Saturday, April 20, 2024
Homeবাতৰিঅটল অমৃত অভিযানৰ অধীনত হিতাধিকাৰীলৈ চেক বিতৰণ

অটল অমৃত অভিযানৰ অধীনত হিতাধিকাৰীলৈ চেক বিতৰণ

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

মহানগৰীৰ পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এক ৰাজহুৱা সভাৰ আয়োজন কৰে। ২৫ মাৰ্চত অনুষ্ঠিত হৈ যোৱা এই ৰাজহুৱা সভাখনত চৰকাৰৰ ফালৰ পৰা অটল অমৃত অভিযানৰ অধীনত ৩২৩৬ গৰাকী বিভিন্ন ৰোগীক চেক প্ৰদান কৰে।

উল্লেখ্য যে, অটল অমৃত অভিযানৰ অধীনত কেঞ্চাৰ, বৃক্ক, হৃদযন্ত্ৰ, স্নায়ু, জুঁইয়ে পোৰা, সৰু ল’ৰা–ছোৱালীৰ যিকোনো জটিল ৰোগ অপাৰেচনৰ ক্ষেত্ৰত এই আঁচনিখনৰ অধীনত ধনৰ যোগান ধৰা হয়। আচঁনিখনৰ জৰিয়তে ৰোগীজন আৰু পৰিয়ালৰ সদস্যই ভাৰতৰ বিভিন্ন ঠাইত চিকিৎসা প্ৰদানৰ সুবিধা লাভ কৰে।

এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে যে– ভাৰতৰ ভিতৰত অসমেহে একমাত্ৰ এনে আঁচনিৰ সুবিধা লাভ কৰিছে। ২ আৰু ৩ এপ্ৰিলৰ পৰা স্মাৰ্ট কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব উক্ত দিনৰ সভাতে ঘোষণা কৰে। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ পৰা প্ৰ–পত্ৰ আহৰণ কৰি এই আঁচনিৰ সু–ফল সকলোৱে লাভ কৰিব পাৰিব বুলিও কয়। সেয়ে অসমৰ প্ৰতিখন জিলাৰ পৰা অহা ৰোগীসকলে যোজনাত অন্তৰ্ভূক্তিৰ বাবে আগ্ৰহী হৈ পৰে।

অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উপস্থিত থাকে আৰু অটল অমৃত অভিযানৰ সফল ৰূপায়নৰ বাবে সহযোগিতা কামনা কৰি ৰাইজলৈ আকুল আহ্বান জনায়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward