Saturday, April 20, 2024
HomeNEWSবিশেষভাৱে সক্ষম লোকৰ বাবে ৰাজ্যিক ভিত্তিক প্ৰদৰ্শনী

বিশেষভাৱে সক্ষম লোকৰ বাবে ৰাজ্যিক ভিত্তিক প্ৰদৰ্শনী

প্ৰকাশিত তাৰিখঃ ১ ফেব্ৰুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

মিৰ্জাত দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হৈছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ৰাজ্যিক ভিত্তিক  এক প্ৰদৰ্শনীৰ। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু অসম চেণ্টাৰ ফ’ৰ ৰুৰেল ডেভেল’পমেণ্ট’ৰ সহযোগত অনুষ্ঠিত এই প্ৰদৰ্শনী।

এই প্ৰদৰ্শনীত বিশেষভাৱে সক্ষম লোকসকলে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, সামগ্ৰী বিক্ৰীৰ বাবে ৰাজ্যখনৰ কামৰূপ আৰু কামৰূপ মহানগৰ, গোৱালপাৰা, নলবাৰী, বঙাইগাঁও আৰু বাক্সা জিলাৰ বিশেষভাৱে সক্ষম লোক সকলে এই প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰিছে।

আজিৰ প্ৰদৰ্শনী মুকলি অনুষ্ঠানত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি পাঠক, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক এডৱাৰ্ড ষ্টেডী এন চাংমাই বিশেষ অতিথিৰূপে অংশ গ্ৰহণ কৰে। আনহাতে, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব পিপি চাংকাকতি, অসম ৰাজ্যিক শিশু অধিকাৰ আয়োগৰ অধ্যক্ষ ড সুনীতা চাংকাকতি লগতে সহযোগী সংস্থাটোৰ প্ৰাক্তন সভাপতি বলীন বৰদলৈ, সভাপতি নৱজ্যোতি শৰ্মা আৰু কাৰ্যবাহী সঞ্চালক প্ৰেৰণা চাংকাকতিয়ে অংশ গ্ৰহণ কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward