Saturday, April 20, 2024
Homeবাতৰিউত্তৰ–পূবৰ স্কটলেণ্ড খ্যাত শ্বিলং চহৰ ভাৰতৰ স্মাৰ্ট চিটি মিশ্যনত অন্তৰ্ভূক্ত

উত্তৰ–পূবৰ স্কটলেণ্ড খ্যাত শ্বিলং চহৰ ভাৰতৰ স্মাৰ্ট চিটি মিশ্যনত অন্তৰ্ভূক্ত

প্ৰকাশিত তাৰিখঃ ২ জুলাই’ ২০১৮

চি এন ডেক্স

সমগ্ৰ ভাৰতৰ ১০০খন স্মাৰ্ট চিটি’ৰ অন্তৰ্ভূক্ত হ’ল শ্বিলং চহৰ। এপেক্স কমিটি ফ’ৰ স্মাৰ্ট চিটিজ’ৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন বৈঠকত শ্বিলঙক স্মাৰ্ট চিটি মিশ্যনৰ অন্তৰ্ভুক্ত কৰা বুলি মেঘালয়ৰ নগৰ পৰিক্ৰমা বিভাগৰ সচিব ই খাৰমালকীয়ে এক সূত্ৰত প্ৰকাশ কৰে।

শ্বিলং এতিয়া স্মাৰ্ট চিটিৰ অন্তৰ্গত ১০০ সংখ্যক চহৰ হিচাপে পৰিগণিত হ’ব। প্ৰণিধানযোগ্য যে স্মাৰ্ট চিটি মিশ্যনে দেশৰ ৯৯খন চহৰক লৈ ৪ ৰাউণ্ড প্ৰতিযোগিতা অনুষ্ঠিত কৰে। তাৰপৰা ২০১৬ চনৰ জানুৱাৰীত ২৯খন, মে’ত ১৩খন আৰু ছেপ্টেম্বৰত ২৭খন চহৰক বাচনি কৰিছিল। আকৌ ২০১৭ চনৰ জুনত ৩০খন বাচনি কৰাৰ লগতে শেহতীয়াকৈ ১০০সংখ্যক চহৰ হিচাপে শ্বিলঙক অন্তৰ্ভূক্তি কৰি স্মাৰ্ট চিটি’ৰ তালিকাখন সম্পূৰ্ণ কৰি তুলিছে।

উল্লেখনীয় যে, বাচনিকৃত ১০০খন স্মাৰ্ট চিটি নিৰ্মাণ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ২, ০৫,০১৮ কোটি টকা বাজেট ধাৰ্য কৰিছে।

মেঘালয় চৰকাৰৰ নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হেমলেটছন ডলিঙে শ্বিলঙ চহৰক স্মাৰ্ট চিটিৰ অন্তৰ্ভুক্ত কৰাত কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। স্মাৰ্ট চিটি’ৰ অংশ হিচাপে প্ৰথমে শ্বিলঙৰ অত্যন্ত প্ৰদূষিত উমখ্ৰা নদীক প্ৰদূষণমুক্ত কৰাৰ লগতে, চহৰখনত সৌৰ চাকিৰ ব্যৱস্থা কৰা, লাইটুমখ্ৰাত এখন অত্যাধুনিক বজাৰ নিৰ্মাণ কৰা, পাৰ্কিং স্থান স্কাই–ৱাক নিৰ্মাণ আৰু বিনামূলীয়া ৱাইফাইৰে সমগ্ৰ শ্বিলং চহৰ আবৃত কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰি স্মাৰ্ট চিটি গঢ়ি তুলিবই বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে ঘোষণা কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward