Thursday, April 25, 2024
HomeNEWSনিখিল ৰাভা জাতীয় পৰিষদৰ উপদেষ্টা সঞ্জীত বাৰছুংৰ মৃত্যু

নিখিল ৰাভা জাতীয় পৰিষদৰ উপদেষ্টা সঞ্জীত বাৰছুংৰ মৃত্যু

প্ৰকাশিত তাৰিখঃ ২৮ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাভা জাতিৰ পিতৃ সংগঠন ‘নিখিল ৰাভা জাতীয় পৰিষদ’ৰ উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰিছিল সঞ্জীত বাৰছুং। জন্ম সূত্ৰে বাৰছুং মেঘালয়ৰ গাৰোপাহাৰৰ টিক্ৰীকিল্লাৰ বাসিন্দা। তেখেতে মেঘালয়ৰ ৰেচম বিভাগৰ সঞ্চালক আছিল। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত গোৱালপাৰা জিলাৰ দূধনৈত স্থায়ীভাৱে থাকিবলৈ লৈছিল। আজি দিনৰ ভাগত তেখেতৰ মৃত্যু ঘটে গুৱাহাটীৰ এক্সেল কেয়াৰ নাৰ্ছিং হোমত। ৬২টা বসন্ত গৰকা সঞ্জীত বাৰছুংৰ মৃত্যুই শোকৰ ছাঁ পেলাইছে। বাৰছুংৰ মৃত্যুত জাতিটোৰ অপূৰণীয় ক্ষতি হ’ল। উপদেষ্টাগৰাকীৰ মৃত্যুত নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু সম্পাদক গোবিন্দ ৰাভাই এক বিবৃতিযোগে শোক প্ৰকাশ কৰে।  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward