Saturday, April 20, 2024
Homeপ্ৰবন্ধসোণতলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ–প্ৰসূতি বিশেষজ্ঞ অবিহনেই য’ত দিনে গড়ে ১০টাকৈ সন্তান...

সোণতলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ–প্ৰসূতি বিশেষজ্ঞ অবিহনেই য’ত দিনে গড়ে ১০টাকৈ সন্তান প্ৰসৱ হয়

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

 

কিশোৰ তালুকদাৰ –

প্ৰায় ১.৭৫ লোকক চিকিৎসা সাহায্য আগবঢ়াই অহা, আৰু ১৯৭৪ চনতেই সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদে উন্মোচন কৰা সোণতলী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিত দিনে গড়ে ১০গৰাকী মাতৃয়ে সন্তান প্ৰসৱ কৰে। কিন্তু, এই স্বাস্থ্যকেন্দ্ৰটিত এগৰাকীও প্ৰসূতি বিশেষজ্ঞ নাই। মাথোন প্ৰসূতি বিশেষজ্ঞৰ অভাৱেই নহয়– আন চৰকাৰী সা–সুবিধাৰপৰাও এই স্বাস্থ্যকেন্দ্ৰটি বঞ্চিত হৈ আহিছে।

গুৱাহাটীৰপৰা ৮০ কিলোমিটাৰ দূৰৈত কামৰূপ জিলাৰ সোণতলী চৰ এলেকাৰ এই চিকিৎসালয়খনি ব্ৰহ্মপুত্ৰৰ বুকুত থকা কেইবাটাও চৰত বাস কৰি অহা চৰবাসীৰ চিকিৎসা লাভৰ একমাত্ৰ ঠাই। চৰৰ এই লোকসকলে জৰুৰী সময়ত মেচিন লগোৱা নাৱেৰে বেমাৰী লোকক পাৰলৈ আনি পাৰৰপৰা তিনি কিলোমিটাৰ দূৰৈত থকা এইখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়। এই লোকসকলৰ প্ৰয়োজন পূৰণ কৰিবলৈ এম্বুলেন্স সেৱাৰ অত্যন্ত প্ৰয়োজন। কিন্তু যোৱা ৩ বছৰ ধৰি চিকিৎসালয়খনত এখন এম্বুলেন্স পৰ্যন্ত নাই। ২০০৭ চনত চিকিৎসালয়খনিৰ বাবে এখন টাটা চুম’ এম্বুলেন্সৰ যোগান ধৰা হৈছিল আৰু সেইখনে গ্ৰামাঞ্চলৰ এই লোকসকলৰ জৰুৰী সেৱা পূৰণ কৰাত বহু পৰিমাণে সহায়ক হৈছিল। কিন্তু প্ৰায় ৪ লাখ কিলোমিটাৰ চলাৰ পিছত একমাত্ৰ এম্বুলেন্সখন যোৱা ২০১৫ চনত বিকল হৈ পৰে। ইয়াৰ কোনো মেৰামতি ন’হল আৰু নতুন এখন এম্বুলেন্স আজিলৈকে স্বাস্থ্য বিভাগে যোগান ধৰিব পৰা নাই। ফলত ৰোগীৰ মাজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

সোণতলী চৰৰ এই স্বাস্থ্যকেন্দ্ৰটি পূব গোৱালপাৰা জিলাৰ কিছু এলেকাৰ লগতে বৰপেটা জিলাৰ দক্ষিণ অংশৰ কিছু এলেকা আৰু নলবাৰী তথা কামৰূপ জিলাৰ কেইবাটাও চৰ এলেকাৰ ৰোগীসকলৰ বাবে একমাত্ৰ ভাৰসা। এই বৃহৎ এলেকাটিৰ গৰ্ভৱতী মাতৃসকলৰ উপৰিও আন ৰোগীসকলেও ইয়াৰপৰাই চিকিৎসা গ্ৰহণ কৰে। স্বাস্থ্যকেন্দ্ৰটিৰ বহুৰ্বিভাগত দৈনিক গড়ে ১০০ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে। কিন্তু নিয়োজিত কৰ্মীৰ সংখ্যা ইমানেই সীমিত যে, বাবে এই বৃহৎ সংখ্যক লোকক চিকিৎসা প্ৰদান কৰাটো তেঁওলোকৰ বাবে এক কষ্টসাধ্য কাম।

স্বাস্থ্যকেন্দ্ৰটিৰ স্বাস্থ্যবিষয়া ৰবিউল হুছেইনে জনোৱা মতে, অঞ্চলটোত সততে বিজুঁলী ব্যাহত হৈ পৰাৰ বাবে উচ্চ শক্তিসম্পন্ন এটা জেনেৰেটৰৰ অতীৱ প্ৰয়োজন যদিও বৰ্তমানে থকা জেনেৰেটৰটো অতি নিম্নশক্তিসম্পন্ন। সেইদৰে, সততে সন্তান প্ৰসৱৰ বাবে আহি ভিৰ কৰা প্ৰসূতি মাতৃসকলৰ বাবে এটা নীৰিক্ষণ কোঠা আছে যদিও উক্ত কোঠাটোতে নাৰ্চসকল থকাৰ ব্যৱস্থা কৰিবলগীয়া হোৱাত নিৰীক্ষণ কোঠা এটাও বৰ্তমানে নাই বুলি তেখেতে জনায়। স্বাস্থ্যকেন্দ্ৰটিত বৰ্তমানে ৪ জন চিকিৎসক আছে।

“এই বুজন সংখ্যক ৰোগীৰ উপযুক্তভাৱে চিকিৎসা প্ৰদান কৰিবলৈ অনন্তঃ ১০০ খন বিচনাযুক্ত এখন চিকিৎসালয়ৰ প্ৰয়োজন যদিও বৰ্তমানে ইয়াত ছখন বিচনাহে প্ৰদান কৰ হৈছে’’– বুলি আজাদ ওছমান গণি নামৰ আজাদ শিক্ষা ন্যাসৰ অধ্যক্ষ তথা স্থানীয় সমাজকৰ্মী গৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি স্বাস্থ্যকেন্দ্ৰটিত ভিৰ কৰা ৰোগীৰ সেৱা আগবঢ়াবলৈ অন্ততঃ ১০গৰাকী জি এন এম নাৰ্চৰ প্ৰয়োজন যদিও বৰ্তমান তাত ৩ গৰাকী নাৰ্চ আৰু এগৰাকী লেবৰেটৰী টেকনিচিয়ানহে আছে।

‘ৰোগীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত আন দুগৰাকী ফাৰ্মাচিষ্টৰো প্ৰয়োজন। তদুপৰি আল্ট্ৰা চাউণ্ড ব্যৱস্থা নথকাৰ বাবে তেনেসেৱাৰ বাবে ৰোগীয়ে সততে গুৱাহাটীলৈ ঢাপলি মেলিবলগীয়া হয়।’– বুলিও তেঁও কয়। বুজন সংখ্যক প্ৰসূতি নাৰীয়ে ইয়াত সন্তান জন্ম দিয়ালৈ লক্ষ্য ৰাখি এজন শিশুৰোগ বিশেষজ্ঞৰো প্ৰয়োজন যদিও স্বাস্থ্যকেন্দ্ৰটিত শিশুৰোগ বিশেষজ্ঞ এজনো নাই।

১৯৭৪ চনত ৰাজ্যিক ডিচপেনচেৰী হিচাপে স্থাপন কৰা এই অনুষ্ঠানটি বিভিন্ন সময়ত নানা উত্থান–পতনৰো সাক্ষী হৈ আহিছে। ১৯৮৪ চনত ইয়াক ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ উন্নত কৰা হয়। কিন্তু, ইয়াক পৰৱৰ্তী সময়ত ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ অৱনমিত কৰা হয়।

কিন্তু ৰোগীৰ অত্যধিক ভিৰৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় জনসাধাৰণে স্বাস্থ্যকেন্দ্ৰটিৰ উন্নীতকৰণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছিল যাৰ পৰিণতিত বিগত কংগ্ৰেছ চৰকাৰৰ দিনত ইয়াক সমূহীয়া স্বাস্থ্যকেন্দ্ৰ বুলি ঘোষণা কৰা হয়। এই অনুসৰি স্বাস্থ্যকেন্দ্ৰটিৰ গৃহ–নিৰ্মাণৰ কাম-কাজ আৰম্ভ হৈছে যদিও ইয়াৰ পৰিকাঠামো এতিয়াও উন্নত হোৱা নাই।

 

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward