Friday, March 29, 2024
HomeNEWSৰাণীত নৱম সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিং ফেডাৰেশ্বন কাপৰ লাইখুটা স্থাপন

ৰাণীত নৱম সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিং ফেডাৰেশ্বন কাপৰ লাইখুটা স্থাপন

প্ৰকাশিত তাৰিখঃ ৭ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা বৃহত্তৰ ৰাণীত অনুষ্ঠিত হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় থাইবক্সিং ফেডাৰেশ্বন কাপ। ৰাণী হাইস্কুল খেলপথাৰত অহা ২৭ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুস্থিত হ’বলগীয়া সৰ্বভাৰতীয় প্ৰতিযোগিতাখনিত দেশৰ প্ৰায় ২১খন ৰাজ্যৰ থাই বক্সিং খেলুৱৈ, প্ৰশিক্ষক লগতে থাই বক্সিং ফেডাৰেশ্বনৰ শীৰ্ষ বিষয়-ববীয়াসহ ৬০০ লোক উপস্থিত থাকিব।

আজি প্ৰতিযোগিতাখনিৰ লাইখুঁটা স্থাপন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা খেল পৰিচালনা সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিৱলগীয়া অনুষ্ঠানটোত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰো আয়োজন কৰা বুলি খেল পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward