Thursday, April 25, 2024
Homeবাতৰিনেপালত ভাৰতীয় নোট প্ৰচলত বাধা আৰোপ

নেপালত ভাৰতীয় নোট প্ৰচলত বাধা আৰোপ

প্ৰকাশিত তাৰিখঃ ১৭ ডিচেম্বৰ, ২০১৮

চি এন ডেক্স

নেপালৰ বজাৰত ভাৰতীয় নোটৰ পোনপটিয়া প্ৰচলন আছিল। কিন্তু এতিয়াৰ পৰা নেপালত ভাৰতীয় নোটৰ বহুল প্ৰচলন বন্ধৰ নিৰ্দেশ জাৰি কৰিছে দেশখনৰ চৰকাৰে।

এতিয়াৰ পৰা নেপালত ভাৰতীয় ১০০ টকীয়া নোটৰ বাহিৰে ২০০, ৫০০ আৰু ২০০০ টকীয়া নোটৰ ব্যৱহাৰ কৰিব নোৱাৰিব। নেপালত এই ধৰণৰ নোটৰ প্ৰচলন বৈধ নহয় বুলি দেশখনৰ জনসংযোগ মন্ত্ৰী গোকুল প্ৰসাদ বাচক’টাই সংবাদ মাধ্যমত উল্লেখ কৰে। 

ভাৰত হ’ল নেপালৰ সৰ্ববৃহৎ বাণিজ্য সহযোগী ৰাষ্ট্ৰ। ভাৰতে সৰ্বাধিক নিত্য ব্যৱহাৰ্য সামগ্ৰী নেপাললৈ প্ৰেৰণ কৰে। তেনেক্ষেত্ৰত নেপাল চৰকাৰৰ এই নিৰ্দেশনাই কৰ্ম সূত্ৰে ৰাষ্ট্ৰখনৰ পৰা ভাৰতলৈ অহা আৰু ভাৰতৰ পৰা নেপাললৈ যোৱা নাগৰিক তথা পৰ্যটক সকলৰ ক্ষেত্ৰত বহুখিনি অসুবিধাৰ সৃষ্টি কৰিব বুলি বিজ্ঞ মহলে আশংকা প্ৰকাশ কৰিছে। ভাৰতত কৰ্মৰত নেপালী নাগৰিকে ইলেকট্ৰনিক্স মাধ্যমৰ জৰিয়তে টকা–পইচাৰ লেনদেন কৰাটো বাধ্যতামূলক কৰিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward