Friday, April 26, 2024
Homeবাতৰিৰাষ্ট্ৰীয় ঐতিহ্য গাঁওৰ স্বীকৃতিৰ দাবী কৰিলে নাগালেণ্ডৰ ৰুঝাঝ গাঁওখনে

ৰাষ্ট্ৰীয় ঐতিহ্য গাঁওৰ স্বীকৃতিৰ দাবী কৰিলে নাগালেণ্ডৰ ৰুঝাঝ গাঁওখনে

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

নাগালেণ্ডৰ ফেক জিলাৰ অন্তৰ্গত এখন গাঁওৰ নাম ৰুঝাঝ। এই গাঁওখনে এতিয়া ৰাষ্ট্ৰীয় স্বীকৃতিৰ দাবী কৰিছে। ভাৰত স্বাধীনতাৰ আগৰ কথা সেয়া আছিল ১৯৪৪ চন। ভাৰতক বৃটিছৰ পৰা মুক্ত কৰিবলৈ স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসু জাতীয় বাহিনী লগত লৈ বাৰ্মাৰ পৰা আহি এই গাঁওখনত প্ৰৱেশ কৰিছিল। নাগালেণ্ডৰ পৰা বৃটিছৰ দখলদাৰী সৈন্যক খেদি পঠিয়াবলৈ ৰুঝাঝ গাঁওখনৰ বাসিন্দাসকলে আগৰে পৰা সুযোগৰ অপেক্ষাত আছিল। সেই সুযোগ কাৰ্যত পৰিণত কৰাৰ বাবে গাঁওবাসীয়ে নেতাজীৰ এই বিশাল বাহিনীক আশ্ৰয় প্ৰদান কৰিছিল।

নেতাজী সুভাষ চন্দ্ৰ বসুই এসপ্তাহকাল কটাইছিল এই ৰুঝাঝ গাঁওখনত। নেতাজীৰ বাহিনীয়ে বীৰত্বৰে বৃটিছ বাহিনীৰ বিৰুদ্ধে যুঁজি দেশ প্ৰেমৰ পৰিচয় দিছিল। স্বাধীনতাৰ বহু বছৰ পিচত হ’লেও এই গাঁওখনে দাবী কৰিছে ৰাষ্ট্ৰীয় ঐতিহ্য স্বীকৃতিৰ।

আজি কিছুদিন আগতে ৰাষ্ট্ৰীয় ঐতিহ্য স্বীকৃতি সন্দৰ্ভত পছুৱে শ্ব’ নামৰ প্ৰায় ৯৭ বছৰীয়া স্বাধীনতা সংগ্ৰামী এজনে নাগালেণ্ডৰ ৰাজ্যপাল আচাৰ্যক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ৰাজ্যপালে স্বাধীনতা সংগ্ৰামীগৰাকীক এনেদৰে কয়– গাঁওখনৰ উন্নয়নৰ ধন পাঁচ বছৰৰ আগতে মুকলি কৰি দিয়া হৈছে। গাঁওবাসীয়ে কৰা ৰাষ্ট্ৰীয় ঐতিহ্য স্বীকৃতিৰ দাবী সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভেড়কাৰক অনুৰোধ জনাব।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward