Friday, March 29, 2024
HomeARTICLEশাহু–জোৱায়েকৰ অবৈধ সম্পৰ্ক লিপ্তৰ দাবীঃ অপবাদ সহ্য কৰিব নোৱাৰি শাহুৱেকৰ আত্মহত্যা

শাহু–জোৱায়েকৰ অবৈধ সম্পৰ্ক লিপ্তৰ দাবীঃ অপবাদ সহ্য কৰিব নোৱাৰি শাহুৱেকৰ আত্মহত্যা

প্ৰকাশিত তাৰিখঃ ১১ অক্টোবৰ, ২০২১

চি এন ডেস্ক

কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰদুৱাৰ বাগান অঞ্চলৰ উদয়পুৰ হাতীদোভা নামৰ এখন গাঁও। সেই গাঁওখনতে বসবাস কৰা এটি দৰিদ্ৰ পৰিয়াল। জয়ন্ত ৰাভা সেই পৰিয়ালটোৰ গৰাকী। জয়ন্তৰ পত্নী পবিতা ৰাভা আৰু একমাত্ৰ জীয়ৰী ৰুমী ৰাভা। ৰুমীক বিয়া দিছে ৰবীন তাঁন্তীৰ সৈতে। জয়ন্তৰ এটাই মাত্ৰ ঘৰ। মাটিৰ মজিয়াৰ সেই ঘৰটোত বিচনা বুলিবলৈ মাত্ৰ দুখনেই সৰু খাট।

২৯ ছেপ্টেম্বৰৰ ঘটনা। জয়ন্তৰ জোঁৱাই–জীয়ৰী ৰবীন আৰু ৰুমীয়ে সেইদিনা দেউতাকৰ ঘৰত আলহী খাবলৈ আহিছিল। সেইদিনাৰ নিশা আটাইকেইজনে ভাত–পানী খাই শুই আছিল। মাক–জীয়েক দুয়োজীয়ে মাটিৰ মজিয়াত পাটি পাৰি আৰু শহুৰেকে এখন খাটত আৰু জোৱায়েকে অইন এখন খাটত শুই আছিল। শহুৰ–জোঁৱাই নিৰৱে শুই আছিল যদিও মাক–জীয়েকে তেতিয়াও সুখ–দুখৰ কথা পাতিয়েই আছিল।

সেইদিনাৰ নিশা প্ৰায় দহ বাজি গৈছে। হঠাৎ চবিন কয়া, প্ৰাণ ৰাভা, ভূমিজ তাঁন্তী, ৰাকেশ বড়ো, গোবিন্দ বড়ো, সতীশ বড়ো নামৰ লোককেইজনে জয়ন্তৰ চোতালত প্ৰৱেশ কৰে। লোক কেইজন একে গাঁৱৰে বাসিন্দা আৰু তেওঁলোক হেনো গাঁওখনৰে ‘ষ্টাৰ বাহিনী’ নামৰ সংগঠন এটিৰো সদস্য। সামন্তীয় আদব–কায়দাৰে জয়ন্তৰ চোতালত প্ৰৱেশ কৰা এই লোককেইজনৰ উদ্দেশ্য সৎ আছিল বুলি ভাবিব নোৱাৰি। কিয়নো, তেওঁলোকে জয়ন্তৰ চোতালত প্ৰৱেশ কৰি প্ৰথমে ঘৰটোৰ খিৰিকীৰে টৰ্চ মাৰি চাইছিল। নিজৰ ঘৰত কোনে কি কৰে সিয়ো নিশা, সেই দৃশ্য অন্যলোকে চাবলৈ খিৰিকীৰ ফাঁকেৰে টৰ্চ লাইট মাৰি ছোৱা কাৰ্য সামাজিকভাৱে যুক্তি সন্মত বুলিব নোৱাৰি। সেইদিনা নিশা জয়ন্তৰ ঘৰত কোনে ক’ত শুই আছিল সেই দৃশ্য ষ্টাৰ বাহিনীৰ সদস্যসকলে দেখাৰ পাছতো শাহু–জোৱায়ে অবৈধ সম্পৰ্কত লিপ্ত থকা বুলি দাবী কৰিছিল। বাহিনীৰ সদস্যসকলে জয়ন্তৰ চোতালতে লিটাৰক লিটাৰে মদ্যপান কৰি সেই নিশা শাহু–জোৱায়ে অবৈধ সম্পৰ্কত লিপ্ত হোৱা বুলি কিৰিলি পাৰিছিল। বাৰে বাৰে দাবী কৰিছিল, শাহু–জোৱায়ে অবৈধ সম্পৰ্কত লিপ্ত হোৱা বুলি স্বীকাৰ কৰিব লাগে। ইয়াৰ বাবে পৰিয়ালৰ আটাইকেইজন সদস্যকে চোতালত উলিয়াই আনি মানসিকভাৱে ছাপ প্ৰদান কৰিছিল। অকল মানসিক ছাপ প্ৰদানতে ক্ষান্ত নাথাকি অৱশেষত সকলোৰে সন্মুখত উলংগ কৰি জোঁৱায়েকৰ সমগ্ৰ শৰীৰ পৰ্যন্ত পৰীক্ষা কৰিছিল। ঘটনাটোত আত্মপক্ষ সমৰ্থনৰ বাবে জোৱায়েক ৰবীন তাঁন্তীয়ে হাতীদোভা আঞ্চলিক সংঘৰ সভাপতি হেমন্ত বড়োক মাতি পঠিয়ায়। হেমন্ত বড়োই জয়ন্তৰ চোতালত উপস্থিত হৈ ঘটনাৰ সবিশেষ জানি লোৱাৰ পাছত গাঁওখনৰ সভাপতি যিজন ঘটনাটোৰ মূল ষড়যন্ত্ৰকাৰী হেমন্ত ৰাভাক তথ্য অবিহনে তেনে কাৰ্যক বন্ধ কৰিবলৈ কয়। যদিও, ওলোটাই তেওঁৰহে তৰ্জন–গৰ্জন বাঢ়ি যায়। হেমন্ত ৰাভাৰ মইমতালিৰ বাবে হেমন্ত বড়ো সেই স্থান ত্যাগ কৰে। বৰ্বৰ অপমানত মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰা শাহু পবিতা ৰাভাই সেই নিশাই ঘৰৰ পিছফালে চীপ লৈ আত্মহত্যা কৰে।

পলমকৈ হ’লেও যোৱা ৩ অক্টোবৰত ভুক্তভোগী পৰিয়ালটোৰ গৰাকী জয়ন্ত ৰাভাই ষ্টাৰ বাহিনীৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত পলাশবাৰী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অপৰাধীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। আৰক্ষীৰ অভিযানৰ ফলত অপৰাধীসকলে নিজেই গৈ আৰক্ষী থানাত হাজিৰ হৈ দোষ স্বীকাৰ কৰে। আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ছয়জন অপৰাধীক জে’ললৈ প্ৰেৰণ কৰা বুলি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱেন্দ্ৰ ব্ৰহ্মই অৱগত কৰে।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward