাভ পোৱা যাব বুলিও ব্যক্ত কৰে।

উল্লেখনীয় যে, ২০০৮ চনত ৰাজ্যখনত প্ৰথমবাৰ আৰম্ভ হোৱা এই মহোৎসৱে কৃষকসকলক সৱলীকৰণ কৰি এখন সমূহীয়া মঞ্চত একত্ৰিত কৰিছে। য’ত কৃষি–পৰ্যটনৰ বিকাশৰ লগতে একতা আৰু ভ্ৰাতৃত্ববোধে জগাই তুলিছে।

ৰাজ্যৰ যুৱ প্ৰজন্মৰ সম্ভাৱনাক উপযোগীতা কৰি তোলাই হ’ল এই মহোৎসৱ আয়োজন কৰাৰ উদ্দেশ্য বুলি ব্যক্ত কৰে উদ্যান শস্য আৰু ভূমি সংৰক্ষণ মন্ত্ৰী থ’ শ্যামকুমাৰে।

উদ্বোধনী অনুষ্ঠানত উদ্যান–শস্য আৰু ভূমি সংৰক্ষণ মন্ত্ৰী থ’ শ্যামকুমাৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এল জয়ন্তকুমাৰ সিং, ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন এণ্ড্ৰ কেন্দ্ৰৰ পৃষ্ঠপোষক সদস্য ববিতা দেৱী, উদ্যান শস্য, ভূমি সংৰক্ষণ, নগৰ পৰিকল্পনা, বন আৰু পৰিৱেশ বিভাগৰ বিষয়া–কৰ্মচাৰী, আনাৰস কৃষক আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। লগতে ১৬৩খন আনাৰসৰ বিপণী, ৩২খন খাদ্য বিপণী আৰু ৫৪খন অন্যান্য বিপণীয়ে উক্ত মহোৎসৱত অংশগ্ৰহণ কৰিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward