Tuesday, April 23, 2024
Homeবাতৰিহাতী মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে এক নতুন কৌশল উদ্ভাৱন

হাতী মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে এক নতুন কৌশল উদ্ভাৱন

প্ৰকাশিত তাৰিখঃ ১৭ ডিচেম্বৰ, ২০১৮

চি এন ডেক্স

হাতী উপদ্ৰৱ প্ৰতিৰোধ কৰিবলৈ এক বিশেষ কৌশল উদ্ভাৱন কৰিছে ৰাজ্যৰ বন বিভাগে। উন্নত প্ৰযুক্তিৰ জি পি এছ সংযুক্ত ৰেডিঅ’ কলাৰ হাতীৰ ডিঙিত পিন্ধাই উপদ্ৰৱ প্ৰতিৰোধৰ পদক্ষেপ গ্ৰহণ কৰিছে। 

শেহতীয়াভাৱে ৰাজ্যখনত অভাৱনীয় হাৰত বাঢ়িব ধৰিছে হাতীৰ উপদ্ৰৱ। হাতীৰ তাণ্ডৱত বহু জনৰ মৃত্যু ঘটিছে, বহু পৰিয়ালৰ ঘৰ–বাৰী ধ্বংস হৈছে, লাখ লাখ হেক্টৰ ভূমিত খেতি নষ্ট হৈছে। ইয়াৰ ফলত বৃহৎ সংখ্যক খেতিয়কে কৃষি কাৰ্য বাদ দিবলৈ আৰম্ভ কৰিছে। ক্ৰমান্বয়ে বাঢ়ি যোৱা হাতী–মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে ৰাজ্যৰ চৌদিশে উঠিছে প্ৰৱল প্ৰতিবাদৰ ঢৌ।

বন বিভাগৰ সূত্ৰ অনুসৰি– খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা জাকৰ যিকোনো এটা হাতীক ট্ৰেংকুলাইজ কৰি ডিঙিত ৰেডিঅ’ কলাৰ পিন্ধাই পুনৰ জাকটোত এৰি দিব। তদুপৰি পৃথকে পৃথকে অহা হাতীৰ ক্ষেত্ৰতো একেই পদ্ধতি প্ৰয়োগ কৰিব। ৰেডিঅ’ কলাৰ যিহেতু জি পি এছ সংযুক্ত সেয়ে হাতীটো জনাঞ্চলত প্ৰৱেশ কৰিলে স্বয়ংক্ৰিয়ভাৱে সংকেট লাভ কৰিব য’ত বন বিভাগৰ কৰ্মচাৰীয়ে নিয়ন্ত্ৰণৰ সুযোগ লাভ কৰিব। এই পদ্ধতিৰে হাতীৰ উপদ্ৰৱ প্ৰতিৰোধ গঢ়ি তুলিব পাৰিব বুলি বন বিভাগে আশা প্ৰকাশ কৰে।

পৰীক্ষামূলকভাৱে এই পদ্ধতি প্ৰথমে নগাঁও জিলাত আৰম্ভ কৰিব। এই সন্দৰ্ভত ইতিমধ্যে জিলাখনৰ শীৰ্ষ বন বিষয়াসকলৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। নগাঁও বন সংমণ্ডলে ৰাজ্যৰ বন্যপ্ৰাণী ৱাৰ্ডেনক (বন্যপ্ৰাণী বিভাগৰ মুখ্য বন সংৰক্ষক) এই বৈঠকৰ কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰিছে আৰু উক্ত বিষয়াগৰাকীয়ে এই কাৰ্যত সন্মতি প্ৰকাশ কৰা বুলিও বাতৰিত প্ৰকাশ পাইছে।

বন বিভাগৰ এই কৌশলে হাতী উপদ্ৰৱ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কিমান দূৰ সফলতা লাভ কৰে সেয়া সময়েহে ক’ব। ৰাইজে অধীৰ আশাৰে বাটচাই আছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward