Wednesday, April 24, 2024
HomeARTICLEৰাণীৰ বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰই আৰম্ভ কৰিছে ফুলৰ খেতি

ৰাণীৰ বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰই আৰম্ভ কৰিছে ফুলৰ খেতি

প্ৰকাশিত তাৰিখঃ ৫ ডিচেম্বৰ, ২০২২

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা–

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ ‘বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰ’ নামৰ এখন মহিলা সমবায়। এই প্ৰতিষ্ঠানখন গঢ় দিয়াৰ লগতে বৰ্তমান সভানেত্ৰীৰ দায়িত্বও পালন কৰিছে বাহুপাৰা গাঁৱৰ বাসিন্দা জয়ন্তী ৰাভা নামৰ মহিলা এগৰাকীয়ে। অসমীয়া বিভাগত এম এ লৈকে অধ্যয়ন কৰা মহিলাগৰাকী বন–ধন কেন্দ্ৰ জন্ম দিয়াৰ  আগতেই কৃষি কাৰ্যৰ সৈতে জড়িত আছিল। জয়ন্তী ৰাভা বিগত কাৰ্যকালত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ এৰি–মূগা আৰু পুথিভঁৰাল বিভাগৰ এগৰাকী কাৰ্যবাহী সদস্য আছিল। চৰকাৰী নিয়ম অনুসৰি বন–ধন কেন্দ্ৰ এটাত বহুকেইটা জনজাতীয় মহিলা আত্মসহায়ক গোট থাকিব লাগে। অৱশ্যে এই কেন্দ্ৰ সমূহত ৩০% অজনজাতি মহিলাও অংশীদাৰ হ’ব পাৰে। সেই অনুসৰি– বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰত ২৭টা মহিলা আত্মসহায়ক গোট থকাৰ লগতে সেই গোট সমূহে বিভিন্ন উৎপাদনতো জড়িত হৈ পৰিছে। বৰ্তমান বাহুপাৰা গোটে আৰম্ভ কৰিছে ফুলৰ খেতি। গাঁওখনত থকা দূৰ্গা মন্দিৰৰ কাষত প্ৰায় আধা বিঘা মাটিত নাৰ্জী ফুল লগতে গ্লেডিঅ’লাছ আৰু ৰজনীগন্ধাৰ পুলিও ৰোপন কৰিছে। লহপহকৈ বাঢ়ি উঠা নাৰ্জী গছবোৰৰ পৰা ফুল ছিঙিবলৈ আৰম্ভ কৰিছে। ইপিনে, গ্লেডিঅ’লাছ বোৰেও ৰমক–জমককৈ ফুলি উঠাত বিক্ৰীৰ বাবে ডাল কাটিবলৈ আৰম্ভ কৰিছে। উৎপাদিত ফুলবোৰ স্থানীয় অঞ্চলতে বিক্ৰী হৈ থকাত বজাৰৰ সমস্যা অনুভৱ কৰা নাই। স্থানীয় গ্ৰাহকৰ পচন্দ অনুসৰি গোটৰ সদস্যসকলে বিভিন্ন আঁকাৰত ফুলৰ তোৰা, মালা আদি সজাই দিয়ে। সভানেত্ৰী গৰাকীয়ে জনোৱামতে– উৎপাদনৰ সৰ্বাধিক ফুল বিক্ৰী কৰিছে মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰত। এই মুহুৰ্তলৈকে প্ৰায় বিশ হেজাৰ টকাৰ ফুল বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে।

আনহাতে, কেন্দ্ৰটোৰ গণপতি গোটেও নাৰ্জী আৰু ৰজনীগন্ধা ফুলৰ খেতি কৰিছে। উল্লেখ্য যে, বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰই গণপতি গাঁওখনৰ কিছু সংখ্যক মহিলা সামৰি এটি আত্মসহায়ক গোট গঠন কৰিছে। এই গোটৰ সক্ৰিয় সদস্য তথা গাঁওখনৰ মহিলা কল্পনা মাৰাক, সুনীতা মাৰাক, মণিকা দাস, কনকলতা দাসৰ সহযোগতেই নাৰ্জী ফুলৰ খেতি আৰম্ভ কৰিছে। বৰ্তমান নাৰ্জী আৰু গ্লেডিঅ’লাছ ফুল বিক্ৰীৰ বাবে কৰিবলৈ আৰম্ভ কৰিছে। ফুলবোৰ বন–ধন বিকাশ কেন্দ্ৰই বিক্ৰীৰ ব্যৱস্থা কৰি দিয়াত ইতিমধ্যে গোটটোৱে প্ৰায় ৭হেজাৰ টকা লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, নাৰ্জী ফুল ব্যৱসায়িক উৎপাদন হৈছে যদিও ৰজনীগন্ধাৰ খেতি পৰীক্ষামূলকভাৱে পৰ্যায়তে আছে। গছখিনিৰ পৰা অধিক পুলি উৎপাদন হ’লে ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

উল্লেখযোগ্য যে, বন–ধন কেন্দ্ৰৰ ফুল খেতিৰ আঁৰত থকা ব্যক্তিগৰাকী হ’ল ড সুনীল বৰা। ড বৰা সৰ্বভাৰতীয় পুষ্পক মিচনৰ সমন্বয়ক আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কাঁহিকুছি চৌহদত অৱস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী। বিজ্ঞানীগৰাকীৰ সহযোগত বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰই ফুল খেতিৰ বাবে উন্নতজাতৰ বীজ, সাৰ, ঔষধ আৰু কাৰিকৰী নিৰ্দেশনা লাভ কৰি আহিছে। লগতে খেতিত প্ৰয়োজন হোৱা ৰ’টাভেটৰ এখনো চুক্তি ভিত্তিত লাভ কৰিছে।

বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰই খাদ্য সামগ্ৰী, পৰম্পৰাগত ডিজাইনৰ কাপোৰ আৰু জৈৱিক সাৰ উৎপাদনতো গুৰুত্ব আৰোপ কৰিছে। ক’লা চাউলৰ কেক, পিঠা, জহা চাউলৰ পিঠা, সান্দহ, চিৰা, জাম, জেলী, পাপৰ আদি বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে ক’লা চাউল আৰু জহা চাউল বিক্ৰী কৰি আহিছে। এৰী, কপাহী সূতাৰে পৰম্পৰাগত জনজাতীয় বস্ত্ৰ উৎপাদন কৰাৰ লগতে পুৰুষ–মহিলাৰ সাজ–পোৱাক তৈয়াৰ কৰি বিক্ৰীৰ ব্যৱস্থা কৰিছে। থাৰ্ম’কল বাকচত পৰীক্ষামূলকভাৱে কেঁচুসাৰ উৎপাদন কৰিও সফলতা অৰ্জন কৰিছে। সেই পদ্ধতিত উৎপাদন কৰা ২৫ কিলোগ্ৰাম সাৰ ইতিমধ্যে প্ৰতিকিলোত দহ টকাকৈ বিক্ৰী কৰিছে। অৰ্ডাৰ অনুযায়ী বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী, সাজ–পোচাক আদি তৈয়াৰ কৰি আহিছে। বাহুপাৰা বন–ধন বিকাশ কেন্দ্ৰই ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে ৰাজধানী চহৰ দিল্লীত অনুষ্ঠিত প্ৰদৰ্শনী সমূহতো অংশ গ্ৰহণ কৰি আহিছে।

প্ৰধানমন্ত্ৰী বন–ধন বিকাশ যোজনা– এইখন আঁচনিৰ যোগেদি অনুসূচীত জনজাতি আৰু পৰম্পৰাগত বনবাসীসকলে বনাঞ্চলৰ পৰা প্ৰায় তিনিশ বিধ লঘু বনজ সম্পদ জীৱন–জীৱিকাৰ বাবে সংগ্ৰহ কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ– ট্ৰাইবেল কো–অ’পাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেচনে (ট্ৰাইফেড) সৰ্বভাৰতীয় পৰ্যায়ত আঁচনিখনৰ পৃষ্ঠপোষকতা কৰি আহিছে। আমাৰ ৰাজ্যখনত এই আঁচনিখন অসম ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকায়ৰ পৃষ্ঠপোষকতাত– অসম ভৈয়াম জনজাতি উন্নয়ন নিগমে ৰূপায়ন কৰি আছে। লগতে কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানেও (আই আই ই) সম্পদ সংস্থাৰূপে জড়িত হৈ আছে।  

উল্লেখযোগ্য যে, ট্ৰাইফেডে বন–ধন কেন্দ্ৰ সমূহত উৎপাদিত বিভিন্ন সামগ্ৰীসমূহক লৈ একক ব্ৰেণ্ডত উন্নতমানৰ পেকেজিঙৰ ব্যৱস্থা কৰিছে। ট্ৰাইফেডৰ নীতি অনুসৰি– দেশৰ প্ৰতিখন ৰাজ্যই সুকীয়া সুকীয়া ব্ৰেণ্ডত পেকেজিঙৰ ব্যৱস্থা কৰিছে। অসমক লৈ প্ৰস্তুত কৰা ব্ৰেণ্ডটোৰ নাম হ’ল ‘ট্ৰাই–আচাম’। অসমৰ বন–ধন গোট সমূহে উৎপাদন কৰা হালধী গুৰি, শুকান আদা, জলকীয়াৰ গুৰি, তেজপাত, চাউল, মুৰী, বিভিন্ন প্ৰকাৰৰ মছলা, ঘি, মৌ, ফুল ঝাৰু, বিভিন্ন প্ৰকাৰৰ আচাৰ, চৰ্বত, কাপোৰ, পিঠা, লাড়ু, ধুপ আদি বিভিন্ন সামগ্ৰী বৰ্তমান ‘ট্ৰাই–আচাম’ ব্ৰেণ্ডৰ পেকেজিঙৰ ৰূপত পোৱা যায়। বিশুদ্ধ ৰূপৰ বনজ সামগ্ৰীক সংসাধন কৰি উন্নতমানৰ পেকেজিঙ কৰাৰ লগে লগে বন–ধন যোজনাৰ সামগ্ৰীয়ে ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। কথাষাৰ অপ্ৰিয় হ’লেও সত্য– ‘ট্ৰাই–আচাম’ ব্ৰেণ্ড জীয়াই থাকিবলৈ হ’লে ৰাজ্যখনৰ বন–ধন বিকাশ কেন্দ্ৰ সমূহে উৎপাদনত গুৰুত্ব আৰোপ কৰিবই লাগিব। আৰু বন–ধন কেন্দ্ৰসমূহ জীয়াই থাকিবলৈ হ’লে তাৰ আঁৰত যিসকল কৰ্মী জড়িত হৈ থাকে তেওঁলোকৰো মনোবল বৃদ্ধি কৰিবই লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward