প্ৰকাশিত তাৰিখঃ ১ জানুৱাৰী, ২০২৪
কল্প ৰঞ্জন গগৈ –
১৯০৩ চনৰ ১৭ জুনৰ দিনা ডিব্ৰুগড়ৰৰ মদাৰখাট মৌজাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল এটা শিশু, যি পিছত সমগ্ৰ অসমতে পোহৰ বিলালে। আগৰৱালা জ্যোতিপ্ৰসাদৰ জন্ম হ’ল। আজি ২০২৩ চন। সেই শিশু আজি ১২০ বছৰীয়া। সাংস্কৃতিক বিপ্লৱৰ জৰিয়তে সমাজ পোহৰাই তোলাৰ আহ্বান দিয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আজিৰ পৰিস্থিতিত বেছি প্ৰাসংগিক। আজিৰ সাম্ৰাজ্যবাদী যুগত দুস্কৃতিৰ বিৰুদ্ধে যুদ্ধ বেছি তীব্ৰ হ’ব লাগিব। কাৰণ আধুনিক সমাজ বিজ্ঞানৰ মতে ইয়াৰ পিছৰ উন্নত সমাজ হৈছে সমাজবাদ। পৃথিৱীৰ পূৰ্ণ গণতন্ত্ৰ সাম্যবাদলৈ গতি কৰাৰ পথত এটা ষ্টেচন, আস্থান। সেয়ে সমগ্ৰ বিশ্বত আজি পুঁজিবাদী, সাম্ৰজ্যবাদী যুগৰ আৱৰ্জ্জনাৰ বিৰুদ্ধে জাতীয় সংস্কৃতি গঢ়াৰ প্ৰচেষ্টা। জ্যোতিপ্ৰসাদৰ জন্মদিনৰ পৰা আৰম্ভ কৰি এক দীৰ্ঘম্যাদী আৰু দীৰ্ঘস্থায়ী প্ৰচেষ্টাৰে দুস্কৃতিৰ বিৰুদ্ধে যুঁজ চলিব লাগিব। শিল্পীৰ পৃথিৱী গঢ়িবলৈ আমি জ্যোতিশংখ বজাব লাগিব।
কুৰি শতিকাত বিশ্বই প্ৰৱেশ কৰিছিল সাম্ৰাজ্যবাদী যুগত। ১৯১৩ চনৰ পৰা ১৯৪৫ চনলৈ এৰা–ধৰাকৈ দুখন বিশ্ব যুদ্ধ। তাৰ পিছত ৰাষ্ট্ৰসংঘ– ১৯৪৫ চন। যুদ্ধ নকৰো বুলি প্ৰতিজ্ঞা। কিন্তু ৰুছ বিপ্লৱৰ মহান কাৰিকৰ লেনিনে কৃষক–শ্ৰমিকৰ নেতৃত্বত নতুন ৰুছ দেশৰ বুনিয়াদ গঢ়িলে– ১৯১৭ চনত আৰু সমগ্ৰ বিশ্বলৈ শক্তিৰ বাণী বিয়পাই দিলে (Decree for Peace 1917)। কাম নহ’ল। বিশ্বযুদ্ধ হ’ল ১৯৩৯–১৯৪৫ চনলৈ।
এইবাৰ ভাৰতৰ বিপ্লৱৰ কাৰিকৰ মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪৭ চনত ভাৰত স্বাধীন আৰু চীন বিপ্লৱৰ কাৰিকৰ মাও চে তুঙৰ নেতৃত্বত নতুন চীন। লেনিনৰ মতে গান্ধী এজন মহান নেতা Lenin looked upon Gandhi as the inspirer and leader of a mass movement। একেদৰে লেনিন নিজেই যুদ্ধকালীন আৰু বিভ্ৰান্ত (Confused) পৃথিৱীৰ মুক্তি যুদ্ধৰ inspirer and leader। বিশ্বৰ যুৱ শক্তিৰ পোহৰ বিচৰাসকলৰ পথ প্ৰদৰ্শক। ভাৰতবৰ্ষৰ লগতে চীন বিপ্লৱৰ দিক্দৰ্শক।
সেয়ে আমাৰ মুক্তিযোদ্ধাসকল আছিল আত্মবিশ্বাসত অচল–অটল আৰু গুৰুবাদৰ ঠাইত বিচাৰ বুদ্ধিক বেছি মূল্য দিছিল। অসমতা ভৰা পৃথিৱীত সমতা প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰোঁতে শাস্ত্ৰবচনৰ ঠাইত স্থাপন কৰিছিল বিজ্ঞান। ভাৰতবৰ্ষত ইন্দিৰা গান্ধীৰ যুগৰ পিছত মুক্তি সংগ্ৰামত অংশ লোৱা আৰু তাৰ জুইৰ মাজেদি যোৱাসকলৰ যুগ শেষ হ’ল। জ্যোতি–বিষ্ঞু–ভূপেনৰ পিছত গান শেষ হ’ল। আকৌ আৰম্ভ হ’ল বিভ্ৰান্তি। এই স্থিতাৱস্থাৰ বিৰুদ্ধে নতুন সংগ্ৰাম। সংগ্ৰামবোৰ ভুল দৰ্শনৰ বাবে থৰক–বৰক। আনফালে পতনশীল পুঁজিবাদী–সাম্ৰাজ্যবাদী দৰ্শনৰ পয়োভৰ– সংস্কৃতিৰ মুখা পিন্ধি দুস্কৃতিৰ আগ্ৰাসন, আক্ৰমণ। সেয়ে জনগণ বিক্ষুব্ধ আৰু হতাশাগ্ৰস্ত। চৌদিশে হত্যা–আত্মহত্যাৰ চক্ৰবেহু। যুৱশক্তি বিভ্ৰান্ত। তেনে এটা সময়ত সমূহ ৰাইজে বিশেষকৈ নিম্ন বৰ্গৰ হালোৱা বনুৱাসকলে সমাজৰ লাইখুঁটা পুতিব লাগিব বুনিয়াদ–বৰভেটি, গঢ়িব লাগিব জ্যোতিপ্ৰসাদৰ দৰ্শনেৰে।
ইয়াৰ বাবে লাগিব নতুন সাহিত্য–সংস্কৃতি। এই সংস্কৃতি প্ৰকৃততে জীৱন জীৱিকাৰ প্ৰয়াস, নিবনুৱা সমস্যাৰ উৎস আৰু ইয়াৰ সমাধানৰ উপায় উলিওৱাৰ প্ৰচেষ্টা। এইখনেই হ’ব ৰূপকোঁৱৰ নিৰ্দেশত সাংস্কৃতিক যুদ্ধ।
কাৰ্লমাৰ্ক্সে কৈছিল শ্ৰমজীৱিৰ ৰাষ্ট্ৰ। বাট্ৰাণ্ড ৰাছেলে কৈছিল বিশ্বৰ চৰকাৰ। ১৯৪৫ চনত ৰাষ্ট্ৰসংঘই ক’লে তেওঁলোকৰ মানৱ অধিকাৰৰ চনদত Universal Declaration of Human Rights– Everyone has the right to a standard of living adequate for the health and well being of himself and his family including food, clothing, housing and medical care and necessary social services and the right to security in the event of unemployment, sickness, disability, widowhood, old age on other lack of livelihood in circumstances beyond his control।
পৃথিৱীৰ সকলো মানুহৰ অধিকাৰক পূৰ্ণতা দিবলৈ মান্যতা দিবলৈ দেশৰ জনগণে ঐক্যৱদ্ধ প্ৰচেষ্টা ল’ব লাগিব।
১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহত্যাগ কৰা জ্যোতিয়ে বিশ্বযুদ্ধৰ লগতে ৰাষ্ট্ৰসংঘ পাই গৈছে, দেশৰ স্বাধীনতাও দেখি গৈছে, গণৰাজ্যৰ বিষয়েও গম পাই গৈছে। আজি বিশ্বৰ বিচ্যুতিৰ লগতে আমাৰ জাতীয় অসম্পূৰ্ণতাৰ বিষয়ে বুজিবলৈ জ্যোতিপ্ৰসাদ অধ্যয়ন জৰুৰী। কাৰণ জ্যোতিয়ে এমুঠি মানুহৰ আনন্দক প্ৰকৃত পোহৰ, শিল্পীৰ পৃথিৱী বা গণতন্ত্ৰ–গণৰাজ্য বুলি কৈ যোৱা নাই। তেওঁ স্পষ্ট ভাষাৰে কৈ গৈছে যে দুস্কৃতি অপসংস্কৃতিৰ মাতৃ হৈছে ধনতন্ত্ৰ আৰু সাম্ৰাজ্যবাদ।
একে সময়তে আজিৰ দিনৰ প্ৰকৃত ডেকা হ’বলৈ কি কৰিব লাগিব তাকো কৈ গৈছে। গান্ধীজীৰ অন্ধ ভক্তও তেওঁ নাছিল। গান্ধীজীয়ে বিৰোধিতা কৰা বিজ্ঞান আছিল তেওঁৰ মতে জনতাৰ ‘অন্যতম মুক্তিমন্ত্ৰ’। প্ৰকৃতিৰ অন্ধ দাসত্বৰ পৰা মানুহক মুক্ত কৰাৰ উপায়। বৰ্তমানে সাম্ৰাজ্যবাদৰ শিকলিয়ে বান্ধি ৰখা বিজ্ঞানকো মুক্ত কৰিবলৈ লাগিব সাংস্কৃতিক যুদ্ধ।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News