Wednesday, April 24, 2024
HomeUncategorizedকাহুৱা জনকল্যাণী পুথিভঁৰালৰ সোণালী জয়ন্তীৰ সামৰণি

কাহুৱা জনকল্যাণী পুথিভঁৰালৰ সোণালী জয়ন্তীৰ সামৰণি

প্ৰকাশিত তাৰিখঃ ২০ এপ্ৰিল, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

ছয়গাঁও বিধান সভা সমষ্টিৰ এখন গাঁও কাহুৱা। কলহী নদী পাৰৰ এই গাঁওখনৰ দূৰত্ব মিৰ্জা–চানডুবি পথৰ ১১মাইলৰ পৰা ৭ কিলোমিটাৰ আৰু ছয়গাঁও সদৰ টাউনৰ পৰা ১২ কিলোমিটাৰ। গাঁওখনত ১৯৬০ চনত স্থাপন হোৱা প্ৰাথমিক বিদ্যালয় এখন আছে। সেইখন বিদ্যালয়তে প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পিছত ছাত্ৰ–ছাত্ৰীসকলে ২কিলোমিটাৰ দূৰত্বৰ কুলশী জনজাতীয় হাইস্কুলত অধ্যয়ন কৰিব লাগে। হাইস্কুলখনলৈ দূৰত্ব বেছি নহয় যদিও বাট–পথৰ ব্যৱস্থা নাছিল। অটব্য অৰণ্যৰ মাজেৰে সেইদিনত ২কিলোমিটাৰ পথ অতিক্ৰম কৰাটো কণ কণ ছাত্ৰ–ছাত্ৰীৰ পক্ষে সহজ–সাধ্য নাছিল। সেয়ে গাঁওখনৰ বেছি সংখ্যক ছাত্ৰ–ছাত্ৰীৰ শিক্ষা জীৱন প্ৰাথমিক পৰ্যায়তে শেষ হৈছিল। যদিও অৱস্থা সম্পন্ন পৰিয়াল সমূহে ল’ৰা–ছোৱালীক চহৰত ৰাখি পঢ়াশুনাৰ ব্যৱস্থা কৰিছিল।

আজি ১০ বছৰৰ পৰাহে গাঁওখনৰ ৰাস্তাঘাতবোৰৰ উন্নতি ঘটিছে। বিজুলীবাতি, পানীযোগান আদি ব্যৱস্থাবোৰৰ উন্নতি ঘটিছে। কিন্তু তাৰ আগত গাঁওখনৰ লোকসকলে কেনেদৰে জীৱন–নিৰ্বাহ কৰিছিল! সবিশেষ বিশ্লেষণ নকৰিলেও নিশ্চয় অনুমান কৰিব পাৰি। কিন্তু চৰকাৰী উন্নয়নে গুৰুত্ব লাভ নকৰিলেও গাঁওখনৰে এচামে যোগাত্মক দিশত চিন্তা–চৰ্চ্ছা কৰি গৈছিল। সেইদিনত সেই চিন্তাৰে ফচল আছিল ‘কাহুৱা জনকল্যাণী পুথিভঁৰাল’। আজিৰ পৰা ৫২ বছৰ আগত অৰ্থাৎ ১৯৭১ চনত গাঁওখনত এই পুথিভঁৰালটো স্থাপন কৰিছিল। উদ্দেশ্য আছিল এই অনুষ্ঠানটোৰ জৰিয়তে গাঁওখনত কিতাপ পঢ়াৰ এটি অভ্যাস গঢ়ি তোলা। সঁচা অৰ্থত গাঁওখনৰ সেই অনুষ্ঠানটো গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি অহা মহান উদ্যোক্তা সকলৰ সৰহ সংখ্যকেই বিদ্যায়তনিক দিশত উচ্চ শিক্ষাৰ পোহৰ পোৱা নাছিল। কিন্তু কিতাপৰ লগত সম্পৰ্ক নথকা ব্যক্তিৰ ‘দিনৰ পোহৰতেই যে এন্ধাৰ নামি আহে’ সেইকথা তেওঁলোকে ভালদৰে বুজি উঠিছিল।

উল্লেখযোগ্য যে, ১৯৭১ চনত স্থাপিত কাহুৱা জনকল্যাণী পুথিভঁৰাল জন্মৰ পৰিকল্পনা কৰা ধৰ্মেশ্বৰ ৰাভা, প্ৰতিষ্ঠাপক সভাপতি ৰবীন্দ্ৰনাথ ৰাভা আৰু সম্পাদক আছিল বীৰন্দ্ৰ কুমাৰ ৰাভাক আজিও গাঁওখনৰ চিন্তানায়ক হিচাপে শ্ৰদ্ধা কৰি আহিছে। প্ৰতিষ্ঠাপক সম্পাদক বীৰেন্দ্ৰ কুমাৰ ৰাভা ১৯৭১ চনত প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হোৱা গাঁওখনৰ প্ৰথমগৰাকী ব্যক্তি। জনকল্যাণী পুথিভঁৰালে ২০২১ চনতে ৫০টা বৰ্ষ গৰকিলে যদিও বিশেষ কাৰণত সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানটো আয়োজন কৰিব পৰা নাছিল। তাৰ পৰিৱৰ্তে ২০২৩ বৰ্ষৰ ১৮ এপ্ৰিলত কাহুৱা ৰাজহুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী অনুষ্ঠানৰ আয়োজন কৰে। বাৰেৰহনীয়া কাৰ্যসূচী সন্নিবিষ্ট কৰা সোণালী জয়ন্তী বৰ্ষৰ ৫০খন পতাকা উত্তোলন আৰু ৫০গচি চাকি প্ৰজ্বলন কৰে নিৰ্বাচিত প্ৰতিনিধিসকলে। অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব দিনমণি দাস, অৱসৰপ্ৰাপ্ত কৃষি উপ–সঞ্চালক ইউচুফ আলী, কুলচী বনাঞ্চলিক বিষয়া দীপন ডেকাই সোণালী জয়ন্তী অনুষ্ঠানৰ বৃক্ষ ৰোপন কৰে। আবেলি ‘জ্ঞান আহৰণত গ্ৰাম্য পুথিভঁৰালৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত– দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক এডৱাৰ্ড ষ্টেডী এন চাংমা, বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰবোধ চন্দ্ৰ দাস আৰু অসম কৃষি বিশ্ব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা লেখক নিৰ্মল ৰাভাই অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানতে স্মৃতিগ্ৰন্থ ‘জনকল্যাণী’ উন্মোচন কৰে মাধৱচান্দ তালুকদাৰে।

সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জয়ন্ত কুমাৰ ৰাভাৰ পৌৰহিত্যত আৰম্ভ হোৱা মুকলি সভাৰ আদৰণি ভাষণ পাঠ কৰে প্ৰতিষ্ঠাপক সম্পাদক বীৰেন্দ্ৰ কুমাৰ ৰাভাই। উক্ত সভাত অসম চৰকাৰৰ শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। লগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰদীপ ৰাভা, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দ্বীপজ্যোতি হালৈ, পাণ্টান হাইস্কুলৰ প্ৰধান শিক্ষক গৌতম ঠাকুৰীয়া আৰু ভাৰতীয় জনতা দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধিয়ে সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward