Friday, April 26, 2024
HomeUncategorizedস্বৰ্গীয় হেমন্ত দাস সোঁৱৰণী লঘু টেনিছ ক্ৰিকেট প্ৰতিযোগিতা

স্বৰ্গীয় হেমন্ত দাস সোঁৱৰণী লঘু টেনিছ ক্ৰিকেট প্ৰতিযোগিতা

প্ৰকাশিত তাৰিখঃ ৩১ জানুৱাৰী, ২০২২

সুনীল দাস –

হেণ্ডচাম ক্ৰিকেট টীমৰ সৌজন্যত যোৱা ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা শংকৰ–মাধৱ হাইস্কুল খেলপথাৰত  স্বৰ্গীয় হেমন্ত দাস সোঁৱৰণী লঘু টেনিছ ক্ৰিকেট প্ৰতিযোগিতাখনৰ আজি সফল সমাপ্তি ঘটে। হেমন্ত দাসৰ পিতৃ শ্ৰীযুত পদ্মৰাম দাসে উপস্থিত থকা প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে শংকৰ–মাধৱ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত নাৰায়ণ কলিতাই। প্ৰতিযোগিতাখনৰ প্ৰাকমুহুৰ্তত স্বৰ্গীয় হেমন্ত দাসৰ আত্মাৰ সদ্‌গতিৰ বাবে বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্ৰীবৃন্দই বন্তি প্ৰজ্বলন আৰু পূস্পাঞ্জলি প্ৰদান কৰে।

প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনা উপস্থিত থাকে পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত হেমাংগ ঠাকুৰীয়া, ১১০নং হাৰোপাৰা গাঁও পঞ্চায়তৰ সভাপতি অসীম মহন্ত, বি এম পি’ৰ সভাপতি মুনিন্দ্ৰ দাস, কিষাণ মৰ্চাৰ সভাপতি ৰাতুল দাস লগতে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত কামিনী কান্ত দাস সহিতে অঞ্চলটোৰ বহু  শুভকাংক্ষী।

অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে আৰু দলসমূহে সুন্দৰ খেল প্ৰদৰ্শন কৰে। যদিও– ৩১ জানুৱাৰীত অনুস্থিত চূড়ান্ত প্ৰতিযোগিতাখনত প্ৰথম স্থান অধিকাৰ কৰে হৰ্ণবিল ক্ৰিকেট দল আৰু দ্বিতীয় স্থান লাভ কৰে হেণ্ডচাম ক্ৰিকেট দলটোৱে।

উদ্যোক্তাসকলে খেল সামৰণিৰ দিনটোত বটাঁ বিতৰণি অনুষ্ঠানৰ আয়োজন কৰে। উক্ত সভাত বঁটা বিতৰণ কৰে স্থানীয় জ্যেষ্ঠ ব্যক্তি শ্ৰীযুত মহেশ দাসে। অঞ্চলটোত খেলপথাৰৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই অভাৱ পুৰণ কৰিবলৈ স্থানীয় বিধায়কগৰাকীৰ প্ৰতি বঁটা–বিতৰণি সভাৰ পৰাই এক আহ্বান জনায়। সভাখনৰ লগত সংগতি ৰাখি এখনি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে। উক্ত অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ৰিতুৰাজৰ লগতে স্থানীয় জ্যোতি কিশোৰ, ধ্ৰুৱ দাস, অৰবিন্দ দাস, অংকুৰ পাটোৱাৰীসহ বহুকেইজনে গীত–মাত পৰিবেশন কৰে।

শিৰোনামৰ ফটোঃ সুনীল দাস

Title Pix: Sunil Das

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward