Tuesday, March 25, 2025
HomeARTICLEইয়াণ্ডাবুৰ সংকট মোচনৰ যাত্ৰা

ইয়াণ্ডাবুৰ সংকট মোচনৰ যাত্ৰা

প্ৰকাশিত তাৰিখঃ ২৪ ফেব্ৰুৱাৰী, ২০২৫

কল্প ৰঞ্জন গগৈ –

১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী চ্যাওলুং চ্যুকাফাই দি থৈ যোৱা বীজমন্ত্ৰ দুটা বু–ৰণ–জী। অৰ্থাৎ মুৰ্খৰ জ্ঞানৰ ভঁৰালটোক শক্তিশালী কৰা। ম্যুং–ড্যুন–চ্যুন খাম সোণাময় বাগিচাখনৰ সম্প্ৰসাৰণ ঘটাই আহোম অৰ্থাৎ একেলগে আনন্দেৰে থকাৰ প্ৰতিশ্ৰুতিৰ বেলিমাৰ গ’ল সুদুৰ মানদেশৰ ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবুত। সেয়ে আমি আজিও তাক ক’লা দিনৰূপে গণ্য কৰো।

সময় কিন্তু সন্মুখলৈহে গতি কৰে। বুৰঞ্জীৰ খলা–ব’মা বাটেদি সমাজখনে গতি কৰে। গতিকে সঠিক দিশ দিয়ে দেশৰ জনগণেহে। কোনো ডা–ডাঙৰীয়াই নহয়। সেয়ে ২৪ ফেব্ৰুৱাৰী হ’ব লাগিব অসমৰ জনতাৰ সম্প্ৰীতিৰ দিন। ভৱিষ্যত গঢ়াৰ সপোনৰ দিন। উজাগৰী নিশাৰ পৰা জন্মা ন চিন্তা চেতনাৰ দিন। সেয়ে ডা–ডাঙৰীয়া সকলৰ কেঁকনি–গেঠনিৰ বিপৰীতে জনতাৰ গুজৰণিৰ দিন। মানুহে মানুহৰ বাবে অনুভৱ কৰাৰ দিন। নতুন পুৰুষ ভীৰু কাপুৰুষ যে নহয় তাক প্ৰমাণ কৰাৰ দিন। মূলা গাভৰুৰ ৰণৰ দিন। ঔপনিৱেশিক ভাৰতবৰ্ষৰ ঝাঁন্সি ৰাণী, ৰাণী গাইডালুৰ দিন। কনকলতা, ভোগেশ্বৰীৰ দিন। চ্যাওলুং চ্যুকাফাৰ পূৰ্বৰ হিউৱেন চাং, ভাস্কৰ বৰ্মনৰ দিন আৰু তাৰো আগৰ বুদ্ধ আৰু তেওঁৰ উত্তৰসুৰী সম্ৰাট অশোকৰ দিন।

ইয়াণ্ডাবুত পতন আৰু তাৰ পৰা জন্মা প্ৰতিশ্ৰুতি, সুশাসন, সুকৰ্মৰ সম্প্ৰসাৰণৰ বাবে বুদ্ধৰ নীতি–নিৰ্দেশনা যি সমগ্ৰ গোলকীয় বিশ্বৰ পুঁজিবাদী অসভ্যালিৰ বিৰুদ্ধে যুদ্ধ। বুদ্ধৰ যুগৰ যুদ্ধ হ’ব সাংস্কৃতিক সমন্বয়ৰ যুদ্ধ। কাৰণ এই যুগ হৈছে বেদান্তৰ যুগ। য’ত বৰ্ণবাদৰ বিপৰীতে থাকিব সকলোৰে সমতাৰ সাম্যবাদ। তাত থাকিব আধুনিক বিজ্ঞানৰ তন্ত্ৰ আৰু মন্ত্ৰ।

ইয়াণ্ডাবু সন্ধিৰ দিন হ’ব কৃষকৰ দিন। পানীৰ দৰে স্বচ্ছ আৰু স্পষ্ট। সকলো ডা–ডাঙৰীয়া আমোলা–সৈনিকৰ পৰা আৰম্ভ কৰি মাটিৰখীয়া সকললৈ এই উৎপাদনকাৰী সকলৰ হিতাধিকাৰীহে। ৰজাক বুদ্ধিৰ যোগান দি ধ্যানত মগনসকলৰ পৰা আৰম্ভ কৰি বেপাৰ কৰা বনিয়াসকললৈকে সকলোবোৰ এই দলিত কৃষকসকলৰ হিতাধিকাৰী।

ইয়াণ্ডাবু চুক্তিৰ পিছত বগা বঙালে গঢ়া নতুন শাসন ব্যৱস্থা আমোলাতন্ত্ৰ–আৰক্ষী–সৈনিক–বেপাৰীৰ নিয়ন্ত্ৰণত চলা আইন–কানুন এই সকলোবোৰ দেশৰ জনতা বিৰোধী। স্বাধীন ভাৰতবৰ্ষতো এই প্ৰশাসন তন্ত্ৰ–মন্ত্ৰৰ হুজুৰতন্ত্ৰ চলি আছে। অথচ দেশৰ বগা বঙাল বিৰোধী যুদ্ধখনৰ প্ৰধান সৈনিক আছিল কৃষকসকল।

বগা বঙালক ৰঙা দলিচা পাৰি দিছিল জগত চেঠ বনিয়াৰ দলে। বগা বঙালে বিভাজনৰ মন্ত্ৰৰে এই বনিয়াসকলৰ হাততে স্বাধীনতাৰ চাবিকাঠি দি থৈ গ’ল। আজিৰ প্ৰজন্মই এই বুৰঞ্জী মুৰ্খৰ জ্ঞানৰ ভঁৰালটো খুচৰিব লাগিব।

ইয়াণ্ডাবুৰ সংকটৰ দুটা শতিকা ইং ২৪–০২–১৮২৩, ২৪–০২–২০২৬ সম্পূৰ্ণ হ’বলৈ যাওঁতেই আৰম্ভ হওঁক সংকট মোচনৰ যাত্ৰা। এই যাত্ৰাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হ’ব বগা বঙালৰ অৱশিষ্ট কু–শাসনযন্ত্ৰ, কু–শিক্ষাৰ তন্ত্ৰ–মন্ত্ৰৰ পৰা আৰম্ভ কৰি এৰি থৈ যোৱা ভেদনীতি, দণ্ডনীতিৰ যাদুমন্ত্ৰৰ পৰা সমাজখনক মুক্ত কৰা। অতীতৰ সকলো কু–মন্ত্ৰ যাৰ শক্তি তেনেই সীমিত। যাৰ লক্ষ্য অবিদ্যা, সেই সকলোবোৰ পোহৰ সন্ধানী বিদ্যাৰূপে সুমন্ত্ৰলৈ বিকশিত কৰিব লাগিব দেশৰ জনগণে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward