Thursday, April 25, 2024
Homeবাতৰিইউনিক’ডত অসমীয়া ভাষাই সুকীয়া স্বীকৃতি লাভৰ দিশত এখোজ আগবাঢ়িল

ইউনিক’ডত অসমীয়া ভাষাই সুকীয়া স্বীকৃতি লাভৰ দিশত এখোজ আগবাঢ়িল

প্ৰকাশিত তাৰিখঃ ২৫ জুন’ ২০১৮

চি এন ডেক্স

ইউনিক’ডত অসমীয়া ভাষাই সুকীয়া স্বীকৃতি লাভৰ ক্ষেত্ৰত এখোজ আগবাঢ়িল। যোৱা ১৮ৰ পৰা ২২ জুনলৈ লণ্ডত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মানক সংস্থা আৰু ইউনিক’ডৰ কাৰিকৰী বৈঠকে অসমীয়া ভাষা সুকীয়া স্বীকৃতিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিলে।

উল্লেখ্য যে এই মুহুৰ্তত অসমীয়া ভাষাৰ সুকীয়া ‘শ্লট’ দিয়া নাই যদিও তাৰবাবে প্ৰক্ৰিয়া এটা আৰম্ভ হ’ল। অসমীয়া ভাষাই পূৰ্ণ পৰ্যায়ত স্বীকৃতি পাবলৈ কৰণীয় কিছু আছে। বৈঠকে অসমীয়া লিপি স্বীকৃতিৰ কাৰিকৰী ব্যৱস্থাটো আগুৱাই নিবলৈ ভাৰতীয় মানক ব্যুৰ’ আৰু অসম চৰকাৰলৈ দায়িত্ব ঠেলি দিয়া বুলি প্ৰকাশ পাইছে। 

আই এছ অ আৰু ইউনিক’ডৰ বৈঠকে উল্লেখনীয় তিনিটা কামত অনুমোদন জনায়। অসমীয়া ভাষাৰ লিপিক অসমীয়া বুলি তালিকাভুক্ত কৰিব, বৰ্তমানৰ সৰণি শিৰোনাম কেৱল বঙালীৰ পৰা ‘বেংগলী–আছামিজ’লৈ সলনি কৰা হ’ব, অসমীয়া ভাষাৰ নতুন আৰু অতিৰিক্ত চিহ্ন, বৰ্ণসমূহ অন্তৰ্ভুক্ত কৰা হ’ব। এই অনুমোদন সমূহত যদি ভাৰতীয় মানক সংস্থা সন্মত নহয় তেনেহ’লে পুনৰ নতুনকৈ প্ৰস্তাৱ পঠিয়াব পাৰিব। আই এছ অ’ আৰু ইউনিক’ডৰ পৰৱৰ্তী বৈঠকত নতুনকৈ প্ৰেৰণ কৰা প্ৰস্তাৱ সমূহ পুনৰ পৰ্যালোচনা কৰিব। কাৰিকৰী ব্যৱস্থাটোৰ বুজ লোৱাৰ বাবে ভাৰতলৈ এটা দল পঠিয়াবলৈ আই এছ অ’ আৰু ইউনিক’ড সন্মত বুলিও জনায়।

লণ্ডনৰ বৈঠকত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড শিখৰ শৰ্মাৰ অনুৰোধৰ ওপৰত ভিত্তিকৰি অসমীয়া ভাষাক সুকীয়া ‘শ্লট’ প্ৰদানৰ ক্ষেত্ৰত ইউনিক’ডে আগ্ৰহেৰে যি প্ৰতিশ্ৰুতি দিলে অসমবাসীৰ বাবে এয়া আশাব্যঞ্জক বুলি বিভিন্ন মন্তব্য প্ৰকাশ পাইছে।

বৈঠকত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড পৰমানন্দ ৰাজবংশীয়ে কয়– লণ্ডনৰ আন্তঃৰাষ্ট্ৰীয় মানক সংস্থাৰ সভাই অসমীয়া লিপিৰ অস্বিত্বক স্বীকাৰ কৰি ইউনিক’ডত বঙালী লিপিৰ সৈতে অসমীয়া লিপিক স্বীকৃতি প্ৰদান কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে।

এই স্বীকৃতি অসমীয়া ভাষা বিকাশৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য বুলি কোৱাৰ লগতে ভাষাটোৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় থকা বুলি লণ্ডনৰ বৈঠকত উপস্থিত থকা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰায়ো সন্তুষ্টি প্ৰকাশ কৰে।

ইপিনে, লণ্ডনৰ বৈঠকত ইউনিক’ডত অসমীয়া ভাষাই স্বতন্ত্র ভাষা হিচাপে স্বীকৃতিৰ ক্ষেত্ৰত বঞ্চিত হোৱাৰ পিচত আৰু অসমীয়া ভাষা পুনৰ বাংলা ভাষাৰ সৈতে সংলগ্ন কৰি ৰখা সিদ্ধান্তটোৰ তীব্ৰ বিৰোধিতা কৰিছে আলফা(স্বাধীন)ই। ইউনিক’ড আৰু অসম সাহিত্য সভাই সম্পাদন কৰা চুক্তি বাতিল কৰিবলৈ সকীয়নি দিয়ে। কৰ্ণধাৰ সমিতিত যোগ্য ব্যক্তি অন্তৰ্ভূক্তিৰে পুনৰাই ইউনিক’ডৰ সৈতে আলোচনা কৰি পদক্ষেপ গ্ৰহণৰ বাবে দাবী কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward