Friday, May 16, 2025
HomeARTICLEগোলকীয় সাম্ৰাজ্যবাদী যুগত মে’ দিৱস

গোলকীয় সাম্ৰাজ্যবাদী যুগত মে’ দিৱস

প্ৰকাশিত তাৰিখঃ ৫ মে’, ২০২৫

কল্প ৰঞ্জন গগৈ –

বিশ্বৰ প্ৰথম বুৰ্জোৱাৰ বিপ্লৱ ১৭৮৯ খ্ৰীষ্টাব্দৰ ফৰাচী বিপ্লৱ যাৰ ফলশ্ৰুতি সাম্য, মৈত্ৰী আৰু স্বাধীনতা –সামন্ততন্ত্ৰৰ উচ্ছেদ আৰু নতুন পৃতীৱিৰ প্ৰতিশ্ৰুতি তাৰো আগতে ১৪ শতিকাৰ পৰা ১৭ শতিকা পৰ্যন্ত ইউৰোপীয় ৰেঁনেছাই সমগ্ৰ ইউৰোপ জোকাৰি গৈছিল। ইউৰোপৰ এই নৱজাগৰণে সামন্ত প্ৰথাৰ বিৰুদ্ধে শিল্পপতি, ব্যৱসায়ী–বনিক শ্ৰেণীৰ নেতৃত্বত আৰ্থ–সামাজিক আৰু সমাজ–সাংস্কৃতিক পৰিৱেশ উলট–পালত কৰি দিছিল। এই আলোড়নে ইউৰোপৰ চহৰ–নগৰৰ পৰা গ্ৰামাঞ্চললৈ আমূল পৰিৱৰ্তন সাধিছিল।

১৭৮৯ খ্ৰীষ্টাব্দৰ ফৰাচী বিপ্লৱে পৃথিৱীৰ গণতন্ত্ৰবাদী জনগণক ১৯১৭ খ্ৰীষ্টাব্দৰ ৰুছ বিপ্লৱৰ দুৱাৰ মুখলৈ লৈ গৈছিল।

১৮৮৬ খ্ৰীষ্টাব্দৰ আঠ ঘণ্টাৰ দাবীত আমেৰিকাৰ শ্ৰমিক শ্ৰেণীৰ মৃত্যুঞ্জয়ী সংগ্ৰামৰ পৰা জন্ম লৈছিল মে’ দিৱস। ই আছিল পুঁজিবাদী ব্যৱস্থাৰ অমানৱীয় আৰু শোষণকাৰী চৰিত্ৰৰ বিৰুদ্ধে শ্ৰমিকৰ গণ সংগ্ৰাম। ই আছিল জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ দৰে সংকীৰ্ণ পশ্চাদমুখী ধাৰাৰ বিৰুদ্ধে বিশ্বৰ প্ৰগতিশীল শ্ৰমিক শ্ৰেণীৰ ঐক্যৱদ্ধ বৈপ্লৱিক প্ৰচেষ্টা।

বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সমাজবিজ্ঞানী জাৰ্মান মণিষী কাৰ্লমাৰ্ক্সে (১৮১৪–১৮৮৩) বিশ্বৰ বিকাশ আৰু ইতিহাসৰ চালিকা শক্তি পুঁজি আৰু শ্ৰমিকৰ সম্পৰ্কৰ অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰি কৈছিল– বিশ্বৰ শ্ৰমিক এক হওক– নিজৰ ভৰিত লাগি থকা শিকলিডালৰ বাহিৰে হেৰুৱাবলৈ একোৱেই নাই (Worker of the World Unite You Have Nothing to Lose Except Your Chains)।

এই সৰ্বহাৰাৰ বিশ্বজয়ী তত্বক বিকশাই তুলি লেনিনে (১৮৭০–১৯২৪) ১৯১৭ খ্ৰীষ্টাব্দত শ্ৰমিকৰ ৰাষ্ট্ৰ হিচাপে ৰুছ দেশক গঢ় দিবলৈ আৰম্ভ কৰি ছ’ভিয়েট মহাসংঘ গঢ়াৰ (Soviet Union) ভিত্তি স্থাপন কৰিছিল। আজি সেই মহাসংঘ খতম যদিও সমাজতন্ত্ৰলৈ গতি ৰুদ্ধ হৈ নগ’ল। বৰং আজিৰ পুঁজিবাদৰ সংকটে ইয়াৰ পৰৱৰ্তী উন্নত স্তৰ সমাজবাদলৈ বিশ্বৰ সমাজৰ উত্তৰণৰ প্ৰয়োজনীয়তা দৃঢ়ভাৱে তুলি ধৰে।

লেনিলে মাৰ্ক্সৰ তত্ব বিকশাই তুলি সূত্ৰায়িত কৰিছিল। সাম্ৰাজ্যবাদেই হৈছে পুঁজিবাদৰ সৰ্বচ্ছ স্তৰ (Imperialism is the Highest Stage of Capitalism)।

এই সাম্ৰাজ্যবাদী স্তৰত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ দখলত থকা ভাৰতবৰ্ষ জাতীয় মুক্তিযুদ্ধৰ সহায়ত ১৯৪৭ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টৰ দিনা মুক্ত হৈছিল সাম্ৰাজ্যবাদৰ চক্ৰান্তৰ দ্বি–খণ্ডিত হৈ। ইয়াৰ কু–ফলৰ পৰা মুক্ত হ’বলৈ ইয়াত কৃষক–শ্ৰমিকৰ মুক্তিযুদ্ধ এখনৰ প্ৰয়োজন। এই মুক্তি সংগ্ৰাম হ’ব লাগিব বিজ্ঞানসম্মত শ্ৰেণী সংগ্ৰাম।

আমাৰ চুবুৰীৰ চীন দেশত চীন বিপ্লৱৰ সহায়ত তাৰ সমাজখনক উন্নত আধুনিক স্তৰলৈ বিকশাই তোলা হৈছিল সাংস্কৃতিক আন্দোলনৰ সহায়ত। সেয়ে মাওয়ে ক’ব পাৰিছিল যে আন্তৰ্জাতিক পৰিস্থিতত চীনৰ প্ৰভাৱ উল্লেখনীয় আৰু চীনৰ শ্ৰমজীৱি জনগণ। যথেষ্ট শক্তিৰ ভাণ্ডাৰ (The Laboring People have vigour)।

আজিৰ একৈশ শতিকাৰ বিশ্বৰ গোলকীয়কৰণ ভূৱনায়নে ঊনৈশ–কুৰি শতিকাতকৈ পৃথক সাম্ৰাজ্যবাদী যুগত (A Type of Imperialism that differs from 19th and 20th Centuries)। বহুজাতিক নিগমৰ নিয়ন্ত্ৰণৰ গোলকীয় সাম্ৰাজ্যবাদ (Global Imperialism)। পুঁজি বৰ্তমানে জাতি–ৰাষ্ট্ৰৰ ওপৰত (Big Capital now places itself above the Nation–State)। বহুজাতিক নিগমৰ সাম্ৰাজ্যবাদে প্ৰতিষ্ঠা কৰিব বিচাৰিছে Utopia of States Global Governance।

২০২৪ খ্ৰীষ্টাব্দৰ ২৬–২৯ ফেব্ৰুৱাৰীত আবু ধাবীৰ (Abu Dhabi) পুনৰ গোলকীয়কৰণৰ যি কৰ্মসূচী প্ৰস্তুত কৰিলে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিশ্বৰ বিশেষকৈ তৃতীয়–চতুৰ্থ–পঞ্চম বিপ্লৱৰ ৰাজনীতি–অৰ্থনীতি–সংস্কৃতি। বিশ্বৰ জনগণ ফেচিবাদী দৰ্শনৰ প্ৰভাৱত পৰিচালিত হ’ব। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ কিমান সুদূৰপ্ৰসাৰী হয়গৈ সময়েহে ক’ব। গ্ৰন্থমেধ যজ্ঞৰে মানুহক ফেচীবাদী কৰি তোলা হ’ব– হৈ পৰিব। ঘৰ ঘৰ কি কাহিনী।

সমাজ এখনৰ প্ৰগতি নিৰ্ভৰ কৰিব তাৰ জ্ঞানৰ প্ৰগতিৰ ওপৰত আৰু এই জ্ঞানৰ প্ৰগতিয়ে আনিব সাংস্কৃতিক প্ৰগতি। সাম্ৰাজ্যবাদী অপসংস্কৃতিৰ লক্ষ্য হৈছে ভোগবাদী চিন্তাৰ প্ৰভাৱত জনগণৰ মন মগজু ভোটা কৰি ভুল পথে পৰিচালিত কৰা।

একৈশ শতিকাৰ গোলকীয় পৃথিৱীৰ যুগত মে’ দিৱসৰ কাৰ্যসূচী হ’ব বঞ্চিত–শোষিত মানুহৰ চেতনাক সুস্থ সংস্কৃতিৰ প্ৰভাৱত বঞ্চনাৰ প্ৰকৃত কাৰণবোৰৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ শিক্ষা দিয়া।

আজিৰ গোলকীয় সাম্ৰাজ্যবাদৰ যুগত বিশ্বৰ দলিত–শোষিত জনগণৰ কাম হ’ব সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে আই চি ইউ, ভেণ্টিলেচনত থকা মুমূৰ্ষু সাম্ৰাজ্যবাদ। যিয়ে দেশে দেশে প্ৰতিষ্ঠা কৰিছে ফেচিবাদী শাসন–দৰ্শন–সংস্কৃতি। যিয়ে অৰ্থনৈতিক ক্ষেত্ৰৰ হাংগামাৰ ফলত সৃষ্টি কৰিছে যুদ্ধৰ ডামামা আৰু সংশয়। তাৰ ফলত সন্ত্ৰাস–অশ্লীলতা–ড্ৰাগছ্‌–মদ–ভাং তেনে এটা স্থবিৰ অৱস্থাৰ পৰা সমাজ–দেশ–বিশ্বক মুক্ত কৰা। জনগণৰ কাম হ’ব অৰ্থনীতি আৰু ৰাজনীতিৰ বিষয়ে নিজকে শিক্ষিত কৰা। কাৰণ ৰাজনীতি হৈছে অৰ্থনীতিৰ ঘণীভূত ৰূপ। ৰাজনীতিয়ে অৰ্থনীতিক ধৰি ৰাখে আৰু আকৃতি দিয়ে। আজিৰ মে’ দিৱসৰ পৰা সৃষ্টি হোৱা জনতাৰ কাম হ’ব ইয়াক অধ্যয়ন কৰা

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward