Thursday, March 28, 2024
Homeবাতৰিৰাজ্যত কৃষক আৰু চাহ শ্ৰমিক উন্নয়নত গুৰত্বঃ অভিলাষী আঁচনি গ্ৰহণ ৰাজ্য চৰকাৰৰ

ৰাজ্যত কৃষক আৰু চাহ শ্ৰমিক উন্নয়নত গুৰত্বঃ অভিলাষী আঁচনি গ্ৰহণ ৰাজ্য চৰকাৰৰ

প্ৰকাশিত তাৰিখঃ ২৪ ডিচেম্বৰ, ২০১৮  

চি এন ডেক্স

কৃষক সমাজৰ উন্নয়নত গুৰুত্ব আৰোপ কৰি বহুকেইখন আঁচনি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৰাজ্য চৰকাৰে। চৰকাৰে এইবাৰ কৃষকক উৎসাহিত কৰাই নহয় চাহ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে চলি থকা ‘ধন পুৰস্কাৰ আঁচনি’ৰ অধীনত আৰ্থিক সাহাৰ্য প্ৰদানৰ পদক্ষেপ লৈছে। ১০৫০ কোটি ব্যয় সাপেক্ষ কৃষকৰ উন্নয়ন মূলক ঋণ ৰেহাই আঁচনি আৰু ১৮২কোটি ব্যয় সাপেক্ষ চাহ শ্ৰমিকক আৰ্থিক সাহাৰ্য প্ৰদানৰ নামত দিবলগীয়া সমস্ত ধন ইতিমধ্যে ১৭ ডিচেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে।

ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহত ১৪০জন কৃষকে প্ৰাণ আহুতি দিছিল। সেই বিদ্ৰোহৰ অহা ২৮ জানুৱাৰীত ১২৫টা বৰ্ষ পূৰ্ণ হ’ব। বিদ্ৰোহত প্ৰাণাহুতি দিয়া কৃষকসকলৰ প্ৰতি সন্মান জনাই কৃষক–শ্ৰমিকক উদ্দেশ্যি প্ৰৱৰ্তন কৰা আঁচনিসমূহ ২০১৯ বৰ্ষৰ জানুৱাৰীৰ পৰা ৰূপায়ন কৰা হ’ব। ৰাজ্যখনত থকা ২৬ হাজাৰ গাঁৱৰ ২৭ লাখ কৃষক পৰিয়ালৰ কৃষি উন্নয়নৰ নামত কৃষি ঋণ ৰাজসাহাৰ্য আঁচনি প্ৰৱৰ্তন কৰা হৈছে। অৱশ্যে এই আঁচনি কেইখন এটা বৰ্ষৰ বাবেহে প্ৰযোজ্য হৈ থাকিব। এইবুলি ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যোৱা ১৯ ডিচেম্বৰত দিছপুৰত অনুষ্ঠিত এক সংবাদমেলত উল্লেখ কৰে।

কৃষকৰ নামত ব্যয় কৰিবলগীয়া ৫০০ কোটি টকীয়া এই আঁচনিৰ অধীনত এজন কৃষকে সৰ্বোচ্ছ ২৫ হেজাৰ টকা পৰ্যন্ত লাভ কৰিব। ২০১৮ চনৰ ১ এপ্ৰিলৰ পৰা ২০১৯ চনৰ ৩১ মাৰ্চৰ ভিতৰত ঋণ লোৱা কৃষক এজনে ঋণৰ ৭৫ শতাংশ ধন জমা দিলেই ৰাজ্য চৰকাৰে বাকী ২৫ শতাংশ ধন বেংকক জমা দিব। ইতিমধ্যে যিসকল কৃষকে ঋণৰ ধন সম্পূৰ্ণৰূপে ওভোতাই দিছে তেওঁলোকৰ একাউণ্টত ২৫ শতাংশ ধন ৰাজ্য চৰকাৰে জমা কৰি দিব।    

বৰ্তমান কৃষি ঋণৰ সুদৰ হাৰ ৭ শতাংশ। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৩ শতাংশ আৰু ৰাজ্য চৰকাৰে ৪ শতাংশ সুদ বহন কৰিব। ২০০ কোটি টকা ব্যয় সাপেক্ষ সুদ সকাহ আঁচনিৰ অধীনত এতিয়াৰ পৰা ৰাজ্যৰ কৃষক সমাজে কৃষি ঋণ গ্ৰহণৰ বাবদ সুদ দিব নালাগে।

কে চি চিৰ জৰিয়তে ৰাজ্যৰ ১৯ লাখ কৃষকে কৃষি ঋণ লৈছে যদিও এই পৰ্যন্ত ৩লাখ কৃষকে ঋণ পৰিশোধ কৰিব পৰা নাই। তাৰ ফলত সেইসকল কৃষকে পুনৰ ঋণ গ্ৰহনৰ বাবে বেংকত যাব পৰা নাই।

ৰাজ্য চৰকাৰে ৩০০ কোটি টকীয়া ব্যয় সাপেক্ষ কৃষকৰ উদগণিমূলক আঁচনি প্ৰৱৰ্তনৰ ফলত ঋণ পৰিশোধ কৰিব নোৱাৰা কৃষক এজনে ১০ হাজাৰ টকা লাভ কৰিব। যি ধনেৰে বন্ধ হৈ থকা ঋণ পৰিশোধ কৰিব পাৰিব। আনহাতে ৫লাখ কৃষকক ৫হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ পদক্ষেপো গ্ৰহণ কৰিছে।

বিমুদ্ৰাকৰণৰ কালছোৱাত ‘চাহ বাগিচা ধন পুৰস্কাৰ মেলা’ আঁচনি গ্ৰহণেৰে বাগিচাৰ শ্ৰমিকক বেংক একাউণ্ট খুলিবলৈ উৎসাহ যোগোৱা হৈছিল। এই আঁচনিত উৎসাহিত হৈ সমগ্ৰ ৰাজ্যখনৰ ৭৫২খন চাহ বাগিচাত ৭, ২১,৪৮৫ জন চাহ শ্ৰমিকে বেংক একাউণ্ট খুলিছিল। প্ৰতিটো একাউণ্টত ২,৫০০ টকাকৈ জমা কৰি দিয়াৰ পিচত ৰাজ্য চৰকাৰৰ ব্যয় হৈছে ১৮২ কোটি টকা।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward