Friday, April 26, 2024
Homeবাতৰিঅসম–মেঘালয় সীমান্তৱৰ্তী চাবুদাত খাছিলোকৰ ভূমি বেদখলৰ চেষ্টা

অসম–মেঘালয় সীমান্তৱৰ্তী চাবুদাত খাছিলোকৰ ভূমি বেদখলৰ চেষ্টা

প্ৰকাশিত তাৰিখঃ ১৬ জুলাই’ ২০১৮

চি এন ডেক্স

অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মেঘালয় কোনখন ৰাজ্যই অসমৰ লগত সীমা বিবাদত লিপ্ত হোৱা নাই। এখন ৰাজ্যই তল পৰিলে পুনৰ অন্য এখন ৰাজ্যই মুৰ দাঙি উঠে। সম্প্ৰতি সীমা বিবাদ যেন অসমৰ এটা মহা ব্যাধিত পৰিণত হৈছে। অসমে কেউখন চুবুৰীয়া ৰাজ্যৰ সৈতে আজিও আন্তঃৰাজ্যিক সীমা স্থিৰ নকৰিলে। ফলত অসমৰ দূৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে সীমা বিবাদত লিপ্ত থকা চুবুৰীয়া ৰাজ্যকেইখনে।

এইবাৰ সীমা বিবাদত লিপ্ত হ’ল আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে। আজি কিছুদিন আগতে পশ্চিম কাৰ্বিআংলং জিলাৰ বৈঠালাংছ’ থানাৰ অসম–মেঘালয় সীমান্তৰ ১নং ব্ল’ক চাবুদাত অসমৰ ভূমি বে–দখল কৰাৰ চেষ্টা কৰে। জানিব পৰামতে মেঘালয়ৰ এদল খাছিলোকে অসমৰ ভূমিত প্ৰৱেশ কৰি ‘ৱেলকাম–টু –ৱেষ্ট কাৰ্বি আংলং’ লিখা ছাইনব’ৰ্ডখন ভাঙি–ছিঙি পেলায় আৰু তাৰ ঠাইত ‘চাবুদা, ৰেইড নংটুং, ৰি–ভয় ডিষ্ট্ৰিক্ট, মেঘালয়’ লিখা ছাইনব’ৰ্ডখন এখন আঁৰি দিয়ে। সেই সময়ত চাবুদাত পি এম জি এছ ৱাই’ৰ ৰাষ্টা নিৰ্মাণৰ কাম চলি আছিল। ঠিকাদাৰ গৰাকীৰ ৰাষ্টা নিৰ্মাণত ব্যৱহৃত ৰ’লাৰ এখন জ্বলাই দিয়াৰ লগতে ৰাষ্টা নিৰ্মাণৰ সবিশেষ লিখা ছাইনব’ৰ্ডখনকো বিনষ্ট কৰে বুলি জানিব পৰা গৈছে।

সম্প্ৰতি চাবুদাত চেপা উত্তেজনাই বিৰাজ কৰিছে। যিকোনো সময়তে মেঘালয়ৰ খাছিলোকে ইয়াৰ অসমীয়া বাসিন্দাৰ লগত সংঘাতত লিপ্ত হ’ব পাৰে, এই সম্ভাৱনাকো অস্বীকাৰ কৰিব নোৱাৰি। অসম চৰকাৰ আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অৱহেলাৰ বাবে মেঘালয়ৰ লোকে মাটি দখল কৰিব পাৰিছে। অৱশ্যে অন্যান্য চুবুৰীয়া ৰাজ্যকেইখনেও অসমৰ মাটি বেদখলত পিচপৰি থকা নাই।

ঘটনা সন্দৰ্ভত পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ, উপ–আৰক্ষী অধীক্ষক ডেভিদ নেংগাইট, দণ্ডাধীশ মুস্তাফা আহমেদ, চক্ৰ পৰিদৰ্শক গুণাৰাম দাস, ডি এফ অ’ জয়ছিং বে’, অ’ চি জয়ন্ত কাকতি আৰু উলুকুঞ্চি উপ–আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচিত বড়ো আদিকৰি ৰাজ্য চৰকাৰৰ এটি প্ৰশাসনীয় বিষয়াৰ দল উক্ত সীমান্ত অঞ্চল ভ্ৰমণ কৰে। প্ৰশাসনীয় বিষয়াৰ দলটোৱে উক্ত অঞ্চলত মেঘালয়ৰ দুষ্কৃতিকাৰীয়ে সীমাত পুটা পীলাৰ আৰু ছাইন ব’ৰ্ড জব্দ কৰি আনে।

ইপিনে অঞ্চলটোৰ পৰা প্ৰশাসনীয় বিষয়াৰ দলটো উভতি আহি হাবাং বন পৰিদৰ্শন বঙলাত স্থানীয় ৰাইজৰ সৈতে এক বৈঠকত মিলিত হয়। প্ৰশাসনীয় বিষয়াৰ দলটোৱে উক্ত ঘটনাক লৈ কোনো লোককে উত্তেজনাৰ সৃষ্টি কৰাৰ পৰা বিৰত থাকিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

উল্লেখযোগ্য যে, অসমৰ উলুকুঞ্চি উপ–আৰক্ষী চকীৰ অন্তৰ্গত চাবুদা, উমপাৱেং, উমৰ’হ, লাংহেৰাং মাছুলংডেং আদিকৰি কেইবাখনো গাঁৱৰ এক বৃহৎ অঞ্চল মেঘালয়ে নিজৰ বুলি দাবী কৰাই নহয় সেই অঞ্চলসমূহত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন কৰিছে। মেঘালয় চৰকাৰে গাঁৱকেইখনৰ মাজত বাট–পথ পকীকৰণ, বিদ্যালয় স্থাপন, সৌৰশক্তি ব্যৱস্থা, বিজুলি যোগান সেৱা, খোৱা পানী যোগানৰ সু–ব্যৱস্থা কৰি দিছে। বিপৰীতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদখনে ৰাইজক উক্ত সুবিধা সমূহ কৰি দিয়াৰ পৰিৱৰ্তে বঞ্চিতহে কৰি আহিছে। ফলত ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward