Thursday, April 18, 2024
HomeNEWSড০ বি আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেচনৰ শোণিতপুৰ জিলা অধ্যক্ষ নিযুক্তি

ড০ বি আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেচনৰ শোণিতপুৰ জিলা অধ্যক্ষ নিযুক্তি

প্ৰকাশিত তাৰিখঃ ২৯ আগষ্ট, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

বি আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেচন, নৰ্থ–ইষ্ট ৰিজ’ন নামৰ সংগঠনটোৱে ২৭ আগষ্টত শোণিতপুৰ জিলা অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়া সমাপন কৰে। সেই অনুসৰি গুৱাহাটীৰ আমবাৰী–ফটাশিলৰ বাসিন্দা ভদ্ৰেশ্বৰ দাসে উক্ত পদত নিযুক্তি লাভ কৰে। এই সন্দৰ্ভত সংগঠনটোৱে নৱ নিযুক্ত জিলা অধ্যক্ষ গৰাকীৰ নিজ বাস ভৱনত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত অধ্যক্ষ গৰাকীলৈ নিযুক্তি পত্ৰ, জাপি, গামোচা, চেলেং আদি প্ৰদান কৰে।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত সংগঠনটোৰ উত্তৰ–পূৰ্বাঞ্চল কমিটিৰ ট্ৰাষ্টী– কল্যাণ শৰ্মা, পংকজ পাল, অসম প্ৰদেশ কমিটীৰ সদস্য দ্বীপেন কুমাৰ দাস লগতে কামৰূপ জিলাৰ অধ্যক্ষ হৃষিকেশ শৰ্মা, গোৱালপাৰাৰ– কন্দৰ্প কলিতা আৰু নলবাৰীৰ কুশল মালী উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward